• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৱত ভয়াৱহভাবে হ্ৰাস পাইছে বনাঞ্চল : প্ৰতিবেদনৰ তথ্যত অশনি দিনৰ সংকেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 10:00 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব ভাৰতৰ যিকোনো এখন ৰাজ্যৰ কথা ভাবিলে এক ঘন অৰণ্যৰ প্ৰতিচ্ছবি মনলৈ আহে। অসম আৰু চিকিমক বাদ দি উত্তৰ-পূৱৰ বাকী ৰাজ্যসমূহৰ ভৌগোলিক অঞ্চলৰ ৭৫%তকৈ অধিক বনাঞ্চলৰ অধীনত আছে। ইয়াৰে অধিকাংশ বনাঞ্চল আছে অৰুণাচল প্ৰদেশত (৯২.৮%)।

উত্তৰ-পূৱ ভাৰত প্ৰাচীন কালৰে পৰা ঘন অৰণ্য, বিৰল বন্যপ্ৰাণী, চহকী জৈৱ বৈচিত্ৰ্য আৰু বিনন্দীয়া প্ৰকৃতিৰ বাবে পৰিচিত হৈ আহিছে। এই প্ৰাকৃতিক অৱদানে উত্ত-পূৱ ভাৰতত গঢ় দিছে এক সুকীয়া সংস্কৃতি তথা জীৱন ধাৰাৰ।

Apply Now

কিন্তু যোৱা কেইটামান বছৰত ভয়াৱহভাবে বনাঞ্চল ধ্বংস কৰা হৈছে অসমকে ধৰি উত্তৰ-পূৱৰ আন আন ৰাজ্যসমূহত। বিভিন্ন প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।

শেহতীয়া ভাৰত বনাঞ্চল প্ৰতিবেদন (ISFR 2023) অনুসৰি ৩২৭ বৰ্গ কিলোমিটাৰ বনাঞ্চল হেৰুৱাই পেলাইছে উত্তৰ পূৰ্বাঞ্চলে।

উল্লেখ্য যে নাগালেণ্ডত ২০১৩ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰাজ্যৰ ৬.১১% বনাঞ্চল অৰ্থাৎ ৭৯৪ বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস হৈছে। নাগালেণ্ডে যিমান পৰিমাণৰ বনাঞ্চল হেৰুৱাইছে তাৰ মাটিকালি দিল্লীৰ মাটিকালিৰ প্ৰায় আধা।

প্ৰতিবেদন অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰআজ্যসমূহে ২০১৩ চনৰ পৰা ২০২৩ চনলৈ ১০ বছৰত হেৰুৱাইছে মুঠ ৩,৮৭৭ বৰ্গ কিলোমিটাৰ বনাঞ্চল । মাটিকালিৰ হিচাপত ই গোৱা ৰাজ্যখনৰ সমান।

উত্তৰ-পূবৰ বনাঞ্চলৰ সম্পৰ্কে কৰা স্বতন্ত্ৰ গৱেষণাত প্ৰকাশ পাইছে যে ২০১৪ চনৰ পৰা বনাঞ্চল ধ্বংসৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে।

স্বতন্ত্ৰ মঞ্চ গ্ল’বেল ফৰেষ্ট ৱাচৰ তথ্য অনুসৰি ২০০০ চনৰৰ পৰা ২০২৩ চনৰ ভিতৰত ভাৰতত ২৩ লাখ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে।

শেহতীয়াকৈ উত্তৰ-পূৱ ভাৰতত অবনাঞ্চললৈ পৰিণত হৈছে ৪৬,৭০৭ বৰ্গ কিলোমিটাৰ ঘন বনাঞ্চল। আনহাতে, ৪০,৭০৯ বৰ্গ কিলোমিটাৰ ঘন বনাঞ্চল মুকলি বনাঞ্চললৈ পৰিণত হৈছে।

আই এছ এফ আৰ ২০২৩ ৰ প্ৰতিবেদন অনুসৰি কেৱল ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমে হেৰুৱাইছে ৮৬ বৰ্গ কিলোমিটাৰ বনাঞ্চল। একেৰদৰে ২০২১ চনৰ পৰা ২০২৩ চনলৈ ত্ৰিপুৰাই ১১৬ বৰ্গ কিলোমিটাৰ, মণিপুৰে ৪৭ বৰ্গ কিলোমিটাৰ, আৰু অৰুণাচল প্ৰদেশে ৪৫ বৰ্গ কিলোমিটাৰকৈ ক্ষতিগ্ৰস্ত হয়। ইয়াৰ বিপৰীতে মিজোৰামে আৰ এফ এৰ ভিতৰত ১৯২ বৰ্গ কিলোমিটাৰ বনাঞ্চল লাভ কৰে।

এতিয়া এই তথ্য সমূহে উত্তৰ পূৱ ভাৰতৰ জৈৱ বৈচিত্ৰ, পৰিৱেশ আৰু ইয়াৰ পৃথক সাংস্কৃতিক ঐতিহ্যলৈ ভাবুকি কঢ়িয়াই অহাৰেই ইংগিত প্ৰদান কৰিছে। এনে দৰে বন ধ্বংস যজ্ঞ হোৱাৰ ফলত ভাবুকি নামি আহিছে উত্তৰ-পূৱৰ বনাঞ্চলসমূহত থকা বিৰল প্ৰজাতিৰ জীৱকূললৈ সংকট নামি আহিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা বিভিন্ন প্ৰতিবেদন অনুসৰি অসমত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু চৰাই চিৰিকটিৰ হাৰ লক্ষণীয়ভাবে হ্ৰাস পাইছে। ইয়াৰ সমান্তৰালকৈ অসমত শেহতীয়াকৈ ভয়ানকভাবে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। হাতীৰ আক্ৰমণত উজনি অসম আৰু নামনি অসমত বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। লগতে উজনি অসমত খাদ্যৰ সন্ধানত নাহৰফুটুকী বাঘে জনাঞ্চলত প্ৰৱেশ কৰি আতংক সৃষ্টি কৰাৰ ঘটনাও সঘনাই দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে শেহতীয়াকৈ অসমত অবৈধ কয়লা খননৰ নামত বিভিন্ন বনাঞ্চল ধ্বংস কৰা হৈছে। চৰকাৰী উদ্যোগতেই ফ্লাই অভাৰ, ৰাষ্ট্ৰীয় ঘাই পথ আদি নিৰ্মাণ কাৰ্যৰ নামত লাখ লাখ গছ কটাৰ তথ্য পোহৰলৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd