• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

১৭ বছৰ ধৰি ভুৱা লাইচেন্সেৰে চলাই আছিল বিমান : অৱশেষত গ্ৰেপ্তাত প্ৰাক্তন পাইলট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 12:04 pm
136
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘ ১৭ বছৰ ধৰি ভুৱা লাইচেন্স ব্যৱহাৰ কৰি বিমান চলোৱাৰ অভিযোগত কানাডাৰ বিমান সংস্থা ‘এয়াৰ কানাডা’ৰ এজন প্ৰাক্তন পাইলটক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাত এখন ফৌজদাৰী গোচৰ ৰুজু কৰাৰ পাছত যোৱা মঙলবাৰে কানাডাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

তদন্তকাৰীসকলে জানিবলৈ দিয়া মতে, অভিযুক্ত জেফ্ৰী ৱালে প্ৰয়োজনীয় লাইচেন্স অবিহনে আৰু কোনো বাধ্যতামূলক পৰীক্ষা নিদিয়াকৈয়ে ২০০৯ চনৰ পৰা ২০২৫ চনলৈকে ৯০০ খনতকৈও অধিক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান চলাইছিল।

Apply Now

অন্টাৰিঅ’ত এখন সংবাদমেলত পিল ৰিজিঅ’নেল আৰক্ষীৰ উপ-প্ৰধান মিলিনোভিচে কয় যে এই ঘটনাটো শুনিবলৈ কোনো চিনেমাৰ কাহিনীৰ দৰে লাগে। ৱালে পাইলট ইন কমাণ্ড পদলৈ পদোন্নতি লাভ কৰিছিল আৰু প্ৰায় ১৭ বছৰ ধৰি তেওঁ বোয়িং ৭৬৭, ৭৭৭ আৰু ৭৮৭ বিমান চলাইছিল। এই সময়ছোৱাত তেওঁ প্ৰায় ৩ মিলিয়ন কানাডিয়ান ডলাৰ (২ মিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক) দৰমহা হিচাপে লৈছিল।

এই ঘটনাটোৱে যেন ২০০২ চনৰ বিখ্যাত হলিউড চিনেমা ‘কেচ মি ইফ ইউ কেন’ৰ কাহিনীহে মনত পেলাই দিয়ে, য’ত এজন কিশোৰে মিছা পৰিচয়েৰে পেনআম বিমান সংস্থাৰ পাইলটৰ ভাও ধৰিছিল।

জেফ্ৰী ৱালে এয়াৰ কানাডাত ২৭ বছৰ ধৰি কাম কৰিছিল আৰু তেওঁৰ কমাৰ্চিয়েল পাইলট লাইচেন্সো আছিল। কিন্তু আৰক্ষীয়ে জনোৱা মতে, ২০০৯ চনত যেতিয়া তেওঁ কেপ্তেইন পদলৈ পদোন্নতি পায়, তেতিয়া তেওঁৰ ‘এয়াৰলাইন ট্ৰেন্সপোৰ্ট পাইলট লাইচেন্স’ বা এটিপিএল থকাটো প্ৰয়োজন আছিল, যিটো তেওঁৰ কেতিয়াও নাছিল।

এই সন্দৰ্ভত উপ-প্ৰধান মিলিনোভিচে কয় যে এইটো এনেকুৱা এটা কথা, যেন এজন ডাক্তৰৰ সাধাৰণ চিকিৎসাৰ লাইচেন্স আছে কিন্তু তেওঁ নিজৰ চেম্বাৰত ব্ৰেইন চাৰ্জাৰী কৰি আছে। তেওঁ লগতে কয় যে অভিযুক্ত ব্যক্তিজনে নিজৰ নিয়োগকৰ্তা আৰু নিয়ন্ত্ৰণকাৰী সংস্থা দুয়োৰে আগত নিজৰ যোগ্যতাৰ বিষয়ে মিছা তথ্য দাঙি ধৰিছিল।

২০২৫ চনত পাইলটৰ নথিপত্ৰ নিয়মীয়াকৈ পৰীক্ষা কৰাৰ সময়ত জেফ্ৰী ৱালৰ লাইচেন্সত ডাঙৰ খেলিমেলি ধৰা পৰে। ইয়াৰ পাছতে এয়াৰ কানাডা কৰ্তৃপক্ষই বিষয়টো নিয়ন্ত্ৰণকাৰী সংস্থাক জনায়। অৱশ্যে এই ঘটনাৰ তদন্ত আৰু ‘প্ৰজেক্ট ইকাৰাছ’ নামৰ ফৌজদাৰী অভিযান যোৱা জানুৱাৰী মাহত আৰম্ভ হোৱাৰ আগতেই ২০২৫ চনত জেফ্ৰীয়ে চাকৰিৰ পৰা অৱসৰ লয়।

সোমবাৰে দিয়া এক বিবৃতিত এয়াৰ কানাডাই জনায় যে এই ঘটনাৰ বাবে যাত্ৰীৰ নিৰাপত্তাত কোনো ধৰণৰ প্ৰভাৱ পৰা নাছিল। কাৰণ এয়াৰ কানাডাৰ সকলো পাইলটে নিজৰ দক্ষতা প্ৰমাণ কৰিবলৈ প্ৰতি ছমাহৰ মূৰে মূৰে বাধ্যতামূলক প্ৰশিক্ষণ ল’ব লাগে আৰু প্ৰতি ১২ মাহত এজন প্ৰমাণিত চেক-পাইলটৰ সৈতে তেওঁলোকৰ ফ্লাইট চেক কৰা হয়। তথাপিও সঠিক লাইচেন্স থকাটো বিমান সেৱাৰ নিৰাপত্তাৰ এক অতি দৰকাৰী অংশ, সেয়েহে এয়াৰ কানাডাই এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে।

ইতিমধ্যে ‘ট্ৰেন্সপোৰ্ট কানাডা’ই জেফ্ৰী ৱালক জৰিমনা বিহিছে। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে ৫ হাজাৰ ডলাৰতকৈ অধিক জালিয়াতি কৰা, জাল নথিপত্ৰ ব্যৱহাৰ কৰা আৰু নকল ছীল ৰখাৰ অভিযোগত মুঠ সাতটা ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে। অহা ২৯ জুনত তেওঁক আদালতত হাজিৰ কৰোৱাৰ কথা আছে, পিছে তেওঁৰ হৈ কোনো অধিবক্তা নিয়োগ কৰা হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd