• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃহস্পতিবাৰৰ তুলনাত আজি স্বাস্থ্যৰ উন্নতি হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 25, 2020 7:27 pm

2 min read

Tarun Gogoi Koka
351
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰ তুলনাত কিছু পৰিমাণে স্বাস্থ্যৰ অৱস্থা উন্নিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কালি পুৱাৰ ভাগত অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল GMCH ৰ আই.চি.য়ুত।

আজি পুৱা ৯:১৫ বজাত এইমছৰ পৰিচালন সঞ্চালকৰ সৈতে জিএমচিএইছৰ চিকিৎসকৰ এক ভিডিঅ’ কনফাৰেন্সিং অনুষ্ঠিত হয় বুলি সংবাদমেলত হিমন্তই জানিবলৈ দিয়ে।

তৰুণ গগৈৰ দেহত বৰ্তমান অক্সিজেনৰ মাত্ৰা ৯৪ লৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীয়ে লগতে কয় ‘তেওঁ যোৱা নিশা ৬ লিটাৰ অক্সিজেন লৈ আছিল যদিও অক্সিজেনৰ মাত্ৰা ৯২ হে আছিল। কিন্তু আজি পুৱা ৩ লিটাৰ অক্সিজেন লৈয়ো তেওঁৰ অক্সিজেনৰ পৰিমাণ ৯৪ ত আছে।‘

গগৈৰ অক্সিজেন লেভেল বৃহস্পতিবাৰে ৮৪ লৈ হ্ৰাস পাইছিল। আজি পুৱাৰ ভাগত এইমছৰ পৰিচালন সঞ্চালকৰ পৰা GMCH ৰ চিকিৎসকে চিকিৎসা প্ৰণালীৰ সম্পৰ্কে কিছু পৰামৰ্শ গ্ৰহণ কৰে।

মন্ত্ৰীয়ে সংবাদমেলত জনোৱা অনুসৰি ‘পৰিচালন সঞ্চালকে গগৈৰ কিছুমান অতিৰিক্ত পৰীক্ষা কৰাবলৈ পৰামৰ্শ দিয়াৰ লগতে দুই এদিনতে এইমছৰ এজন চিকিৎসকক অসমলৈ পঠিয়াব বুলি আশ্বাস দিছে।’

এই ভিডিঅ’ কনফাৰেন্সিঙত জিএমছিএইছৰ চিকিৎসকৰ লগতে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ো অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, যোৱা ২৫ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কোভিড-১৯ ত আক্ৰান্ত হৈছিল আৰু পাছদিনা তেওঁক GMCH ত ভৰ্তি কৰোৱা হৈছিল। তেতিয়াৰে পৰা তেওঁ GMCH তে চিকিৎসাধীন হৈ আছিল।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd