• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদী চৰকাৰৰ ভুলৰ বাবেই বিদেশী বিনিয়োগকাৰীয়ে ত্যাগ কৰিছে ভাৰত : প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰাক্তন সদস্যৰ অভিযোগ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 10:28 am
124
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিখ্যাত অৰ্থনীতিবিদ তথা প্ৰধানমন্ত্ৰীৰ আৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰাক্তন সদস্য সুৰজিৎ ভাল্লাই শেহতীয়াকৈ ভাৰতৰ অৰ্থনৈতিক অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ মতে, বৰ্তমান ভাৰতৰ বাবে দৰিদ্ৰতা আটাইতকৈ ডাঙৰ সমস্যা নহয়, বৰঞ্চ দেশৰ বিনিয়োগ পৰিস্থিতিহে অতি শোচনীয় হৈ পৰিছে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা পুঁজিৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক আৰু প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰাক্তন সদস্য ভাল্লাই এটা ইংৰাজী নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে দিয়া বিনামূলীয়া ৰেচন আৰু খাদ্য সাহায্যৰ বাবে দেশত দৰিদ্ৰতা নিয়ন্ত্ৰণত আছে। কিন্তু একে সময়তে তেওঁ ৮০ কোটি মানুহক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা ব্যৱস্থাটোৰ বিৰোধিতা কৰি চৰকাৰক এই সাহায্য হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে।

Apply Now

ভাল্লাৰ মতে, এতিয়া ভাৰতৰ আচল সমস্যা হৈছে অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ অভাৱ। তেওঁ স্পষ্টকৈ কয় যে দেশত ব্যক্তিগত বিনিয়োগ একেবাৰে হোৱা নাই আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগ বা এফ ডি আই সম্পূৰ্ণ ঋণাত্মক অৱস্থালৈ গুচি গৈছে। ভাৰতৰ এফ ডি আই নিয়মবোৰ পৃথিৱীৰ আন দেশবোৰতকৈ বহুত বেলেগ আৰু আচৰিত ধৰণৰ। ইয়াৰ ফলত কেৱল বিদেশী বিনিয়োগকাৰীয়েই নহয়, আনকি ভাৰতীয় সকলেও নিজৰ দেশত ধন বিনিয়োগ কৰিবলৈ আগ্ৰহ হেৰুৱাই পেলাইছে। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰিও যোৱা তিনি বছৰত বিদেশী বিনিয়োগকাৰীয়ে দেশৰ পৰা একেৰাহে ধন ঘূৰাই নিয়াৰ বাবে কেপিটেল একাউণ্টত বৃহৎ ঘাটি দেখা গৈছে।

অৰ্থনীতিবিদগৰাকীয়ে ভাৰতৰ বিকাশৰ ধীৰ গতিক লৈ সকীয়াই দি কয় যে চৰকাৰে এতিয়া ‘বিকশিত ভাৰত’ শ্লোগান সলনি কৰা উচিত। লগতে ভাৰতে নিজকে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি বুলি দাবী কৰাটোও এতিয়া আৰু সঁচা হৈ থকা নাই। ছচিয়েল মিডিয়া এক্সত তেওঁ উল্লেখ কৰে যে ২০১৭ চনৰ পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি বাতিল কৰা আৰু কঠোৰ নিয়ম বনোৱাৰ বাবেই বিদেশী বিনিয়োগ কমি গৈছে। এতিয়াৰ নিয়ম অনুসৰি কোনো বিদেশী বিনিয়োগৰ বিবাদ হ’লে সেয়া ভাৰতৰ আদালততহে বিচাৰ হ’ব, যিটো ব্যৱস্থাই বিনিয়োগকাৰীক নিৰাশ কৰিছে। কাৰণ বিদেশী বিনিয়োগে কেৱল ধন নানে, দেশলৈ নতুন প্ৰযুক্তি আৰু উদ্ভাৱনো কঢ়িয়াই আনে যিটো এতিয়া বাধাগ্ৰস্ত হৈছে।

সাক্ষাৎকাৰটোৰ শেষৰ ফালে সুৰজিৎ ভাল্লাই মোডী চৰকাৰৰ মনোভাৱকো কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে এটাৰ পিছত এটাকৈ নিৰ্বাচনত অতি সহজে জয়লাভ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখন বহুত আৰামত আছে। নিৰ্বাচন জিকিবলৈ কোনো চিন্তা কৰিবলগীয়া নোহোৱাৰ বাবে চৰকাৰে দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিবলৈ বা বিকাশৰ গতি বঢ়াবলৈ কোনো জৰুৰী প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। চৰকাৰৰ এনে কাৰ্যকলাপ দেশৰ ভৱিষ্যতৰ অৰ্থনীতিৰ বাবে অতিশয় চিন্তাজনক বুলি তেওঁ মন্তব্য কৰে। তেওঁ সকীয়াই দিয়ে যে বিকাশৰ গতি যদি এনেকৈয়ে কমি গৈ থাকে, তেন্তে আগলৈ দৰিদ্ৰতা আকৌ এবাৰ দেশৰ বাবে ভয়ংকৰ সমস্যা হৈ পৰিব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd