• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উঃ কোৰিয়াত তীব্ৰ খাদ্য সংকট! : দেশবাসীৰ পোহনীয়া কুকুৰ ৰাষ্ট্ৰৰ হাতত গতাবলৈ নিৰ্দেশ ৰাষ্ট্ৰপতি কিম উনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2020 3:27 pm
KIM_WEB
749
VIEWS
Share on FacebookShare on Twitter

তীব্ৰ খাদ্য সংকটত ভুগিছে ৰহস্যময়ী দেশ উত্তৰ কোৰিয়া!

ক’ৰ’না কালত উৎপাদন ঘাটি হোৱা আৰু আন্তৰ্জাতিক নিষেধাজ্ঞাৰ ফলত একনায়ক কিম জং উনৰ দেশ উত্তৰ কোৰিয়াত তীব্ৰ খাদ্য সংকটে দেখা দিছে।

নিউজিলেণ্ড হেৰাল্ডৰ বাতৰি অনুসৰি দেশখনৰ পৰিস্থিতি পূৰ্বেও বৰ সন্তোষজনক নাছিল আৰু এতিয়া সেই সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

ইফালে দেশখনত কুকুৰা আৰু গাহৰিৰ উৎপাদন অস্বাভাৱিকভাৱে কমি যোৱাত হোটেল-ৰেষ্টোৰােণ্টবোৰতো মাংসৰ অভাৱে দেখা দিছে।

ইয়াৰ অভাৱ পূৰণ কৰিবলৈ দেশখনৰ শাসক উনে এক অদ্ভূত নিৰ্দেশ জাৰি কৰা বুলি দাবী কৰিছে উল্লিখিত সংবাদ পত্ৰখনে।

নিউজিলেণ্ড হেৰাল্ডৰ মতে দেশখনৰ ৰাষ্ট্ৰপতি কিম জং উনে দেশবাসীয়ে ঘৰত পোহা কুকুৰবোৰ ৰাষ্ট্ৰক অৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।

জানিব পৰা মতে দেশবাসীৰ পোহনীয়া কুকুৰবোৰেৰে হোটেল-ৰেস্তোৰাৰ মাংসৰ অভাৱ দূৰ কৰা হ’ব।

আনহাতে ৰাজনৈতিক আৰু কূটনৈতিক বিশ্লেষকৰ মতে দেশবাসীৰ কুকুৰবোৰ ৰাষ্ট্ৰক গতাই দিবলৈ নিৰ্দেশ দিয়াৰ অন্তৰালত ৰাষ্ট্ৰপতি কিমৰ অন্য এক কাৰণো আছে।

উত্তৰ কোৰিয়াৰ প্ৰচলিত ধাৰণাৰ মতে ধনী মানুহহেহে কুকুৰ পোহে আৰু দুখীয়া মানুহে গৰু, ছাগলী, কুকুৰা, গাহৰি আদি পালন কৰে। দুখীয়া মানুহৰ মন জয় কৰাৰ স্বাৰ্থতে ৰাষ্ট্ৰপতি কিমে এই নিৰ্দেশ জাৰি কৰা বুলি ধাৰণা কৰিছে বিশ্লেষকসকলে।

উল্লেখ্য যে, উত্তৰ কোৰিয়াৰ প্ৰায় ৮০ শতাংশ মানুহেই দৰিদ্ৰ। ৰাষ্ট্ৰপতি কিমে এই নিৰ্দেশেৰে দৰিদ্ৰ জনগণৰ ক্ষোভ প্ৰশমিত কৰাৰ কৌশলো গ্ৰহণ কৰিব পাৰে!

ইফালে ৰাষ্ট্ৰসংঘই শেহতীয়া এক প্ৰতিবেদনত উল্লেখ কৰিছে যে উত্তৰ কোৰিয়াৰ ২ কোটি ৫৫ লাখ মানুহৰ ভিতৰত প্ৰায় ৬০ শতাংশই পেট ভৰাই খাদ্য খাবলৈ নেপায়।

অন্যহাতে কিমে আণৱিক অস্ত্ৰ নিৰ্মাণ তথা পৰীক্ষণ কৰাৰ বাবে উত্তৰ কোৰিয়াই আন্তৰ্জাতিক নিষেধাজ্ঞাৰ সন্মুখীন হৈ আহিছে। অতিপাত বৃষ্টি আৰু বানপানীৰ ফলত দেশখনৰ শস্য ক্ষেত্ৰও নষ্ট হৈছে।

এনে বিভিন্ন কাৰকৰ ফলত দেশখনত খাদ্য সংকটে দেখা দিয়া বুলি বাতৰি প্ৰকাশ কৰিছে নিউজিলেণ্ড হেৰাল্ড-এ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd