দুৰ্নীতি সংঘটিত কৰাৰ অপৰাধত ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ ছাৰক’জিক তিনি বছৰৰ কাৰাদণ্ড বিহিছে ফ্ৰান্সৰ আদালতে। সোমবাৰে ফ্ৰান্সৰ এক আদালতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক এই শাস্তি প্ৰদান কৰিছে।
ইফালে ২০০৭ চনৰ পৰা ২০১২ চনলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা চাৰক’জিয়ে তেওঁৰ বিৰুদ্ধে চলি থকা দুৰ্নীতিৰ তদন্তৰ সময়ত ২০১৪ চনত এজন জ্যেষ্ঠ দণ্ডাধীশৰ পৰা অবৈধভাৱে তথ্য সংগ্ৰহ কৰিবলৈ উৎকোচ দিয়াৰ চেষ্টা কৰিছিল বুলিও অভিযোগ উঠিছিল।
আনহাতে ন্যায়াধীশে কৈছে যে চাৰক’জিয়ে কাৰাগাৰত সময় পৰা কৰাৰ প্ৰয়োজন নাই। তেওঁ এটা ইলেক্ট্ৰিক বেছলেট পৰিধান কৰি ঘৰতে কাৰাবাসৰ দণ্ড অতিবাহিত কৰিব পাৰিব।
উল্লেখ্য যে ফ্ৰান্সৰ ইতিহাসত ৬৬ বছৰীয়া চাৰক’জিয়ে হৈছে প্ৰথমজন ফ্ৰান্সৰ ৰাষ্ট্ৰপতি যিয়ে কাৰাবাসেৰে দণ্ডিত হৈছে।
চাৰক’জিৰ অধিবক্তাই আদালতত চাৰক’জিৰ বাবে দুবছৰীয়া কাৰাবাস আৰু দুবছৰীয়া নিলম্বনৰ শাস্তিৰ আবেদন জনাইছিল যদিও ন্যায়াধীশ গিলবাৰ্ট এজিবাৰ্টে সেই আবেদন নাকচ কৰে।
দীঘলীয়া তদন্ত আৰু আইনী জটিলতাৰ অন্তত বিগত বৰ্ষৰ শেষৰফালে চাৰক’জিক দোষী সাৱস্ত্য কৰা হৈছিল আৰু সোমবাৰে ফ্ৰান্সৰ আদালতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক শাস্তি প্ৰদান কৰিছে।
উল্লেখ্য যে উক্ত দীঘলীয়া তদন্তত চাৰক’জিয়ে ২০০৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত অবৈধভাৱে উৎকোচ গ্ৰহণ কৰাৰো তথ্য প্ৰমাণ লাভ কৰিছিল।