অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত এন টি ৰামা ৰাওৰ কন্যাৰ আত্মহত্যা

উমা মহেশ্বৰী।

NTR’s daughter Uma Maheswari was found hanging প্ৰয়াত অভিনেতা-ৰাজনীতিবিদ এন টি ৰামা ৰাওৰ কন্যা আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ খুলশালীয়েক কে উমা মহেশ্বৰীয়ে সোমবাৰে আত্মহত্যা কৰিছে। উমা মহেশ্বৰী স্বাস্থ্যজনিত সমস্যাৰ ভূগি আছিল আৰু যোৱা কেইমাহমান ধৰি চিকিৎসাধীন আছিল।

মহেশ্বৰীয়ে হায়দৰাবাদৰ জুবিলি হিলছত থকা তেওঁৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক নিজৰ শোৱনি কোঠাত চিলিং ফেনত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক: Al-Qaeda chief killed: সন্ত্ৰাস দমনত বৃহৎ সফলতা; কাবুলত আমেৰিকাৰ ড্ৰোন আক্ৰমণত নিহত আল কায়দাৰ মুৰব্বী

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পিছত জানিবলৈ দিয়ে যে অসুস্থতাৰ বাবে তেওঁ হতাশাত ভূগি আছিল। এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু মৃতদেহটো ওচমানিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

তেলেগু দেশম পাৰ্টিৰ (টিডিপি) প্ৰতিষ্ঠাপক এন টি ৰামা ৰাও (এনটিআৰ)ৰ চাৰিগৰাকী কন্যাৰ ভিতৰত উমা আছিল একেবাৰে কনিষ্ঠা।

এনটিআৰ নামেৰে জনাজাত এন টি ৰামা ৰাওৱে ১৯৮২ চনত ‘তেলেগু আত্মসন্মান’ৰ শ্ল’গানেৰে টিডিপি গঠন কৰিছিল আৰু ৯ মাহৰ ভিতৰতে দলটোক ক্ষমতালৈ লৈ আনছিল।

লগতে পঢ়ক: Commonwealth Games 2022: কমনৱেলথ গেমছত দেশৰ হৈ জুডোত ৰূপৰ পদক জিকিলে মণিপুৰী কন্যা সুশীলা দেৱীয়ে

টিডিপিৰ উত্থানে তেতিয়াৰ অবিভক্ত অন্ধ্ৰ প্ৰদেশত কংগ্ৰেছৰ একক দলীয় শাসনৰ সমাপ্তি ঘটইছিল। তেওঁৰ জোৱায়েক চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ ফলত তেওঁ ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ কেইমাহমান পিছতে ১৯৯৬ চনত ৭২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।