• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত গ্ৰীণ বাছ, হোটেল দেখুৱাই চালকে কৈছিল এইবোৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ: অখিলেশ প্ৰসাদ সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:34 am
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সৈতে বিহাৰৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে৷ অসমৰ চাহ আৰু চাহ বাগান আজি ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হোৱাৰ ক্ষেত্ৰত বিহাৰৰ শ্ৰমিকে সহায় কৰিছে৷ অবিভক্ত বিহাৰৰ আদিবাসী সম্প্ৰদায়ৰ লোক অসমলৈ আহিছিল৷ সেইসকল লোকে চাহ বাগানক সমগ্ৰ বিশ্বত স্থাপিত কৰাত সহায় কৰিছে৷ ব্ৰিটিছ শাসনকালত স্বাধীনতা আন্দোলনৰ সময়ছোৱাত অসমত আহোম জনগোষ্ঠীৰ নেতৃত্বত ব্ৰিটিছক ইয়াৰ পৰা খেদি পঠিয়াইছিল৷ ব্ৰিটিছৰ সাহস হোৱা নাছিল অসমৰ মানুহক আক্ৰমণ কৰিবলৈ৷ অসমৰ সাম্ৰাজ্যৰ পতন কৰিব পৰা নাছিল ব্ৰিটিছে৷ কিন্তু শোচনীয় অৱস্থাৰ মাজেৰে আজিৰ অসম আগবাঢ়িছে৷— ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত শনিবাৰে এইদৰে কয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান বিহাৰৰ পৰা ৰাজ্যসভাৰ সাংসদ ড০ অখিলেশ প্ৰসাদ সিঙে।

তেওঁ আৰু কয়, ”আপোনলোক সকলোৱে জানে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ দৰে পৃথিৱীত ক’তো এনে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী নাই৷ হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰৰ কাহিনী দেশৰ গাঁৱে গাঁৱে আজি চৰ্চা হৈছে৷ মানুহ মুখ্যমন্ত্ৰী হয় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ৷ ডাঙৰ ডাঙৰ সিদ্ধান্ত লয়৷ আমাৰ সংবিধানত কল্যাণকামী ৰাষ্ট্ৰৰ পৰিকল্পনা কৰা হৈছিল৷ কেনেদেৰ গৰীৱ, আশাহত লোকসকলক মুখ্যধাৰাৰ সৈতে জড়িত কৰি শিক্ষা, স্বাস্থ্যৰ সুবিধা প্ৰদান কৰিব পৰা যায়, তেওঁলোকক সংস্থাপন দিব পৰা যায়৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনৰ এইবিলাক কথাক লৈ কোনো ভ্ৰুক্ষেপ নাই৷’’

Apply Now

তেওঁ কয় যে মুখ্যমন্ত্ৰীজনৰ চৰকাৰে এক চিণ্ডিকেট স্থাপন কৰি পৰিকল্পিতভাবে অসমক লুণ্ঠন কৰিছে৷ আজি এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ২ লাখ কোটিতকৈ অধিক ঋণ লৈছে৷ এই ঋণৰ ভাৰ ৰাজ্যখনৰ নাগৰিকৰ ওপৰত পৰিছে৷ বিপৰীতে আপোনালোকৰ সন্মুখত আছে গৌৰৱ গগৈ৷ গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈৰ সৈতে মই কাম কৰিছো৷ তৰুণ গগৈক মই মুখ্যমন্ত্ৰীৰূপে দেখিছো৷ তৰুণ গগৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ কাৰ্যকাল আমি দেখিছো৷ তেওঁ অসমৰ মান-মৰ্যাদা উচ্চ শিখৰলৈ নিছিল৷ আজি মই গৌৰৱ গগৈক সংসদত সহযোগী সদস্যৰূপে পাইছো৷ গৌৰৱ গগৈয়ে যেতিয়া সংসদত বক্তব্য ৰাখে তেতিয়া মোৰ এনে লাগে যে তেওঁ পিতৃৰ পদাংক অনুসৰণ কৰি অসমখনক উচ্চ শিখৰলৈ নিব খোজে৷ এই সপোন প্ৰতিগৰাকী অসমীয়াৰ সপোন৷

সিঙে কয়, ”আজি কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ আজি দুৰ্নীতিত নিমজ্জিত চৰকাৰখনক অসমৰ সকলো ভাই-ভনী অসমীয়াই ৯ এপ্ৰিলত বিদায় দিয়ক৷ ভোটৰ দ্বাৰা এইখন চৰকাৰক আক্ৰমণ কৰক৷ এইখন চৰকাৰক আমি খেদিব লাগিব৷ এইখন চৰকাৰে কেৱল সংঘৰ্ষ, হিন্দু-মুছলমান কৰি শাসনত যিকোনো প্ৰকাৰে থাকিব বিচাৰিছে৷ আজি অসমে এইখন চৰকাৰক ১ মিনিটৰ বাবে সহ্য কৰি থাকিব নোৱাৰে৷ চাহ বাগিচাৰ লোক, শ্ৰমিক, কৃষকৰ আজি ভয়াৱহ অৱস্থা৷ এইসকলৰ বাবে কোনো সুবিধা নাই৷ সেইকাৰণে এইসকল লোকে এইখন চৰকাৰক বিদায় দিব৷’’

তেওঁ লগতে কয় যে কংগ্ৰেছ দলে গাঁও আৰু গৰীৱৰ বাবে এক সুযোগ লৈ আহে৷ আমি অসমতো কেইটামান গেৰাণ্টী প্ৰদান কৰিছো৷ আমি মহিলাসকলক গেৰাণ্টী দিছো৷ মহিলাসকলক প্ৰতিমাহে একাউণ্টযোগে নগদ ধন দিয়া হ’ব৷ কোনো মহিলাই যদি ব্যৱসায় আৰম্ভ কৰিব খোজে তেন্তে ৫০ হাজাৰ টকা সাহায্য প্ৰদান কৰা হ’ব৷ অসমবাসীয়ে জানে যে কি পৰিস্থিতিত জুবিন গাৰ্গক ৰহস্যজনক স্থিতিত বাহিৰলৈ প্ৰেৰণ প্ৰেৰণ কৰা হৈছিল৷ জুবিন গাৰ্গক বাহিৰলৈ নিয়া লোকসকল কোন আছিল সেই কথাৰ বিষয়ে অসমবাসী আৰু দেশবাসী অৱগত৷ কংগ্ৰেছ দলে গেৰাণ্টী দিছে যে কংগ্ৰেছ চৰকাৰে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে৷ আমি সিদ্ধান্ত লৈছো যে জুবিন গাৰ্গৰ নামত এখন আৰ্ট আৰু সংস্কৃতিৰ সৈতে জড়িত বিশ্বস্তৰীয় প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব৷

এইখন চৰকাৰে ভূমিহীনক যি অস্থায়ী পট্টা দিয়াৰ ব্যৱস্থা কৰিছে তাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে ভূমিহীনক স্থায়ী ম্যাদী পট্টা প্ৰদান কৰিব৷ জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে সুকীয়া বিভাগ স্থাপন কৰা হ’ব আৰু মাহিলী ১২৫০ টকা দিয়া হ’ব৷ প্ৰতিটো পৰিয়ালক স্বাস্থ্য বীমা যোগে ২৫ লক্ষ টকাৰ বীমা প্ৰদান কৰা হ’ব৷ আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই অসমলৈ আহি স্পষ্ট কৰিছে যে অসমত ২৪৪এ কাৰ্যকৰী কৰিম৷ ভাৰতীয় সংবিধানৰ ধাৰা ২৪৪ যোগে স্বায়িত্ব শাসিত অঞ্চলসমূহৰ পৰিচালনাৰ বাবে ব্যৱস্থা প্ৰদান কৰা হ’ব৷ যাতে সেই অঞ্চলৰ সিদ্ধান্ত গুৱাহাটী আৰু দিল্লীৰ পৰা লোৱা নহয়৷ এয়া কোনো প্ৰতিশ্ৰুতি নহয় অসমৰ ভৱিষ্যতৰ কথা৷ আমি অধিকাৰ অসমৰ প্ৰতিঘৰ লোকলৈ প্ৰেৰণ কৰিব খোজো৷

আজি অসমবাসীয়ে জানে যে আদানিৰ সৈতে বিদ্যুৎ ক্ষেত্ৰত এক চুক্তি কৰা হৈছে৷ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীয়ে এই চুক্তি কৰিছে৷ ২০৩৫-৩৬ বৰ্ষলৈ ২৮৫০ মেগাৱাট বিদ্যুৎ প্ৰয়োজন হ’ব৷ কিন্তু আদানিৰ সৈতে ৩২০০ মেগাৱাট বিদ্যুতৰ চুক্তি কৰা হৈছে৷ ব্যৱস্থাক কেনেদৰে ভ্ৰষ্টাচাৰত নিমজ্জিত কৰা হৈছে এয়া এক উদাহৰণ৷

অখিলেশ প্ৰসাদ সিঙে কিছুদিন পূৰ্বে অসমলৈ এখন বিয়া খাবলৈ অহাৰ প্ৰসংগ টানি আনি পিএছঅ’ আৰু গাড়ীৰ চালকে তেওঁক অৱগত কৰা কিছু কথা সংবাদমেলত উল্লেখ কৰে৷ কামাখ্যাত পূজা কৰিবলৈ যোৱাৰ সময়ত অখিলেশ প্ৰসাদ সিঙক ৰাস্তাত প্ৰত্যক্ষ কৰা গ্ৰীণ বাছ দেখুৱাই চালকজনে কৈছিল যে ছাৰ এই বাছবোৰ যে দেখিছে এইসমূহ মুখ্যমন্ত্ৰীৰ পত্নীৰ৷ কেৱল বাছেই নহয় পঞ্চতাৰকা হোটেল দেখুৱাই কৈছিল যে এইখনো মুখ্যমন্ত্ৰীৰ৷ তেওঁলোকে মোক কৈছিল যে ১০ৰ পৰা ১২ হাজাৰ বিঘা মাটিত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে কব্জা কৰিছে৷ যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে লুণ্ঠন কৰিছে সেইখন ৰাজ্যৰ গৰীৱ জনতাৰ অৱস্থা কেনেকুৱা হ’ব পাৰে সেয় চিন্তা কৰিবলগীয়া৷

মই আজিৰ সংবাদমেলৰ পৰা অসমৰ ভোটদাতা মুৰব্বীসকলক আহ্বান কৰিব খুজিছো যে এইখন চৰকাৰক ভোটেৰে আক্ৰমণ কৰি কংগ্ৰেছৰ চৰকাৰ গঠন কৰক৷ যাতে অসমৰ মানুহৰ আকাংক্ষা আৰু আশা অনুযায়ী এখন চৰকাৰ অসমত পৰিচালিত হয়৷ যিসকল লোকে অসহায় অৱস্থাত জীয়াই থাকিবলৈ বাধ্য হৈছে তেওঁলোকক মুখ্য ধাৰাৰ সৈতে সংপৃক্ত কৰিব পৰা যায়৷ যিখন চৰকাৰে সকলোকে কৃষি কাৰ্য, দৰৱৰ ব্যৱস্থা কৰিব পাৰে৷ বানৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱস্থা কৰা হওক৷ অসমত প্ৰাকৃতিক যেনে কয়লাৰ ভাণ্ডাৰ আছে৷ তাৰ লাভ ৰাইজে পাও আৰু দেশৰ বিকশিত ৰাজ্যৰ তালিকাত অসম সন্নিৱিষ্ট হওক৷

কংগ্ৰেছৰ চৰকাৰ আহিলে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকে উচিত দাম লাভ কৰিব পাৰিব বুলিও কয় বিহাৰ কংগ্ৰেছৰ নেতাগৰাকীয়ে৷ কংগ্ৰেছ চৰকাৰে পূৰ্বৰে পৰা সিদ্ধান্ত লৈছে যে আমাৰ চৰকাৰ গঠন হ’লে কৃষকৰ উৎপাদিত ফচলক ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইন প্ৰস্তুত কৰিম৷ মই নিজে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ মনমোহন সিং চৰকাৰৰ দিনত ভাৰত চৰকাৰৰ কৃষি আৰু খাদ্য মন্ত্ৰী আছিলো৷ মোদী চৰকাৰে কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ কথা কৈছিল যদিও কৃষকৰ উপাৰ্জন দুগুণ নহ’ল কিন্তু সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত কৃষকৰ খৰছ দুগুণ বৃদ্ধি পালে৷ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত ধানৰ এমএছপি প্ৰতি কুইণ্টলত ৫৫০ টকা আছিল সেই ধানৰ দাম প্ৰতি কুইণ্টলত মনমোহন সিঙৰ চৰকাৰে ১১৫০ টকালৈ বৃদ্ধি কৰিছিল৷ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত গেহুৰ এমএছপি ৬২০ টকা আছিল৷  মনমোহন সিঙৰ চৰকাৰ ১২৪০ টকালৈ বৃদ্ধি কৰিছিল৷ এনেদৰে কৃষকৰ সকলো ফচলৰ দাম বৃদ্ধি কৰা হৈছিল৷ কেৱল ইমানেই নহয়, কৃষকৰ ৭৫ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰা হৈছিল আমাৰ চৰকাৰৰ দিনত৷ ভাৰতৰ কোনো চৰকাৰে আজিলৈ সেই কাম কৰা নাই৷

বিজেপিয়ে প্ৰতিশ্ৰুতি ঠিকেই দিয়ে, কিন্তু কাম নকৰে বুলিও কয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে সময় আহিলে বিজেপিয়ে প্ৰতিশ্ৰুতিক ‘ঝুমলা’ আছিল বুলি কৈ দিয়ে৷ ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছতে কৃষকক কৰা প্ৰতিশ্ৰুতি আমি পূৰণ কৰিছো৷ আমি এই ৰাজ্যসমূহত এমাহৰ ভিতৰত কৃষক ঋণ মাফ কৰিছো৷ আমি অসমত যি প্ৰতিশ্ৰুতি দিছো সেয়া চৰকাৰ গঠনৰ পিছতে পূৰণ কৰিম৷ দক্ষিণৰ ৰাজ্য, মহাৰাষ্ট্ৰ, গুজৰাটৰ দৰে উন্নত ৰাজ্যৰ শাৰীলৈ লৈ যাম অসমক৷  মই আশা কৰিছো যে ভ্ৰষ্টাচাৰত ডুবি থকা চৰকাৰক বিদায় দিবলৈ অসমৰ মাতৃ, ভগ্নী, যুৱক, কৃষক, মজদুৰে এটা এটা ভোট প্ৰদান কৰি এইখন চৰকাৰক বিদায় দি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব৷ অসমত এখন জনতাৰ দ্বাৰা জনতাৰ কাম কৰা চৰকাৰ গঠন হ’ব৷     

সাংসদ অখিলেশ প্ৰসাদ সিঙে বিহাৰত নিৰ্বাচনৰ মাজতে মহিলাৰ একাউণ্টত ১০ হাজাৰকৈ টকা প্ৰদান কৰাৰ প্ৰসংগ টানি আনি কয় যে আজি বিহাৰৰ পৰিস্থিতি কি সকলোৱে জানে৷ মাৰ্চ মাহৰ দৰমহা দিবলৈ চৰকাৰৰ টকা নাই৷ লোভ দি ভোট সংগ্ৰহ কৰা পৰম্পৰাৰ বিৰুদ্ধে ৰাইজে সেয়ে আঁতৰি থাকিব লাগে বুলিও কয় সিঙে৷ তেওঁ অসমৰ জনতাক আহ্বান জনাই কয়, ”বিহাৰৰ পৰা মানুহে শিক্ষা ল’ব লাগে৷ বিহাৰৰ দৰেই যদি অসমত হয় তেন্তে ইয়াৰো জনসাধৰণৰ অৱস্থা বেয়াৰ দিশে যাব৷ মই নাভাবো যে অসমৰ মানুহ এনে জালত ভৰি দিব৷’’

উল্লেখ্য যে সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰ আৰু মিডিয়া বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰুণ ত্ৰিপাঠিয়েও অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd