• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

দ্বীপেন শইকীয়া, নগাঁও by দ্বীপেন শইকীয়া, নগাঁও
February 1, 2023 6:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ পৰা কেৱল ১.১ শতাংশহে কৃতকাৰ্য হয়। বুধবাৰে নগাঁও কলেজত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত আই এছ আৰু এ চি এচ পৰীক্ষাৰ প্ৰস্তুতি আৰু কৃতকাৰ্যতাৰ চাবিকাঠী শীৰ্ষক’ এক চিন্তাকৰ্ষক আলোচনা চক্ৰ আৰু মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত মুখ্য সচিব আইএছ বিষয়া তথা অসম শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱাই  এইদৰে কয়।

অৱসৰপ্ৰাপ্ত মুখ্য সচিব গৰাকীয়ে কয় যে উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, তামিলনাডু, হাৰিয়ানা, বিহাৰৰ পৰাই বেছি সংখ্যক প্ৰাৰ্থী লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয়। সেইদৰে, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰৰ পৰা ০.৭ শতাংশ, নাগালেণ্ডৰ পৰা ০.৩৮ শতাংশ, অৰুণাচলৰ পৰা ০.৮ শতাংশ, মেঘালয়ৰ পৰা ০.৬ শতাংশ, মিজোৰামৰ পৰা ০.৪২ শতাংশ আৰু ত্ৰিপুৰাৰ পৰা ০.০৪ শতাংশ উত্তীৰ্ণ হয়।

বৰুৱাই তুলনামূলক তথ্য দাঙি ধৰি কয় যে উত্তৰ প্ৰদেশৰ পৰা ১৫. ৮ শতাংশ আৰু বিহাৰৰ পৰা ১০.৮ শতাংশ আই এচ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ  লগতে কয় যে অভিযন্তা শাখাৰ প্ৰাৰ্থীয়েও ভূগোল, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান বিষয় লৈ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হয়।

Apply Now

আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত সঞ্চালনা কৰে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আৰু আদৰণী ভাষণ প্ৰদান কৰে অধ্যাপিকা ড০ ফাৰিষ্টা য়াচমিনে।

আনহাতে, প্ৰাক্তন মুখ্য সচিব বৰুৱাই তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ভিত্তিত আই এ এছ আৰু আই এ এছ পৰীক্ষাৰ ইতিহাস, আই এ এছ পৰীক্ষাৰ আৰ্হি, কৃতকাৰ্য হোৱাৰ কৌশল, মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি আদি অনুপ্ৰেৰণামূলক বিভিন্ন মন্তব্যৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে এক সৌহাদ্যপূৰ্ণ মত বিনিময় কৰে।

তেওঁ ৬ৰ পৰা ৮ শতাংশ প্ৰতিযোগীয়েহে প্ৰথম প্ৰচেষ্টাতে কৃতকাৰ্য হোৱাৰ বিপৰীতে ৮০ শতাংশতকৈ অধিক প্ৰতিযোগীয়ে দ্বিতীয় আৰু তৃতীয় প্ৰচেষ্টাত কৃতকাৰ্য হয় বুলি মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানত ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে। অধ্যাপক ঋষি ভাৰ্গৱ দাসে অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায়।

দ্বীপেন শইকীয়া, নগাঁও

দ্বীপেন শইকীয়া, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰৰ পিছত এইবাৰ নাগালেণ্ড : সেনাৰ কনভয়ত ভয়ংকৰ আইইডি বিস্ফোৰণ, ১ জন জোৱান ছহিদ

মণিপুৰৰ পিছত এইবাৰ নাগালেণ্ড : সেনাৰ কনভয়ত ভয়ংকৰ আইইডি বিস্ফোৰণ, ১ জন জোৱান ছহিদ

July 14, 2026 6:05 pm
কমেডিয়ান সময় ৰাইনা আৰু আন চাৰিজনক ৩ লাখ টকাকৈ জৰিমনা উচ্চতম ন্যায়ালয়ৰ

কমেডিয়ান সময় ৰাইনা আৰু আন চাৰিজনক ৩ লাখ টকাকৈ জৰিমনা উচ্চতম ন্যায়ালয়ৰ

July 14, 2026 5:47 pm
“আমাৰ বাবে আপোনাৰ জীয়াই থকাটো জৰুৰী, অনুগ্ৰহ কৰি অনশন প্ৰত্যাহাৰ কৰক’’, অসুস্থ সোণমক অনুৰোধ মহুৱাৰ

“আমাৰ বাবে আপোনাৰ জীয়াই থকাটো জৰুৰী, অনুগ্ৰহ কৰি অনশন প্ৰত্যাহাৰ কৰক’’, অসুস্থ সোণমক অনুৰোধ মহুৱাৰ

July 14, 2026 5:18 pm
কাজিৰঙাৰ ইংলে পথাৰ কাণ্ড: ৰাজ্য চৰকাৰৰ লগতে অতুল বৰা, অখিল গগৈ আৰু আটচাক তীব্ৰ সমালোচনা জীপালৰ

কাজিৰঙাৰ ইংলে পথাৰ কাণ্ড: ৰাজ্য চৰকাৰৰ লগতে অতুল বৰা, অখিল গগৈ আৰু আটচাক তীব্ৰ সমালোচনা জীপালৰ

July 14, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰৰ পিছত এইবাৰ নাগালেণ্ড : সেনাৰ কনভয়ত ভয়ংকৰ আইইডি বিস্ফোৰণ, ১ জন জোৱান ছহিদ

মণিপুৰৰ পিছত এইবাৰ নাগালেণ্ড : সেনাৰ কনভয়ত ভয়ংকৰ আইইডি বিস্ফোৰণ, ১ জন জোৱান ছহিদ

July 14, 2026 6:05 pm
কমেডিয়ান সময় ৰাইনা আৰু আন চাৰিজনক ৩ লাখ টকাকৈ জৰিমনা উচ্চতম ন্যায়ালয়ৰ

কমেডিয়ান সময় ৰাইনা আৰু আন চাৰিজনক ৩ লাখ টকাকৈ জৰিমনা উচ্চতম ন্যায়ালয়ৰ

July 14, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd