• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিখন বুজি পাবলৈ হিমন্ত বিশ্বক ৩৩ বছৰ লাগিল : মহন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2019 1:09 pm
Prafulla Mahanta

গুৱাহাটীত শুকুৰবাৰে সংবাদেমলত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’কুম্ভকৰ্ণক ৬ মাহ সময় লাগিছিল শোৱাৰ পৰা উঠিবলৈ, তেওঁক ৩৩ বছৰ লাগিল অসম চুক্তি বুজি পাবলৈ।‘’ অসম চুক্তিৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তৱ্যৰ প্ৰতিক্ৰিয়া প্ৰসংগত এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জ্যেষ্ঠ অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্তই।

শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেঞ্চিত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই হিমন্ত বিশ্ব শৰ্মাই কিছুমান তুলুঙা মন্তব্য কৰি আছে বুলিও মন্তব্য কৰে।

Apply Now

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিখন ৫১’ৰ পৰিৱৰ্তে ৭১’ৰ কৰাৰ বাবেই ৮৫৫ জন শ্বহীদ হ’বলগীয়া হ’ল বুলি কৰা মন্তৱ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি মহন্তই কয়, ‘’অসম চুক্তি স্বাক্ষৰ হোৱাৰ ৩৩ বছৰ পাছত হিমন্ত বিশ্বই ৫১’- ৭১’ৰ কথা বুজি পালে। তেওঁ নিজে অসম চুক্তি দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁৰ এই কথা বুজোতেই ইমান সময় লাগিল, বিলখন তেওঁ কেনেকৈ বুজি পাব?’’

সংবাদমেলত মহন্তই জানিবলৈ দিয়ে যে ২০১৫’ ৰ পৰাই অসম আন্দোলন সংগ্ৰামী মঞ্চই বিধেয়কখনৰ বিৰোধিতা কৰিছিল। ইয়াৰ পাছতহে বিধেয়কখনৰ বিষয়ে অসমৰ ৰাইজ জ্ঞাত হৈছিল।

আনহাতে, ক্ষমতাৰ লোভত চৰকাৰখনে জাতি-মাটি-ভেটি নিলামত দিবলৈ বিচাৰিছে বুলি উল্লেখ কৰি বিজেপিৰ সিদ্ধান্ত জাতিধ্বংসী সিদ্ধান্ত বুলি মন্তব্য কৰাৰ লগতে অসমৰ ৰাইজে ইয়াৰ সমুচিত উত্তৰ দিব বুলি ব্যক্ত কৰে মহন্তই।

তদুপৰি, বিজেপিয়ে ধৰ্মীয় ৰঙ দিয়াৰ চেষ্টা চলাই সমাজৰ ক্ষতি কৰিব বুলি অভিযোগ কৰি মহন্তই কয়,‘’বিজেপিৰ মন্ত্ৰী বিধায়কে ধৰ্মীয় বিছিন্নতাবাদক উচটনি দিছে। তেওঁলোকে গীতা-ভাগৱত চুই শপত লোৱা নাই, তেওঁলোকে সংবিধান চুই শপত খাইছে। গতিকে চাই চিতি মন্তব্য কৰিব লাগে।‘’

মহন্তই লগতে এনেধৰণে সাম্প্ৰদায়িক মন্তব্য কৰি থাকিলে সমাজত বিষবাস্প বিয়পিব বুলি মন্তব্য কৰি ধৰ্ম নিৰপেক্ষতাক বাধা দিয়াৰ কোনো পদক্ষেপেই মানি লোৱা নহ’ব বুলিও স্পষ্ট কৰি দিয়ে। তেওঁ ইয়াৰ বিৰুদ্ধে ৰাজ্যপালক ব্যৱস্থা গ্ৰহণৰ বাবেও আহ্বান জনায়।

ইপিনে, মহন্তই ৰাজ্যসভাত বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে শাৰদ যাদৱ, যশৱন্ত সিন্হা আৰু চন্দ্ৰবাবু নাইডুক লগ ধৰি আহ্বান জনোৱাৰ কথা সদৰী কৰে। তেওঁ লগতে অসম আন্দোলন সংগ্ৰামী মঞ্চই বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে বাধা দিব বুলি জানিব দিয়ে।

আনহাতে, নিৰ্যাতনৰ বলি হৈ অহা হিন্দু সন্দৰ্ভত মহন্তই বিজেপি চৰকাৰক প্ৰশ্ন কৰে, ‘’কিমান লোক ধৰ্মীয় নিৰ্য্যাতনৰ বলি হৈ ভাৰতলৈ আহিছে? কিমানজনে ভাৰতলৈ আহিব বিচাৰিছে হিচাপ আছে নে তেওঁলোকৰ হাতত?’’

তাৎপৰ্যপূৰ্ণভাৱে মহন্তই মন্তব্য কৰে যে হিন্দুৰ যদি নিৰ্য্যাতন হৈছে ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ কাষ চাপিব লাগে। কিন্তু তাকে নকৰি বিজেপি চৰকাৰে বিদেশীক অসমলৈ আনিব বিচাৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd