• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুপ্তহত্যা অভিযোগৰ প্ৰত্যুত্তৰ! নাম উচ্চাৰণ নকৰাকৈ হিমন্তৰ উপাখ্যান বখানিলে মহন্তই

কটনৰ পৰা সাৰদা, লুই বাৰ্জাৰলৈকে কি কি কৰা নাছিল হিমন্তই? বাখ্যা কৰিলে মহন্তই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 26, 2019 10:01 pm
Himu Prafulla

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বৰ্তমানৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বৰপেটাৰ মৌন সমদলত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্ত গুপ্তহত্যাৰ সৈতে জড়িত বুলি মুকলিকৈ কটাক্ষ কৰিছিল।

তাৰ পাছতে বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিস্থিত হোটেল অম্বৰীশত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগৰ প্ৰত্যুত্তৰ দি নাম উচ্চাৰণ নকৰাকৈ হিমন্ত উপাখ্যান বাখ্যা কৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

Apply Now

কটন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ৰ পৰা কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী হৈ থকালৈকে কি কি অভিযোগ আৰু কেলেংকাৰিৰে জড়িত আছিল সেই কথাও সংবাদমেলত স্পষ্টকৈ কৈ গ’ল মহন্তই।

মহন্তৰ মতে ‘তেওঁ এজন বিশৃংখল ব্যক্তি। তেওঁৰ কথাৰ উত্তৰ নিদিওঁ বুলি আছিলো, কিন্তু কালি কোৱা কিছুমান কথাৰ সংক্ৰান্তত উত্তৰ দিবলগীয়া হৈছে।‘

‘তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত এসময়ত আছিল। তেতিয়া তেওঁ কৰা অশুভ আচৰণ আৰু খেলিমেলিৰ বাবে তেওঁক আছুৱে বহিস্কাৰ কৰিছিল। বহিস্কাৰ কৰাৰ পাছত তেওঁ আলফাৰ এটা গ্ৰুপৰ লগ লাগি এজন মূল অভিযুক্ত হিচাপে কংগ্ৰেছৰ সাধাৰণ সম্পাদক মানৱেন্দ্ৰ শৰ্মাক উজানবজাৰত হত্যা কৰিছিল। তেওঁক হত্যা কৰা অস্ত্ৰ কটনৰ হোষ্টেলৰ এজন ৰান্ধনীৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। তেওঁ আনক আঁজুৰি লাভ নাই।’‘ হিমন্তক সংবাদমেলত এইদৰে তুলাধুনা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ।

ইপিনে, মানৱেন্দ্ৰ শৰ্মাৰ পত্নী আৰু প্ৰাক্তন সাংসদ কিৰিপ চলিহাই এই গোচৰৰ উচিত তদন্ত বিচাৰি মুখ্য মন্ত্ৰী হৈ থকা সময়ত মহন্তক সাক্ষাৎ কৰিছিল বুলি সংবাদমেলত সদৰী কৰে।

‘মই চৰকাৰত থাকোতে মানৱেন্দ্ৰ শৰ্মাৰ পত্নী আৰু প্ৰাক্তন সাংসদ কিৰিপ চলিহাই মোক লগ পাইছিল আৰু কৈছিল যে অসম পুলিচৰ ওপৰত বিশ্বাস নাই গোচৰটো চিবিআইক দিব লাগে। এই গোচৰ চিবিআইলৈ হস্তান্তৰ কৰা হৈছিল যদিও কংগ্ৰেছেও একো নকৰিলে বিজেপিয়েও একো নকৰিলে,‘ মহন্তই এইদৰে কয়।

তাৎপয্যপূৰ্ণভাৱে, মানৱেন্দ্ৰ শর্মা হত্যাৰ অভিযোগৰ পৰা হাত সাৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা সেইসময়ৰ মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ শৰনাপন্ন হৈছিল বুলি মহন্তই সংবাদমেলত দাবী কৰে।

‘মানৱেন্দ্ৰ শর্মা হত্যাৰ অভিযোগৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁ সেইসময়ৰ মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ শৰনাপন্ন হৈছিল। চৰকাৰৰ লগ লাগি তেওঁ তেতিয়াৰে পৰা দালালি আৰম্ভ কৰিলে আৰু কোটি কোটি টকা উপাৰ্জন কৰিলে,‘- হিমন্তৰ বিৰুদ্ধে মহন্তৰ গুৰুতৰ অভিযোগ।

তেওঁ হিমন্তৰ বিৰুদ্ধে অন্য এক অভিযোগ তুলি সংবাদমেলত কয়, ‘কংগ্ৰেছৰ এজন প্ৰভাৱশালী মন্ত্ৰী হিচাপে লুই বাৰ্জাৰ আৰু সাৰদাত খেলিমেলি কৰিছিল, যাৰ কাৰণে সেইসময়ৰ সাংসদ আলুৱালিয়াই কৈছিল যে তেওঁৰ সকলো নথি আমাৰ কাৰ্পেটৰ তলত আছে আৰু সময় হ’লে উলিয়াম। তেতিয়াই তেওঁ কংগ্ৰেছ বাদ দি বিজেপিত যোগদান কৰিছিল।‘

তেওঁ লগতে কয়, ‘গড়কপ্তানি বিভাগটো সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে। মোৰ সমষ্টিৰ কামপুৰৰ কপিলীৰ এখন দলং নিৰ্মাণৰ বাবে ধন আৱন্টন হৈছিল মুঠ ১২ কোটি টকা। কিন্তু দুটা ৰাতিৰ ভিতৰত তাৰ লগত আৰু ৮ কোটি যোগ লাগিল। ওপৰিঞ্চি খৰচ হোৱা দেখুওৱা ধন ক’ত গ’ল?’

ইপিনে, কালি হিমন্তই তেওঁৰ বিৰুদ্ধে অনা গুপ্তহত্যাৰ অভিযোগ প্ৰত্যাখ্যান কৰি মহন্তই কয়, ‘গুপ্তহত্যাৰ কথা ক’বলৈ গৈছে, এইক্ষেত্ৰত পৰেশ বৰুৱা আৰু তেওঁৰ উক্তিটো একেই। সেয়েহে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলো, উচ্চ ন্যায়ালয়ে আমাক ক্লিনশ্বীট দিছে যে অগপৰ দিনত তেনে কোনো ঘটনা সংঘটিত হোৱা নাই। তেওঁ উচ্চ ন্যায়ালয়-উচ্চতম ন্যায়ালয়তকৈ ওপৰত নহয়। তেওঁৰ বক্তব্য আইনসিদ্ধ নহয়, আইনৰ বিৰুদ্ধে গৈছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd