• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাধাৰণ নাগৰিক বাদেই, নিজৰ সাংসদৰ কামকাজত সুখী নহয় ‘উন্নয়ন’ৰ দাবী কৰা স্বয়ং বিজেপি নেতৃত্ব!

ন-বিজেপিয়ে এলাগী কৰিলে 'পুৰণি'ক; ঘোষিত ৮টাৰ ৫টা সমষ্টিতে ন-বিজেপিক টিকট

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , March 17, 2019 10:41 pm

3 min read

BJP-MP-Ramen-Deka

প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ ফাইল ফটো

714
VIEWS
Share on FacebookShare on Twitter

প্ৰকাশ পোৱাৰ পথত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ অসমৰ প্ৰাৰ্থী তালিকা। অগপ আৰু বি পি এফৰ লগত মিত্ৰতাৰ পাছত যোৱা পাঁচবছৰে দেশৰ শাসনত থকা দলটোৱে অসমৰ ১০টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাবলৈ সাজু হৈছে। কিন্তু এইবাৰৰ বিজেপিৰ প্ৰাৰ্থিত্ব লাভৰ পৰা পূৰ্বৰ কেইবাজনো সাংসদ বাদ পৰাটো নিশ্চিত হৈ পৰিছে। ৭জনৰ পাঁচজন সাংসদে টিকট নোপোৱাটো প্ৰায় নিশ্চিত। সেইসকল ক্ৰমে যোৰহাটৰ কামাখ্যা প্ৰসাদ তাছা, মঙলদৈৰ ৰমেন ডেকা, তেজপুৰৰ ৰাম প্ৰসাদ শৰ্মা, নগাঁৱৰ ৰাজেন গোহাঁই আৰু গুৱাহাটীৰ বিজয়া চক্ৰবৰ্তী।

২০১৪ চনত বিজেপিয়ে সাতটা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৰাজ্যত পৰিৱৰ্তন আৰু উন্নয়ন সাধন কৰা বুলি দাবী কৰা দলটোৱে যোৱা পাঁচ বছৰ গাদীত থকা ৭জন সাংসদৰ ৫জনকে বাদ দিব লগীয়া হোৱাটো তাৎপৰ্য্যপূৰ্ণ।

সকলোৰে মনত এই প্ৰশ্ন- প্ৰাৰ্থী সলনি কৰাটো কিয় অপৰিহাৰ্য্য হৈ পৰিল কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা দলটোৰ বাবে? এতিয়া নিজ দলৰ সাংসদসকলৰ জনপ্ৰিয়তা আৰু যোগ্যতাক লৈ বিশ্বাস হেৰুৱাইছে নেকি বিজেপি নেতৃত্বই?

মন কৰিব লগীয়া যে দলৰ অনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই টিকট নাপাব বুলি নিশ্চিত হৈয়ে ‘নিৰ্বাচন নেখেলো’ বুলি ঘোষণা কৰিছে কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজেন গোহাঁয়ে। ইয়াৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সমিতিয়ে পঠোৱা পেনেলতেই নাম নাথাকিল সুদীৰ্ঘ দিন ধৰি সংঘ পৰিয়ালৰ আদৰ্শত চলা আৰ পি শৰ্মাৰ। যাৰ বাবে অসন্তুষ্ট হৈ দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সাংসদ শৰ্মাই।

ইপিনে, মঙলদৈৰ সাংসদ ৰমেন ডেকাই গুৱাহাটী বা মঙলদৈ কোনোবা এটাত টিকট পাব বুলি চৰ্চা চলি আছিল যদিও কোনো এটা সমষ্টিতেই তেওঁ প্ৰাৰ্থিত্ব নোপোৱাটো নিশ্চিত হৈছে। একেই দশা হ’ল বহুবাৰৰ গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰবৰ্তীৰো। আনক মৰমৰ সমষ্টিটো এৰি দিব নিবিচৰা সাংসদগৰাকীয়েও এইবাৰ প্ৰাৰ্থিত্ব নোপোৱাটোৱেই নিশ্চিত।

একেদৰে, নগাঁৱত বাদ পৰিব ৰাজেন গোহাঁই। যৌন কেলেংকাৰিত অভিযুক্ত গোহাঁইৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ চলি থকা বাবেই প্ৰতিদ্বন্দ্বিতা কৰাৰ পাৰ আঁতৰিব লগীয়া হ’ল চাৰিবাৰৰ সাংসদ গৰাকীয়ে।

এতিয়ালৈকে হাতত থকা খবৰমতে, যোৱাবাৰৰ বিজেপি সাংসদৰ ভিতৰত এইবাৰ দলৰ টিকট পাব কেৱল মাত্ৰ লখিমপুৰৰ প্ৰদান বৰুৱা আৰু ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলীয়েহে।

২০১৪ত জয়লাভ কৰা বিজেপি প্ৰাৰ্থীসকলে নিজৰ নিজৰ সমষ্টিৰ মুঠ ভোটৰ কামাখ্যা প্ৰসাদ তাছাই ৪৯.০১ শতাংশ, আৰ পি শৰ্মাই ৪৫.৫৩ শতাংশ, বিজয়া চক্ৰবৰ্তীয়ে ৫০.৫৯ শতাংশ, ৰাজেন গোঁহাইয়ে ৪০.১৭ শতাংশ, ৰমেন ডেকাই ৩৯.৪৪ শতাংশ ভোট লাভ কৰি বিজয়ী হৈছিল।

ইয়াৰ ভিতৰত মঙলদৈত ৰমেন ডেকাই নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীতকৈ ১.৮৬ শতাংশ আৰু তেজপুৰত আৰ পি শৰ্মাই তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈ ৯.১৩ শতাংশ ভোট বেছি পোৱাৰ বিপৰীতে বাকী আন তিনিওগৰাকী প্ৰাৰ্থীয়েই নিকটতম প্ৰতিদ্বন্দ্বীতকৈ ১০ শতাংশতকৈও অধিক ভোটৰ ব্যৱধানত বিজয়ী হৈছিল।

কিন্তু যোৱা পাঁচ বছৰত তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস পোৱা আৰু পুনৰ জয় হোৱাত কঠিনতা দেখিয়েই হয়তো দলে পুনৰ তেওঁলোকক প্ৰক্ষেপ নকৰাৰ সিদ্ধান্ত লৈছে। যিটো কথাই কংগ্ৰেছক ওফৰাই কেন্দ্ৰ আৰু ৰাজ্যত শাসনৰ গাদীত বহা বিজেপিৰ এটা দুৰ্বল দিশক প্ৰতিফলিত কৰে।

ইপিনে, এতিয়ালৈ প্ৰাৰ্থিত্ব নিশ্চিত বুলি জানিব পৰা ৮টা সমষ্টিৰ ৫টা সমষ্টিৰ প্ৰাৰ্থীয়েই আকৌ ন-বিজেপি। এই ন-বিজেপিসকলৰ ভিতৰত আছে গুৱাহাটীত অগপৰ পৰা যোৱা কুইন ওজা, লখিমপুৰত কংগ্ৰেছৰ পৰা যোৱা ‘দাদা ব্ৰিগেড’ৰ অন্যতম সদস্য প্ৰদান বৰুৱা। একেদৰে, যোৰহাটত আছুৰ পৰা বিজেপিলৈ যোৱা তপন গগৈ, কৰিমগঞ্জত কংগ্ৰেছৰ পৰা যোৱা কৃপানাথ মাল্লা আৰু স্বায়ত্তশাসিত জিলা সমষ্টিত বিদ্ৰোহী সংগঠন য়ু পি ডি এছৰ পৰা অহা হৰেন সিং বে’ও একেটা শাৰীতেই পৰে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd