অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বৰপেটাৰ মৌন সমদলত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্ত গুপ্তহত্যাৰ সৈতে জড়িত বুলি মুকলিকৈ কটাক্ষ কৰিছিল।
তাৰ পাছতে বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিস্থিত হোটেল অম্বৰীশত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগৰ প্ৰত্যুত্তৰ দি নাম উচ্চাৰণ নকৰাকৈ হিমন্ত উপাখ্যান বাখ্যা কৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।
কটন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ৰ পৰা কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী হৈ থকালৈকে কি কি অভিযোগ আৰু কেলেংকাৰিৰে জড়িত আছিল সেই কথাও সংবাদমেলত স্পষ্টকৈ কৈ গ’ল মহন্তই।
মহন্তৰ মতে ‘তেওঁ এজন বিশৃংখল ব্যক্তি। তেওঁৰ কথাৰ উত্তৰ নিদিওঁ বুলি আছিলো, কিন্তু কালি কোৱা কিছুমান কথাৰ সংক্ৰান্তত উত্তৰ দিবলগীয়া হৈছে।‘
‘তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত এসময়ত আছিল। তেতিয়া তেওঁ কৰা অশুভ আচৰণ আৰু খেলিমেলিৰ বাবে তেওঁক আছুৱে বহিস্কাৰ কৰিছিল। বহিস্কাৰ কৰাৰ পাছত তেওঁ আলফাৰ এটা গ্ৰুপৰ লগ লাগি এজন মূল অভিযুক্ত হিচাপে কংগ্ৰেছৰ সাধাৰণ সম্পাদক মানৱেন্দ্ৰ শৰ্মাক উজানবজাৰত হত্যা কৰিছিল। তেওঁক হত্যা কৰা অস্ত্ৰ কটনৰ হোষ্টেলৰ এজন ৰান্ধনীৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। তেওঁ আনক আঁজুৰি লাভ নাই।’‘ হিমন্তক সংবাদমেলত এইদৰে তুলাধুনা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ।
ইপিনে, মানৱেন্দ্ৰ শৰ্মাৰ পত্নী আৰু প্ৰাক্তন সাংসদ কিৰিপ চলিহাই এই গোচৰৰ উচিত তদন্ত বিচাৰি মুখ্য মন্ত্ৰী হৈ থকা সময়ত মহন্তক সাক্ষাৎ কৰিছিল বুলি সংবাদমেলত সদৰী কৰে।
‘মই চৰকাৰত থাকোতে মানৱেন্দ্ৰ শৰ্মাৰ পত্নী আৰু প্ৰাক্তন সাংসদ কিৰিপ চলিহাই মোক লগ পাইছিল আৰু কৈছিল যে অসম পুলিচৰ ওপৰত বিশ্বাস নাই গোচৰটো চিবিআইক দিব লাগে। এই গোচৰ চিবিআইলৈ হস্তান্তৰ কৰা হৈছিল যদিও কংগ্ৰেছেও একো নকৰিলে বিজেপিয়েও একো নকৰিলে,‘ মহন্তই এইদৰে কয়।
তাৎপয্যপূৰ্ণভাৱে, মানৱেন্দ্ৰ শর্মা হত্যাৰ অভিযোগৰ পৰা হাত সাৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা সেইসময়ৰ মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ শৰনাপন্ন হৈছিল বুলি মহন্তই সংবাদমেলত দাবী কৰে।
‘মানৱেন্দ্ৰ শর্মা হত্যাৰ অভিযোগৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁ সেইসময়ৰ মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ শৰনাপন্ন হৈছিল। চৰকাৰৰ লগ লাগি তেওঁ তেতিয়াৰে পৰা দালালি আৰম্ভ কৰিলে আৰু কোটি কোটি টকা উপাৰ্জন কৰিলে,‘- হিমন্তৰ বিৰুদ্ধে মহন্তৰ গুৰুতৰ অভিযোগ।
তেওঁ হিমন্তৰ বিৰুদ্ধে অন্য এক অভিযোগ তুলি সংবাদমেলত কয়, ‘কংগ্ৰেছৰ এজন প্ৰভাৱশালী মন্ত্ৰী হিচাপে লুই বাৰ্জাৰ আৰু সাৰদাত খেলিমেলি কৰিছিল, যাৰ কাৰণে সেইসময়ৰ সাংসদ আলুৱালিয়াই কৈছিল যে তেওঁৰ সকলো নথি আমাৰ কাৰ্পেটৰ তলত আছে আৰু সময় হ’লে উলিয়াম। তেতিয়াই তেওঁ কংগ্ৰেছ বাদ দি বিজেপিত যোগদান কৰিছিল।‘
তেওঁ লগতে কয়, ‘গড়কপ্তানি বিভাগটো সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে। মোৰ সমষ্টিৰ কামপুৰৰ কপিলীৰ এখন দলং নিৰ্মাণৰ বাবে ধন আৱন্টন হৈছিল মুঠ ১২ কোটি টকা। কিন্তু দুটা ৰাতিৰ ভিতৰত তাৰ লগত আৰু ৮ কোটি যোগ লাগিল। ওপৰিঞ্চি খৰচ হোৱা দেখুওৱা ধন ক’ত গ’ল?’
ইপিনে, কালি হিমন্তই তেওঁৰ বিৰুদ্ধে অনা গুপ্তহত্যাৰ অভিযোগ প্ৰত্যাখ্যান কৰি মহন্তই কয়, ‘গুপ্তহত্যাৰ কথা ক’বলৈ গৈছে, এইক্ষেত্ৰত পৰেশ বৰুৱা আৰু তেওঁৰ উক্তিটো একেই। সেয়েহে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলো, উচ্চ ন্যায়ালয়ে আমাক ক্লিনশ্বীট দিছে যে অগপৰ দিনত তেনে কোনো ঘটনা সংঘটিত হোৱা নাই। তেওঁ উচ্চ ন্যায়ালয়-উচ্চতম ন্যায়ালয়তকৈ ওপৰত নহয়। তেওঁৰ বক্তব্য আইনসিদ্ধ নহয়, আইনৰ বিৰুদ্ধে গৈছে।‘