হাস্পাতালত কৰ’না আক্ৰান্ত আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী; আছে অক্সিজেন ছাপোৰ্টত

আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী কোভিড-১৯ত আক্ৰান্ত হৈছে। তেওঁৰ কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট যোৱা সপ্তাহত পজিটিভ আহিছিল। বৰ্তমান মোডীক অক্সিজেন ছাপোৰ্টত ৰখা হৈছে।

ললিত মোডীয়ে নিজেই ইনষ্টাগ্ৰামত কৈছে যে তেওঁ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁ কয় যে যোৱা দুসপ্তাহত তেওঁ দুবাৰ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। নিউমোনিয়াত ভুগি আছে।

তেওঁ ইনষ্টাগ্ৰামত লিখিছে যে তেওঁৰ ইনফ্লুৱেঞ্জাও পাইছে। ললিত মেক্সিকোত আছিল। তাতেই চিকিৎসা চলি আছিল। পিছত তেওঁক এয়াৰ এম্বুলেন্সত লণ্ডনলৈ অনা হৈছে।

লগতে পঢ়ক: অঘটন! ‘ভাৰত জোড়ো যাত্ৰা’ত ৰাহুল গান্ধীৰ লগত খোজ কাঢ়ি থাকোঁতে জলন্ধৰৰ কংগ্ৰেছ সাংসদৰ মৃত্যু

বৰ্তমান মোডী ২৪ ঘণ্টাই অক্সিজেন ছাপোৰ্টত থাকিব লাগিব। চিকিৎসালয়ৰ বিচনাত শুই থাকোঁতে কেইবাটাও পোষ্টত তেওঁ তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে লিখিছে। তেওঁ লিখিছে, “তিনি সপ্তাহ ধৰি কোভিড আৰু দুসপ্তাহ ধৰি  মই ইনফ্লুৱেঞ্জা আৰু নিউমোনিয়াত ভুগি আছোঁ। মই দীৰ্ঘদিন ধৰি লণ্ডনলৈ উভতি যাবলৈ চেষ্টা কৰি আছিলো। অৱশেষত, মোৰ পুত্ৰৰ প্ৰচেষ্টা আৰু দুজন চিকিৎসকৰ তত্বাৱধানত মই এখন এয়াৰ এম্বুলেন্সত লণ্ডন পাবলৈ সক্ষম হৈছো। ইয়াত বহুত ভাল চিকিৎসা হৈছে। কিন্তু এতিয়া মই অক্সিজেন ছাপোৰ্টত থাকিব লাগিব।‘’

লগতে পঢ়ক: ৩৭৯ ৰাণৰ দুৰ্দান্ত ইনিংছৰ সুবাদতে টী-২০ দলত পৃথ্বী! অক্ষৰ-ৰাহুলক ছুটী, দললৈ উভতিল জাদেজা

আন এটা পোষ্টত তেওঁ চিকিৎসকসকলক পৃথকে প্ৰশংসা কৰিছে। দুজন চিকিৎসকৰ এজন মেক্সিকোৰ। আনজন লণ্ডনৰ। এই চিকিৎসকজনে কেৱল তেওঁৰ বাবেই ব্ৰিটেইনৰ পৰা মেক্সিকোলৈ উৰা মাৰিছিল। মোডী তেওঁলোকৰ সৈতে এয়াৰ এম্বুলেন্সত লণ্ডনলৈ উভতি আহিছে। এইবাৰ তেওঁৰ লক্ষ্য হৈছে সোনকালে আৰোগ্য হৈ উঠা।