নিযুক্তি কেলেংকাৰিৰ তদন্ত হ’ব এক ভেকোভাওনা: তৰুণ গগৈ

09-03-19 Guwahati- Tarun Gogoi pmt01

শনিবাৰে গুৱাহাটীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফটো : য়ু বি

ৰাজ্যত জনসংযোগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে। কিন্তু এই তদন্তৰ নিৰ্দেশক লৈ প্ৰশ্ন তুলিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এই তদন্ত এজন বিষয়াক কৰিবলৈ দিয়াৰ পাছতেই বিষয়টোক লৈ শনিবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত সংবাদমেল পাতি  সন্দেহ ব্যক্ত কৰিছে।

‘বিষয়া সকল আৰ এছ এছৰ দ্বাৰা নিয়ন্ত্ৰিত। আৰ এছ এছে যি ধৰণে নিৰ্দেশ দিয়ে সেই ধৰণেই তদন্তৰ প্ৰতিবেদন দিব লাগিব’, সন্দেহ প্ৰকাশ কৰি তৰুণ গগৈয়ে কয়।

‘এই তদন্ত ভেকোভাওনাহে হ’ব’ বুলি মন্তব্য কৰি তৰুণ গগৈয়ে ইয়াৰ দায়িত্ব চি বি আইক অৰ্পনৰো দাবী কৰে।

তেওঁ জনসংযোগ বিভাগে কেইবাটাও পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা সাক্ষাৎকাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

‘আগদিনা পৰীক্ষা পাতি পিছদিনাই নিযুক্তি দিছে। তাত কোনো ভেৰিফিকেশ্যন নাই। এনেকুৱা নিযুক্তি প্ৰক্ৰিয়া পৃথিৱীতেই বিৰল। চৰকাৰখন ইমানেই তৎপৰ হোৱা হ’লে ৰাজ্যত চুলাই মদৰ বাবে ইমান লোকৰ মৃত্যু নহ’লহেতেন, ৰাষ্টা-পদূলি, চিকিৎসালয়ৰ বেয়া অৱস্থা হৈ নাথাকিলহেতেন’, তৰুণ গগৈয়ে কয়।

তেওঁ লগতে দুৰ্নীতি সকলো বিভাগতে হৈ থকাৰ দাবী কৰি কংগ্ৰেছৰ দিনৰ পৰা হৈ থকা সকলো দুৰ্নীতিৰেই তদন্তৰ দায়িত্ব চি বি আইক দিব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, ‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৎসাহস আছে যদি তদন্তৰ ভাৰ চি বি আইক দিয়ক, নহ’লে তেওঁৱো কেলেংকাৰিত জড়িত আছে বুলি কম’।

ইয়াৰ উপৰিও তেওঁ বিজেপি চৰকাৰখনে চি বি আইলৈ ভয় কৰে বুলি মন্তব্য কৰি কয় যে এ পি এছ চি, অবৈধ সুৰাৰ বেহা আদিৰ ঘটনাৰো চৰকাৰখনে চি বি আই তদন্ত দিয়া নাই।

একেটা প্ৰসংগতে এ পি এছ চি কেলেংকাৰিৰ খলনায়ক ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালক আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টোতো তৰুণ গগৈয়ে সন্দেহ প্ৰকাশ কৰে।

তৰুণ গগৈয়ে কয়, ‘ৰাকেশ পালৰ ভাতৃক গ্ৰেপ্তাৰ কৰিলে সকলো ওলাই পৰিব। সেয়ে চৰকাৰেই তেওঁক লুকুৱাই ৰাখিছে।‘