NORTHEAST NOW (Assamese)

বোকাখাতত বন বিভাগে অভিযান চলাই জব্দ কৰিলে চোৰাং কাঠ ভৰ্তি এখন ট্ৰাক : চালকে কৰিলে পলায়ন

August 18, 2020 5:47 pm · উত্তম শইকীয়া
Updated: August 18, 2020 7:40 pm

বোকাখাতৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত নিশাৰ ভাগত সৰবৰাহ হয় বহু নিষিদ্ধ সামগ্ৰী৷

উজনি নামনি সংযোগী এই পথাছোৱাতে নুমলীগড়ত ৩৯ ৰাষ্ট্ৰীয় পথো সংযুক্ত হৈ আছে৷ ৩৯ নং ৰাষ্ট্ৰীয় পথটো নাগালেণ্ডৰ আৰু মণিপুৰহৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ম’ৰেলৈকে সংযুক্ত৷যাৰ বাবে নিশা বহু নিষিদ্ধ সামগ্ৰী সৰবৰাহ হয় বোকাখাত মহকুমাৰ এই দুই পথেৰে৷

যোৱা ১৪ আগষ্টত বোকাখাত আৰক্ষীয়ে চোৰাং কাঠসহ এখন ট্ৰাক তিনিজন ব্যক্তিৰে সৈতে আটক কৰাৰ পিচত আজি পুৱা পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলৰ বনকৰ্মীয়ে চোৰাং কাঠৰ সৈতে আৰু এখন ৭০৯ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷

প্ৰাপ্য তথ্যমতে কাজিৰঙাৰ পাণবাৰী এনিমেল কৰিড’ৰত কৰ্তব্যৰত বনকৰ্মীয় ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে পশ্চিমৰ পৰা পূৱ দিশে আহি থকা এ এছ ০৩/এ চি/২২৯৮ নম্বৰৰ ট্ৰাকখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও চালকে নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিৰে পূৱ দিশলৈ পলাবলৈ চেষ্টা কৰে৷

পলায়ন কৰিব খোজা ট্ৰাকখনক অনুসৰণ কৰি যোৱা বনকৰ্মীৰ দলে বোকাখাতৰ লতাবাৰীত কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও কাঠভৰ্তি ট্ৰাকখন এৰি চালকে পলায়ন কৰে৷

পিছত জব্দ কৰা ট্ৰাকখন বোকাখাতত থকা ডি এফ অ’ৰ কাৰ্যালয়লৈ আনি পৰীক্ষা কৰাত বিভিন্ন শ্ৰেণী কাঠ উদ্ধাৰ হয়৷

জব্দ কৰা কাঠখিনি যোৰহাটৰ জনৈক প্ৰশান্ত দাসৰ বুলি জানিব পৰা গৈছে৷ এই প্ৰশান্ত দাস কাঠ চোৰাং ব্যৱসায়ৰ সৈতে পূৰ্বৰে পৰা জড়িত৷

এইজন চোৰাং কাঠ ব্যৱসায়ীৰ আন এখন কাঠ ভৰ্তি ট্ৰাক যোৱা বছৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে কৰায়ত্ব কৰিছিল৷

Related News