Aung Suu Kyi: আৰু গৃহবন্দিত্ব নহয়; এইবাৰ নিৰ্জন কাৰাগাৰলৈ নিক্ষেপ আং ছান ছ্যু কীক

ম্যানমাৰৰ শাসনাধীষ্ঠ জুন্টা অপসাৰিত প্ৰাক্তন নেত্ৰী আং ছান ছ্যু কীক গৃহবন্দিত্বৰ পৰা সেনা নিৰ্মিত ৰাজধানী নেপিড’ৰ এটা নিৰ্জন কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে। বৃহস্পতিবাৰে জুন্টাৰ মুখপাত্ৰই  এই কথা সদৰী কৰে।

এক বিবৃতিত জাও মিন টুনে কয় যে তেওঁক (আং ছান ছ্যু কীক) ফৌজদাৰী আইনৰ অধীনত বুধবাৰৰ পৰা অকলশৰীয়া কাৰাগাৰত ৰখা হৈছে।

সূত্ৰসমূহৰ মতে যোৱা বছৰ এক অভ্যুত্থানত অপসাৰিত হোৱাৰ পিছৰে পৰা ছ্যু কীক নেপিড’ৰ এক অজ্ঞাত স্থানত গৃহবন্দী কৰি ৰখা হৈছিল। তেওঁৰ সৈতে কেইবাজনো ঘৰুৱা কৰ্মচাৰী আৰু তেওঁৰ কুকুৰটো আছিল।

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ সিন্দে বাহিনীৰ বিদ্ৰোহৰ আঁৰত কোটিটকীয়া খেল; চাৰ্টাৰ্ড বিমানতে খৰচ ৫০ লাখ!

৭৭ বছৰীয়া নবেল বঁটা বিজয়ীগৰাকীয়ে কেৱল জুন্টা আদালতত তেওঁৰ বিচাৰৰ  শুনানিত উপস্থিত থাকিবলৈ সেই চৌহদ এৰি গৈছিল যি কেবল তেওঁক ১৫০ বছৰতকৈও অধিক কাৰাদণ্ড বিহাৰ সাক্ষী আছিল।

ছ্যু কীৰ উকীলসকলক সংবাদ মাধ্যমৰ সৈতে কথা পতা নিষিদ্ধ কৰা হৈছে আৰু সাংবাদিকসকলক তেওঁৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰা অঁতৰাই ৰখা হৈছে।

পূৰ্বৰ জুন্টা শাসনৰ অধীনত তেওঁ ম্যানমাৰৰ সৰ্ববৃহৎ চহৰ য়াংগুনত থকা তেওঁৰ পৰিয়ালৰ গৃহত দীঘলীয়া সময় গৃহবন্দী হৈ অতিবাহিত কৰিছিল।

লগতে পঢ়ক: Rupert Murdoch: এইবাৰকে ধৰি চাৰিবাৰ! জেৰী হলৰ সৈতে মিডিয়া সম্ৰাট ৰূপাৰ্ড মাৰ্ডকৰ বিবাহ বিচ্ছেদ

তেওঁ ইতিমধ্যে দুৰ্নীতি, সামৰিক বাহিনীৰ বিৰুদ্ধে উচটনি দিয়া, কোভিড-১৯ৰ নিয়ম উলংঘা কৰা আৰু দূৰসংযোগ আইন ভংগ কৰাৰ বাবে দোষী সাব্যস্ত হৈছে যাৰ বাবে আদালতে তেওঁক এতিয়ালৈকে ১১ বছৰৰ কাৰাদণ্ড বিহিছে।