নেপালত পুনৰ ৰাজতন্ত্ৰ পুনৰুত্থানৰ দাবীত তীব্ৰ আন্দোলনে গা কৰি উঠিছে। এই আন্দোলনৰ নেতৃত্ব লৈছে প্ৰাক্তন মাওবাদী নেতা দুৰ্গা প্ৰসাইয়ে।
শুকুৰবাৰে ৰাজধানী কাঠমাণ্ডুত সংঘটিত হোৱা সংঘৰ্ষত তিনিজন লোক নিহত হোৱাৰ লগতে এশৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
২০০৮ চনত নেপালত ৰাজতন্ত্ৰ বিলুপ্ত হৈছিল। কিন্তু এইবাৰ ৰাজতন্ত্ৰ পুনৰুত্থানৰ দাবীত সৰ্বাত্মক আন্দোলনে গা কৰি উঠিছে চুবুৰীয়া ৰাষ্ট্ৰখনত। আশ্চৰ্যজনকভাবে এই আন্দোলনত নামি পৰিছে প্ৰাক্তন মাওবাদী নেতা দুৰ্গা প্ৰসাই।
উল্লেখ্য যে এসময়ত মাওবাদীয়ে নেপালৰ ৰজা জ্ঞানেন্দ্ৰ শ্বাহক ক্ষমতাৰ পৰা অপসাৰণ কৰিছিল। কিন্তু এইবাৰ সেই একেই প্ৰসাইয়েই ৰাজতন্ত্ৰ পুনৰুত্থানৰ দাবীত আন্দোলনৰ নেতৃত্ব লৈছে।
শুকুৰবাৰে প্ৰসাইয়ে নিজৰ গাড়ীৰে সংসদ ভৱনৰ সমুখত থকা আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।
খবৰ অনুসৰি আৰক্ষীয়ে প্ৰসাইয়ে বৰ্তমান আত্মগোপন কৰি আছে। অৱশ্যে তেওঁ দেশ এৰি নোযোৱাকৈ কাঠমাণ্ডুৰে এটা মন্দিৰত আত্মগোপন কৰি আছে।
ৰাজতন্ত্ৰবাদীসকলে দাবী কৰে যে দেশৰ বৰ্তমানৰ গণতান্ত্ৰিক চৰকাৰখনে জনসাধাৰণৰ আশা পূৰণ কৰাত ব্যৰ্থ হৈছে। দুৰ্নীতি, অৰ্থনৈতিক মন্দাৱস্থা, ৰাজনৈতিক অস্থিৰতাৰ বাবে জনসাধাৰণৰ মাজত আকৌ ৰাজতন্ত্ৰৰ প্ৰতি আকৰ্ষণ বাঢ়িছে।
এই আন্দোলন আৰু অধিক তীব্ৰতৰ হৈ পৰিছে ৰজা জ্ঞানেন্দ্ৰ শ্বাহ দেশলৈ ঘূৰি অহাৰ ফলত। মাৰ্চ মাহৰ আৰম্ভণিতে প্ৰায় ৪ লাখ সমৰ্থকে ৰজাক আদৰণি জনাই ধ্বনি দি কয়: “আহক ৰজা, বচাওক দেশ!”
উল্লেখ্য যে দুৰ্গা প্ৰসাইৰ ৰাজনৈতিক জীৱন জটিল আৰু নাটকীয়। এসময়ত মাওবাদীৰ হৈ কাম কৰা প্ৰসাইয়ে পিছলৈ কমিউনিষ্ট পাৰ্টিৰ নেতা কে পি অলিৰ লগত ঘনিষ্ঠ হৈ পৰে। কিন্তু ২০২২ চনত দলৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত তেওঁ পোনপটীয়াকৈ ৰাজতন্ত্ৰ সমৰ্থক আন্দোলনত যোগদান কৰে।
প্ৰসাইয়ে ২০২৩ চনত প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ সৈতে মিলি নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰাৰ দাবী জনাইছিল। তেওঁৰ নেতৃত্বত “জাতি, জাতীয়তাবাদ, ধৰ্ম আৰু সংস্কৃতি ৰক্ষাৰ অভিযান” শীৰ্ষক আন্দোলন এটাৰ সৃষ্টি হৈছে, যিয়ে হাজাৰ হাজাৰ লোকক ৰাজপথলৈ উলিয়াই আনিছে।
ইফালে প্ৰসাই আৰু তেওঁৰ সমৰ্থকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। শুকুৰবাৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছত তেওঁৰ কেইবাজনো ঘনিষ্ঠ সহযোগীক গ্ৰেপ্তাৰ কৰা হয়। নেপাললৈ ৰাজতন্ত্ৰ ঘূৰি আহিব নে নহয় সেয়া সময়েহে ক’ব। কিন্তু দুৰ্গা প্ৰসাইৰ এই আন্দোলনে এক দশকৰ পাছত ৰাজতন্ত্ৰ বনাম গণতন্ত্ৰৰ বিতৰ্ক পুনৰ চৰ্চালৈ আনিছে।