• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 4:48 pm
424
VIEWS
Share on FacebookShare on Twitter

জাত-পাত, ধৰ্ম-বৰ্ণক লৈ ভাৰতৰ বহু ৰাজ্যৰ বিভিন্ন সমাজ ব্যৱস্থা আজিও প্ৰভাৱিত ৷ কিন্তু তাৰ মাজতে এটা এনেকুৱা বতৰা আহিছে আপোনাৰ মুখলৈ যিয়ে সামান্য পৰিমাণে হ’লেও কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ ঘটনাটো ভাৰতৰ অংগৰাজ্য পশ্চিমবংগৰ ৷

পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ অন্তৰ্গত এখন ঠাই কিশোৰীগঞ্জ মনমোহনপুৰ ৷ এই কিশোৰীগঞ্জতে আছে এখন চৰকাৰী বিদ্যালয় মনমোহনপুৰ প্ৰাথমিক বিদ্যালয় ৷ এই চৰকাৰী বিদ্যালয়খনত প্ৰায় যোৱা ২৫ বছৰজুৰি কি হৈ আছিল সেই কথা জানিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব।

এই প্ৰাথমিক বিদ্যালয়খনত হিন্দু-মুছলমান উভয় ধৰ্মৰে কণ-কণ শিক্ষাৰ্থীসকলক যি মধ্যাহ্ন ভোজন যোৱা ২৫ বছৰে দি অহা হৈছিল, সেয়া ৰন্ধা হৈছিল দুটা সুকীয়া সুকীয়া পাকঘৰত ৷ হিন্দুৰ বাবে এটা পৃথক পাকঘৰ আৰু মুছলমানৰ বাবে এটা বেলেগ পাকঘৰ ৷ স্কুল কৰ্তৃপক্ষই নিজেই স্থাপন কৰি লৈছিল এই দুটা সুকীয়া পাকঘৰ ৷ চৌকাৰ পৰা আৰম্ভ কৰি ৰন্ধা বাচন-বৰ্তনলৈকে সকলো ব্যৱস্থা আছিল পৃথক ৷ শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজন পৰিৱেশন কৰাৰ সময়তো ভাগে ভাগে দিয়া হৈছিল খাদ্য ৷

যোৱা ২৫ টা বছৰে এই চৰকাৰী বিদ্যালয়খনত এই নিয়ম চলি আহিছিল ৷ শেহতীয়াকৈ স্থানীয় একাংশ লোকে বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে ৷ জিলা প্ৰশাসনে এই অভিযোগ পোৱাৰ পাছতে স্থানীয় গাওঁ পঞ্চায়তৰ এখন সভা অনুস্থিত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰে ৷

আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়াই কয়- “শিশুসকলেই দেশৰ ভৱিষ্যৎ ৷ তেওঁলোকক এইদৰে ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰাটো উচিত হোৱা নাই ৷ জিলা প্ৰশাসনে এই অভিযোগ পোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ পঞ্চায়তৰ সভাত সিদ্ধান্ত লোৱা হৈছে যে এতিয়াৰে পৰা আৰু এই ব্যৱস্থা নচলিব ৷ সকলো শিক্ষাৰ্থীৰ বাবে এটাই উমৈহতীয়া পাকঘৰত খাদ্য প্ৰস্তুত কৰা হ’ব ৷ অৱশ্যে সেই সভাখনত দুজনমান অভিভাৱকে উমৈহতীয়া পাকঘৰৰ বিৰোধিতা কৰিছিল ৷ কিন্তু জিলা প্ৰশাসনে তেনে অভিযোগক গুৰুত্ব দিবলগীয়া বুলি ভবা নাই ৷ এতিয়াৰে পৰা দুয়োগৰাকী ৰান্ধনীয়ে একেলগে একেটা পাকঘৰতে সকলো শিক্ষাৰ্থীৰ বাবে উমৈহতীয়াকৈ খাদ্য প্ৰস্তুত কৰিব আৰু সকলো শিক্ষাৰ্থীয়ে একেলগে খাব ৷”

Recent News

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd