নিজৰ এক তথ্য চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কালি বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আহি উপস্থিত হৈছেহি ইংলণ্ডৰ প্ৰাক্তন ক্ৰিকেট খলুৱৈ কেভিন পিটাৰচন৷
৩ মাৰ্চত গুৱাহাটীত আহি উপস্থিত হোৱা কেভিন পিটাৰচনে গুৱাহাটীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতো আলোচনতা মিলিত হৈ পুৱাই কাজিৰঙালৈ বুলি যাত্ৰা কৰে৷
গুৱাহাটীৰ পৰা কাজিৰঙালৈ অহাৰ পথত কেভিন পিটাৰচনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ গাতে লাগি থকা নতুন ডাঙ্গা নামৰ গাঁত গঢ়ি উঠা পাৰিপাৰ্শিক উন্নয়ন সমিতিয়ে নিৰ্মাণ কৰা অতিথিশালাত গাওঁবাসীৰ আতিথ্য গ্ৰহণ কৰে৷
নতুনডাঙ্গাৰ আহম নামৰ কেন্দ্ৰটোত কাৰ্বি খাদ্যৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কেভিন পিটাৰচনে কাজিৰঙাৰ কহঁৰালৈ বুলি যাত্ৰা কৰে৷
নতুনডাঙ্গা গাঁওৰ পৰিবেশ আৰু কাৰ্বি আহাৰৰ জুতিলৈ বন্যপ্ৰাণী সংৰক্ষণৰ বাবে গাঁওবাসীয়ে লোৱা পদক্ষেপৰ শলাগ লয় তেওঁ৷
অহা ১২ মাৰ্চলৈকে কেভিন পিটাৰচন কাজিৰঙাতে থাকিব আৰু এই সময়ছোৱাত তেওঁ কাজিৰঙাৰ বিভিন্ন নিৰ্বাচিত লোকেচনত গঁড় সংৰক্ষণ সজাগতাৰ তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ কৰিব৷
৫ মাৰ্চৰ পুৱাতে তেওঁ হাতীৰে উদ্যান দৰ্শন কৰি পুনৰ জীপেৰে উদ্যানৰ ভিতৰলৈ গৈ এলানি দৃশ্যগ্ৰহণ কৰিব৷ দিনৰ ভাগত কাজিৰঙাৰ ভিতৰত কৰ্মৰত বনকৰ্মীৰ সৈতেও কেভিন পিটাৰচনে বাৰ্তালাপ কৰাৰ দৃশ্যগ্ৰহণ কৰিব খেলুৱৈজনে৷