NORTHEAST NOW (Assamese)

জাগুনত লক্ষাধিক টকাৰ চোৰাং কাঠ ভৰ্তি বাহন জব্দ; সৰবৰাহকাৰী পলাতক

August 23, 2019 10:15 pm · মানস প্ৰতিম গগৈ

আজি জাগুন বন বিষয়া কাৰ্যালয়ত অন্তৰ্গত জাগুন নামচিক পথৰ টিংকুপানী বনাঞ্চলৰ কাষত বন বিভাগে অভিযান চলাই এখন চোৰাং কাঠ ভৰ্তি মেক্স বলেৰ’ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

এ এছ ২৩ জি ১৮৩৫ নম্বৰৰ মেক্স বলেৰ’ পিক আপ গাড়ীখনত বহু পৰিমাণৰ চোৰাং কাঠ সৰবৰাহ কৰিবলৈ লওঁতেই বন বিভাগে হাতে-লোটে ধৰিবলৈ সক্ষম হয়।

ইফালে বন বিভাগৰ লোকক প্ৰত্যক্ষ কৰি চোৰাং কাঠ সৰবৰাহকাৰী দলটোয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

জব্দকৃত চোৰাং কাঠসমূহ কোনে ক’লৈ সৰবৰাহ কৰাৰ প্ৰস্তুতি চলাইছিল সেই সম্পৰ্কে বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিপুল বৰাৰ চূড়ান্ত অকৰ্মণ্যতা আৰু একাংশ চোৰং কাঠ মাফিয়াৰে গোপন বুজা বুজিৰ বাবে সমগ্ৰ ডিগবৈ বন সংমণ্ডলত অৰাজকতাৰ সৃষ্টি হোৱা বুলি স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছে।

অসম অৰুণাচল সীমান্তৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন টিংকুপানী বনাঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে এতিয়া বন বিভাগৰ অজ্ঞাতে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে বনাঞ্চলৰ ধ্বংস কাৰ্য।

Related News