• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ নেতৃত্বত দেশত গণতন্ত্ৰক হত্যা কৰাৰ প্ৰচেষ্টা চলিছে : মানিক সৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2019 9:19 pm
20-04-19 Baksa- Manik Sarkar election campaign meeting (4)

কোকৰাঝাৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ বাক্সাৰ এখন নিৰ্বাচনী সভাত ভাষণ দিছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰে। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বিজেপি চৰকাৰৰ নেতৃত্বত দেশত গণতন্ত্ৰক হত্যা কৰাৰ প্ৰচেষ্টা চলিছে।‘’প্ৰচণ্ড শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণৰ মাজতো বাক্সাৰ ৰাঙাচাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী বিৰাজ ডেকাৰ সমৰ্থন অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত এই মন্তব্য কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্ষীয়ান বাওঁপন্থী নেতা মানিক সৰকাৰে।

সভাত ভাষণ দি মাণিক সৰকাৰে কয় যে এই নিৰ্বাচনটো হৈছে গুৰুত্বপূৰ্ণ নিৰ্বাচন। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বক্তব্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ এই জন মুখ্য ন্যায়াধীশে কবলৈ বাধ্য হৈছে যে আজি সৰ্বোচ্চ ন্যায়ালয়ে নিজৰ মতে চলিব নোৱাৰা হৈছে।

Apply Now

দেশৰ কবি সাহিত্যিক, গল্পকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, বুদ্ধিজীৱীয়ে বিজেপি চৰকাৰক পৰাস্ত কৰিবলৈ আহ্বান জনাইছে বুলি উল্লেখ কৰি সৰকাৰে কয় যে দেশত কৃষকৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে কৃষকৰ আত্মহত্যাৰ ঘটনা বাঢ়িছে। কৃষকৰ উন্নতিৰ শ্লোগান ক’ত গ’ল বুলিও মাণিক সৰকাৰে প্ৰশ্ন কৰে।

‘’নিবনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি শাসনলৈ অহা মোদী চৰকাৰে শাসনত বহাৰ পিছত নিৱনুৱাৰ কথা পাহৰিলে। তেওঁলোকে কেৱল মিছা প্ৰতিশ্ৰুতিহে দিলে। ক’লা ধন ঘুৰাই আনি প্ৰতিজন নাগৰিকৰ একাউন্টত ১৫/১৬ লাখ টকা সুমুৱাই দিম বুলি কৈছিল। কিন্তু টকাও নাই আৰু ক’লা ধনৰ গৰাকী এজনকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে,’’-বৰ্ষীয়ান বাওঁপন্থী নেতাজনে কয়।

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘’বিজেপি চৰকাৰে কেৱল ৰাইজৰ সম্পদ কৌশলেৰে কৰ্প’ৰেট’ৰ হাতলৈ যোৱাৰ ব্যৱস্থা কৰিলে। এফালে কৰ্প’ৰেটক ধনী কৰিছে আনফালে সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ বাবে উঠিপৰি লাগিছে। তেওঁলোকে ভাৰতবৰ্ষখনক লণ্ড-ভণ্ড কৰিব বিছাৰিছে। আজি সাংবাদিক, লিখক, বুদ্ধিজীৱী, কবি, সাহিত্যিক সকলোকে টাৰ্গেট কৰি লৈছে। এই বিজেপিক আৰু এবাৰ সুযোগ দিলে ভাৰতবৰ্ষ চাৰখাৰ হৈ যাব।‘’

বিজেপিৰ প্ৰতি আক্ৰমণাত্মক সৰকাৰে লগতে কয়, ‘’যোৱা নিৰ্বাচনত বিৰাট মোডী ঢৌৰ পাছতো ভোট বিভাজনৰ সুযোগ লৈ মাত্ৰ ৩১% ভোটেৰে বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। মানুহক মিছা কথা কৈ ভোট লৈছিল। কিন্তু এইবাৰ মোডী চৰকাৰ পতন হোৱাৰ দিশে গতি কৰিছে। হৈ যোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত খুব বেয়া ফল কৰিব বুলি বাতৰি প্ৰকাশ পাইছে। হাৰিব বুলি ভাবিয়ে এই দলটোৱে ত্ৰিপুৰাত অভাৱনীয় সন্ত্ৰাস কৰিছে।‘’

তেওঁ দেশৰ এই পৰিস্থিতিত কোকৰাঝাৰ সমষ্টিত বিৰাজ ডেকাৰ দৰে উচ্চ শিক্ষিত আৰু আন্দোলন, সংগ্ৰামৰ অভিজ্ঞতাৰে উঠি অহা প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

কোচ-ৰাজবংশী, বড়ো, সংখ্যালঘুকে ধৰি বিভিন্ন জাতি-জনজাতিৰ অংশ গ্ৰহণেৰে কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী সমিতিৰ সভাপতি ৰজনী দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত মাণিক সৰকাৰৰ উপৰি চিপি আই (এম)ৰ জ্যেষ্ঠ নেতাদ্বয় উদ্ধব বৰ্মন, হেমেন দাসৰ লগতে ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰ, কমলা বৰ্মনো উপস্থিত থাকে ।

সভাত নাগৰিকত্ব (সংশোধনী) বিধেয়ক অনা বিজেপি দলৰ সহযোগী বিপিএফ দলৰ প্ৰাৰ্থীক পৰাস্ত কৰিবলৈ জ্যেষ্ঠ নেতা হেমেন দাসে আহ্বান জনায়।

আনহাতে, কোকৰাঝাৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী বিৰাজ ডেকাই যুক্তি পূৰ্ণ আৰু উদাত্ত ভাষণেৰে সকলো অংশৰ ৰাইজৰ মৌলিক প্ৰশ্নসমূহ উত্থাপন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা দুদিনত মাণিক সৰকাৰে বিৰাজ ডেকাৰহৈ কেইবাখনো জনসভাত অংশগ্ৰহণ কৰে। শুকুৰবাৰে কোকৰাঝাৰত উপস্থিত হোৱা বৰ্ষীয়ান নেতাগৰাকীয়ে বিজনী আৰু সৰভোগতো নিৰ্বাচনী সভাত ভাষণ দিয়ে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd