অকল উপাধি আৰু ধৰ্মীয় সংখ্যালঘুৰ গইনালৈ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশীৰ নামত সীমান্ত আৰক্ষীয়ে বাৰম্বাৰ হাৰাশাস্তি কৰি আহিছে। সীমান্ত আৰক্ষীয়ে ষড়যন্ত্ৰমূলক ভাবে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি কৰি মানৱ অধিকাৰ খৰ্ব কৰি আহিছে। এই অভিযোগ তামুলপুৰ জিলা এবি এম ছুৰ সভাপতি টাইছন হুছেইনৰ।
তামুলপুৰ প্ৰেছ ক্লাৱত আজি বিয়লি ৪.৩০ বজাত আয়োজিত এক সংবাদমেলত ছাত্র নেতা গৰাকীয়ে এবি এম ছুৱে অসম চুক্তিৰ আধাৰত অসমত এখন নিকা আৰু বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত হোৱাতো সমৰ্থন কৰে বুলি উল্লেখ কৰে।
আনহাতে, সীমান্ত আৰক্ষীয়ে একমাত্ৰ উপাধিৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজাবলৈ অহৰহ চেষ্টা কৰি আছে বুলি ছাত্ৰনেতাজনে উল্লেখ কৰি এই কাৰ্য্য কোনোপধ্যে সহ্য কৰা নহব বুলি মন্তব্য কৰে।
আনহাতে, সংবাদ মেলত হুছেইনে তথ্য সহকাৰে বাক্সা জিলাৰ ২নং গোৰেশ্বৰৰ চৈয়দ ছোহৰাব আলীক ২০১৭ চনত তামুলপুৰ বিদেশী ন্যায়াধিকৰণে আই এম ডি টি গোচৰ নম্বৰ ৮১৯/২০২ মৰ্মে বিদেশী বুলি জাননী জাৰি কৰি বিদেশী ন্যায়াধিকৰণত হাজিৰ হবলৈ নিৰ্দেশ দিয়ে বুলি প্ৰমান দাঙি ধৰে। ন্যায়াধিকৰণৰ নিৰ্দেশ মৰ্মে হাজিৰ হৈ ছোহৰাব আলীয়ে ভাৰতীয় বুলি তথ্য দাখিল কৰাত তেওঁক প্ৰকৃত ভাৰতীয় বুলি ৰায় দিয়ে।
উল্লেখযোগ্য যে, ছোহৰব আলীক ভাৰতীয় বুলি ৰায় দিয়াৰ পাছতো ২০১৭ চনৰ শেষৰ ফালে আলীক পুনৰ বিদেশী ন্যায়াধিকৰণে সীমান্ত আৰক্ষীৰ জৰিয়তে সন্দেহযুক্ত বিদেশী বুলি জাননী প্ৰেৰণ কৰে।
তামুলপুৰ বিদেশী ন্যায়াধিকৰণে ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰীত প্ৰকৃত ভাৰতীয় নাগৰিক বুলি ৰায় দান কৰা ব্যক্তি গৰাকীক পুনৰ দ্বিতীয় বাৰৰ বাবে সন্দেহযুক্ত বিদেশী বুলি জাননী জাৰি কৰাত ব্যক্তি গৰাকী হতভম্ব হৈ পৰে। তৎসত্তেও আইনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁ পুনৰ তামুলপুৰ বিদেশী ন্যায়াধিকৰণত হাজিৰ হৈ ভাৰতীয় নাগৰিক হোৱাৰ উপযুক্ত নথি-পত্ৰ দাখিল কৰে। এই নথি-পত্ৰ পৰীক্ষা কৰি চৈয়দ ছোহৰাব অলীক ২০১৮ চনৰ ১৫ মাৰ্চত ভাৰতীয় নাগৰিক হিচাপে দ্বিতীয় বাৰৰ বাবে ৰায় দান দিয়ে।
অতি আশ্বৰ্য্যজনকভাবে তৃতীয় বাৰৰ বাবে পুনৰ ছোহৰাব আলীক ন্যায়াধিকৰণে ২০১৯ চনৰ ১৯ জানুৱাৰীত সন্দেহযুক্ত নাগৰিক বুলি সীমান্ত আৰক্ষীৰ জৰিয়তে জাননী জাৰি কৰাত ক্ষোভিত হৈ পৰে ছোহৰাব আলী।
দৰিদ্ৰ পৰিয়ালৰ ছোহৰাবে নিজৰ কষ্টোপাৰ্জিত ধন খৰছ কৰি তামুলপুৰ বিদেশী ন্যায়াধিকৰণত তাঁতবাটি কাঢ়িব লগা হৈছে।টাইছন হুছেইনে অভিযোগ কৰি কয় যে অকল উপাধিৰ বাবেই খিলঞ্জীয়া ভাৰতীয় নাগৰিক হোৱা স্বত্তেও ছোহৰাবৰ দৰে বহু প্ৰকৃত ভাৰতীয় নাগৰিক সীমান্ত আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখিন হ’বলগা হৈছে।