• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰণফান্দত পৰিণত হৈছে স্মাৰ্ট চিটি গুৱাহাটীৰ পদপথ : উন্মুক্ত মেনহ’লে আনিছে ভাবুকি

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 18, 2018 9:47 pm

2 min read

FoothPath_Guwahati

গুৱাহাটীৰ ফুটপাথৰ অৱস্থা।

123
VIEWS
Share on FacebookShare on Twitter

চৰকাৰ পৰিৱৰ্তন হ’ল। নতুন চৰকাৰে কথা দিলে গুৱাহাটীক স্মাৰ্ট কৰি দিয়াৰ।

কিন্তু স্মাৰ্ট চিটি দূৰতে থাকক। সপোন দেখুওৱা বিজেপি চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগে আজি পৰ্য্যন্ত মেৰামতি কৰিব নোৱাৰিলে ভগ্ন পদপথ, মেনহ’লসমূহ।

গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বিশেষকৈ এ বি চি, ভঙাগড়, পল্টনবজাৰ, গণেশগুৰি, বেলতলা বজাৰ, আমবাৰী, ফাঁচিবজাৰকে ধৰি অন্য বহুতো অঞ্চলত পদপথসমূহৰ মেৰামতিৰ অভাৱত সেইসমূহত সৃষ্টি হৈছে বৃহৎ ফাট। বহু অংশত পদপথসমূহত ঢাকনী নথকা বাবে পথচাৰীসকলৰ জীৱনলৈয়ে ভাবুকি আহিছে। বহুকেইজন পথচাৰী ঘুণীয়া হৈছে এই ভগ্ন পদপথ আৰু উন্মুক্ত মেনহ’লত ভৰি সোমাই।

ভুক্তভোগী পথচাৰীয়ে বিভাগীয় কৰ্তৃপক্ষ তথা বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু প্ৰাক্তন বিভাগীয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষোভ উজৰা বাদে একো কৰিব নোৱাৰে।

এই সম্পৰ্কত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এ বি চি-ভঙাগড় অঞ্চলৰে দুগৰাকী ব্যক্তিয়ে আশংকা প্ৰকাশ কৰাৰ লগতে পদপথসমূহৰ অৱস্থা উন্নত কৰিবৰ বাবেও আহ্বান জনাইছে।

এগৰাকী সমাজ সচেতক তথা ভগা পদপথৰ ভুক্তভোগী প্ৰশান্ত বৰ্মনে নৰ্থ-ইষ্ট নাওৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “মোৰ বাওঁভৰিখন এবছৰমান আগতে ভঙাগড় অঞ্চলৰ পদপথত প্ৰাতঃভ্ৰমণ কৰি আহি থাকোতে গাঁতত সোমাই মোচোকা খাই ভাগিছিল, যাৰ ফলত মই ৪৫ দিন বিছনাত পৰি থাকিবলগীয়া হৈছিল।”

তেওঁ লগতে কয়, “প্ৰায় ১০ বছৰ ধৰি উক্ত অঞ্চলৰ পদপথসমূহ একে অৱস্থাতে আছে তথা কোনোধৰণৰ মেৰামতি কৰা নাই।”

আনহাতে, তেওঁ পদপথসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনোৱাৰ উপৰি কয়, “পদপথ নিৰ্মাণ কৰা অভিযন্তা অথবা বিভাগীয় কৰ্তৃপক্ষৰ এইসমূহ নিৰ্মাণ কৰাত সদ্দিচ্ছা থাকিব লাগে।”

ইয়াৰোপৰি উক্ত অঞ্চলৰে আন এগৰাকী সচেতন ব্যক্তি প্ৰদীপ বৰ্মনে কয় যে চৰকাৰে নমামি বৰাক-ব্ৰহ্মপুত্ৰ অনুষ্ঠিত কৰিছে, এডভাণ্টেইজ আছামো অনুষ্ঠিত কৰিছে, কিন্তু উত্তৰ-পূবৰ দূৱাৰমুখ গুৱাহাটীৰ পদপথসমূহৰ লগতে ৰাস্তা মেৰামতি কৰাৰ বাবে গুৱাহাটী উন্নয়ন বিভাগটোৰ সময় নাই।

তেওঁ লগতে কয়, “গুৱাহাটী উন্নয়ন বিভাগত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য নিজেই পূব গুৱাহাটী সমষ্টিৰ। ফুটপাথসমূহৰ মেৰামতি কৰাৰ ক্ষেত্ৰত যিধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিল, তেওঁ সেইধৰণে কৰা নাই।”

চৰকাৰে উন্নয়নমূলক কাম-কাজসমূহ কৰিলেও কেইদিনমান পাছতে ৰাস্তা-ঘাট অথবা পদপথত ডাঙৰ-ডাঙৰ গাঁতৰ সৃষ্টি হয় বুলিও তেওঁ কয়। ইয়াৰোপৰি তেওঁ চৰকাৰৰ এই কাম-কাজবোৰক ল’ৰা-ধেমালি আখ্যা দিয়ে।

উল্লেখ্য যে, এ বি চিস্থিত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ সন্মুখতে পদপথৰ অৱস্থা তেনেই দুখ লগা। ঠিক সেইদৰে অতি ব্যস্ততাপূৰ্ণ অঞ্চল যেনে- বেলতলা বজাৰৰ মাজমজিয়া, পল্টনবজাৰ, গণেশগুৰিত পদপথৰ কেইবা ঠাইতো ঢাকনী নাই, যাৰ বাবে পথচাৰীসকলৰ বাবে ন-ন সমস্যা আহি পৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd