যদি তেওঁৰ দলটোৱে অন্ধ্ৰ প্ৰদেশৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত জয়ী নহয়, তেন্তে তেওঁ পুনৰ আৰু প্ৰতিদ্বন্দিতা নকৰে। কুৰ্ণুলত এখন ৰাজহুৱা সভাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী চন্দ্ৰবাবু নাইডুৱে এইদৰে কয়।
তেওঁ কয়, “২০২৪ চনত দলটোক পুনৰ ক্ষমতালৈ ঘূৰাই আনিব নোৱাৰিলে এইটোৱে হ’ব মোৰ অন্তিম নিৰ্বাচন।”
অন্ধ্ৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে অনুষ্ঠিত হ’ব। বিৰোধী দলৰ নেতা চন্দ্ৰবাবু নাইডুৱে ইতিমধ্যে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছক উৎখাত কৰিবলৈ জিলাই জিলাই জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে। সেইকাৰণে তেওঁ বুধবাৰে নিশা ৰয়ালসীমাৰ কুৰ্ণুললৈ আহিছিল।
লগতে পঢ়ক: ভাৰতৰে এইখন গাওঁত ১৮ বছৰ বয়সৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ল মোবাইল ফোন
চন্দ্ৰবাবুয়ে ইতিমধ্যে তেওঁৰ পুত্ৰ নাৰা লোকেশক তেলেগু দেশম পাৰ্টিৰ সাংগঠনিক দায়িত্ব দিছে। এনে পৰিস্থিতিত তেওঁ ২০২৪ চনৰ নিৰ্বাচনৰ কথা কৈ দলৰ পৰৱৰ্তী প্ৰজন্মক সন্মুখলৈ অনাৰ কৌশল লৈছে নেকি তাক লৈ জল্পনা-কল্পনা চলি আছে।
শেহতীয়া জনমত সমীক্ষা অনুসৰি, জগনমোহন অন্ধ্ৰ প্ৰদেশত ক্ষমতালৈ ঘূৰি আহিব পাৰে। এই পৰিস্থিতিত চন্দ্ৰবাবুৰ মুখত ‘বিৰোধী ঐক্য’ সম্পৰ্কেও বক্তৱ্য শুনা গৈছে।
লগতে পঢ়ক: পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ আহি মঞ্চতে অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী
সূত্ৰসমূহৰ মতে তেলেগু দেশম পাৰ্টিৰ নেতৃত্বই ৰাজ্যখনৰ আন এটা বিৰোধী দল চলচ্চিত্ৰ তাৰকা পৱন কল্যাণৰ জনসেনাৰ সৈতে আসন ভাগ-বতৰা চুক্তিৰ ওপৰতো আলোচনা আৰম্ভ কৰিছে। অৱশ্যে, পৱনে বিৰোধী মিত্ৰতাত বিজেপিক ল’ব বিচাৰিলেও চন্দ্ৰবাবুৰ আপত্তি আছে বুলি তেলেগু দেশম দলৰ সূত্ৰই জানিবলৈ দিছে।