• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদৰ্শৰ সততা! বিজ্ঞাপন বৰ্জিত সাফল্যৰ স্বীকৃতি আৰু মূল্যবোধৰ দোহাই দি স্বীকৃতি অস্বীকাৰেৰে চৰ্চাত কে কে শৈলাজা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 7, 2022 7:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গত ২০১৯ বৰ্ষৰ শেষৰ ফালৰ পৰা ২০২১ বৰ্ষৰ আৰম্ভণিলৈকে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ক’ভিদ মহামাৰীয়ে কালান্তক ৰূপ ধাৰণ কৰিছিল। ভাৰতবৰ্ষত ক’ভিদৰ প্ৰাথমিক ঢৌ আৰম্ভ হৈছিল দক্ষিণৰ ৰাজ্য কেৰালাত। ৰাজ্যখনত ক’ভিদৰ দ্ৰুত সংক্ৰমণে সৃষ্টি কৰিছিল একপ্ৰকাৰৰ বিভীষিকাময় পৰিস্থিতিৰ। এই ক’ভিদ বিভীষিকাৰ পৰা ৰাজ্যৰ জনসাধাৰণক মুক্ত কৰাৰ যুঁজত সন্মুখৰ পৰা নেতৃত্ব বহন কৰিছিল ৰাজ্যখনৰ তদানীন্তন স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। পিছে নিজৰ কামৰ ঢাক-ঢোল কোবাই তেওঁ প্ৰচাৰ কৰা নাছিল ব্যক্তিগত সফলতাৰ গুণগান। তাৰ পৰিৱৰ্তে স্বাস্থ্যখণ্ডৰ প্ৰতিগৰাকী কৰ্মচাৰীলৈ ক’ভিদ বিৰোধী যুঁজখনত লাভ কৰা সফলতাৰ স্বীকৃতি আগবঢ়াই দিছিল।

নাম তেওঁৰ কে কে শৈলাজা। বাওঁপন্থী শাসিত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী হিচাপে শৈলাজাই আগবঢ়োৱা অবদানৰ স্বীকৃতি দি এইবৰ্ষৰ এছিয়াৰ ন’বেল খ্যাত ৰেমন মেগছেছে বঁটা তেওঁলৈ আগবঢ়োৱা হৈছিল। কিন্তু মূল্যবোধৰ নিদৰ্শন দাঙি ধৰি এনে এক গৰিমাময় সন্মান প্ৰত্যাখ্যান কৰিছে শৈলাজাই।

Apply Now

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ জেষ্ঠ নেতৃগৰাকীয়ে দলীয় সিদ্ধান্তত সন্মতি জনাই মেগছেছে বঁটা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় বুলি জানিবলৈ দিছে। ক’ভিদৰ বিৰুদ্ধে যুঁজখনক এক সামূহিক যুঁজ হিচাপে অভিহিত কৰি ব্যক্তিগতভাৱে এই সন্মান গ্ৰহণ কৰিবলৈ অসন্মতি জনায় প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। শৈলাজাই কয় যে ৰাজ্যত সকলোৱে সামূহিক প্ৰচেষ্টাৰে ক’ভিদ মহামাৰী ৰোধ কৰাৰ পাছত এই সাফল্যৰ বাবে আগবঢ়োৱা সন্মান ব্যক্তিগতভাৱে গ্ৰহণ কৰিব নোৱাৰে।

ইফালে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে শৈলাজাই এই বঁটা প্ৰত্যাখ্যান কৰাৰ আন এক দলীয় কাৰণ উল্লেখ কৰে।য়েচুৰীৰ ভাষ্য মতে মেগছেছে সাম্যবাদৰ বিৰোধী আছিল আৰু ফিলিপাইনছত কমিউনিষ্টসকলৰ ওপৰত ৰেমন মেগছেছেই কৰা নিৰ্মম অত্যাচাৰৰ এক স্পষ্ট ইতিহাস আছে। সেয়েহে এগৰাকী কমিউনিষ্ট দলৰ সদস্য হিচাপে তেওঁৰ নামত আগবঢ়োৱা বঁটা গ্ৰহণ কৰা উচিত নহ’ব বুলি য়েচুৰীয়ে উল্লেখ কৰে। অৱশ্যে ইয়াৰ লগতে য়েচুৰীয়ে ৰাজ্যৰ ক’ভিদৰ বিৰুদ্ধে লাভ কৰা সফলতা চৰকাৰৰ লগতে স্বাস্থ্য বিভাগৰ সকলোৰে সহযোগিতাৰ ফলতহে সম্ভৱ হৈছিল বুলি উল্লেখ কৰে। য়েচুৰীয়ে কয় যে কেৰালাৰ বাওঁপন্থী চৰকাৰে কৰা ৰাজহুৱা শিক্ষা আৰু স্বাস্থ্যৰ আমূল পৰিৱৰ্তন কেৱল এগৰাকী ব্যক্তিৰ বাবে সম্ভৱ হোৱা নাই। এইয়া বিকল্প ৰাজনৈতিক নীতিৰ বাবেহে সম্ভৱ হৈছে। সেয়েহে কেৱল কে কে শৈলাজা নহয়, ক’ভিদৰ বিৰুদ্ধে লাভ কৰা সফলতাৰ মান্যতা বাওঁপন্থী চৰকাৰ আৰু স্বাস্থ্য বিভাগেও পোৱা উচিত।

সি যি কি নহওক, ৰমন মেগছেছেৰ দৰে এক সন্মানীয় বঁটা অস্বীকাৰ কৰি শৈলাজাই দাঙি ধৰা আদৰ্শগত সততা এতিয়া ব্যাপক চৰ্চিত হৈ পৰিছে। বিশেষকৈ যি সময়ত কেন্দ্ৰীয় চৰকাৰকে ধৰি দেশৰ শাসকীয় দল বিজেপিয়ে দেশত ক’ভিদ নিয়ন্ত্ৰণৰ যুঁজখনক দলীয় সাফল্যৰ ৰূপ দিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল, সেই সময়ত প্ৰচাৰবিমুখ কেৰালা চৰকাৰে নিৰৱে চলাই গৈছিল মানগত স্বাস্থ্য সেৱা। ক’ভিদৰ সন্ত্ৰাসৰ সময়ত কেন্দ্ৰৰ মোদী চৰকাৰে নিজৰ সফলতাৰ খতিয়ান দাঙি ধৰাত কোনো ত্ৰুটি ৰখা নাছিল। অভিলাসী বিজ্ঞাপনৰ চমকেৰে জনসাধাৰণৰ সন্মুখত বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীক ক’ভিদৰ বিৰুদ্ধে যুঁজৰ প্ৰধান সেনাপতি হিচাপে প্ৰক্ষেপ কৰিছিল। বিজেপিৰ এই বিজ্ঞাপনৰ চমকত হাত উজান দিছিল বিজেপিৰ প্ৰতি অনুগত মূলসুঁতিৰ সংবাদ মাধ্যমসমূহেও। কেৱল মোদীয়েই নহয়, তেনে অনুৰূপ প্ৰকাশভংগীৰ ব্যাপক ৰূপত প্ৰতিফলন ঘটিছিল অসমতো।

ক’ভিদৰ সময়ত অসমৰ তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ কামৰ প্ৰচাৰত আওকাণ কৰা নাছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি স্বাস্থ্য ব্যৱস্থাৰ বুজ লোৱা হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে উপস্থিত হৈছিল সংবাদ মাধ্যমৰ কেমেৰা আৰু অসমৰ জনসাধাৰণৰ সন্মুখত ইয়াৰ লাইভ টেলিকাষ্ট প্ৰদৰ্শন কৰা হৈছিল। ইফালে অভিলেখ সৃষ্টিৰে প্ৰথমবাৰৰ বাবে এখন ৰাজ্যই ব্যক্তিগত প্ৰচেষ্টাৰে চীনৰ পৰা পিপিই কীট ক্ৰয় কৰা বুলি দাবী কৰি বিমানবন্দৰত নিজে উপস্থিত হৈ এই পিপিই কীট সংগ্ৰহ কৰাৰ গৌৰৱক্ষণৰ ফটোও শ্বেয়াৰ কৰিছিল শৰ্মাই।

পিছে কিছুদিন পূৰ্বে এই পিপিই কীট ক্ৰয়ত কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উঠাৰ পাছতেই পাভলুটি মাৰি সেই একেগৰাকী হিমন্ত বিশ্ব শৰ্মাই চীনৰ পৰা কোনো পিপিই কীট ক্ৰয় কৰা নাছিল বুলিহে দাবী কৰে। পিপিই কীট আখ্যান বাদ দিলেও ক’ভিদৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত আঁৰত পিছে ঠিকেই লুকাই পৰিছিল স্বাস্থ্য খণ্ডৰ শোচনীয় অৱস্থাৰ স্বৰূপ। এগৰাকী দক্ষ মন্ত্ৰী হিচাপে দক্ষতাৰ জয়গান গোৱা হিমন্ত বিশ্ব শৰ্মাই প্ৰায় বিশ বছৰ ধৰি স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছতো, স্বাস্থ্যখণ্ডৰ যি শোচনীয় অৱস্থা ক’ভিদৰ সময়ত লুকুৱাব খুজিলেও স্বয়ংক্ৰিয়ভাৱেই পোহৰলৈ আহিছিল, সেই সন্দৰ্ভত প্ৰশ্ন কৰাটোও অযুগুত যেন উপলব্ধি কৰিলে ৰাজ্যৰ সংবাদ মাধ্যমে। কেৱল দেখাই গ’ল হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাৰ দৃশ্যহে!

পিছে এনে ব্যাপক প্ৰচাৰ আৰু বিজ্ঞাপনৰ চমকৰ পিছতো প্ৰধানমন্ত্ৰী মোদীয়েই হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক বা আন কোনো বিজেপিৰ শীৰ্ষ নেতাই হওক, এই সকলোকে পিছলৈ ঠেলি প্ৰচাৰবিমুখ আৰু বিজ্ঞাপনৰহিত এগৰাকী বাওঁপন্থী নেত্ৰীয়ে স্বাস্থ্যখণ্ডত দাঙি ধৰা অভুতপূৰ্ব সফলতাৰ বাবে এক সন্মানীয় স্বীকৃতি লাভ কৰাটো স্বাভাৱিকতেই আশ্চৰ্যজনক বুলিব লাগিব। তাৰ পিছতো যাঁচি দিয়া সন্মান নাকচ কৰি শৈলাজাই যি আদৰ্শগত সততা, মূল্যবোধ আৰু নীতিনিষ্ঠ ব্যক্তিত্বৰ চানেকি দাঙি ধৰিলে, সেয়া সকলোৱেই মান্যতা দিবলৈ যেন বাধ্য। নিজৰ সফলতাৰ ফটাঢোল কোবাই খ্যাতি অৰ্জনৰ দৌৰত নামি পৰা তথাকথিত ‘সফল’ নেতাৰ তুলনাত শৈলাজা এতিয়া হৈ পৰিছে জনমুখী নেতাৰ এক অভিনৱ নিদৰ্শন।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd