NORTHEAST NOW (Assamese)

বঙাইগাঁৱত ট্ৰেড ইউনিয়নৰ নেতা ৰাখাল দাসগুপ্ত স্মাৰক সংগ্ৰহালয় আৰু স্মাৰক ভৱনৰ আধাৰশিলা স্থাপন

December 31, 2021 1:30 pm · প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

“ৰাখাল দাসগুপ্ত আছিল ট্ৰেড ইউনিয়নৰ পিতামহস্বৰূপ ৷ তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তাধাৰাই তেখেতৰ অনুগামীসকলক ট্ৰেড ইউনিয়নৰ আন্দোলনৰ যাত্ৰাত সদায় ন ন বাট দেখুৱাইছিল ৷ তেখেতৰ জীৱন আছিল সাধাৰণ মানুহৰ বাবে উৎসৰ্গিত এক অসাধাৰণ জীৱন” ৷ এই বক্তব্য উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসৰ ৷

ৰাখাল দাসগুপ্তৰ ৮৯ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষ্যে বঙাইগাঁৱত কেন্দ্ৰীয়ভাবে উদযাপন কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি এইদৰে কয় নেতাগৰাকীয়ে ৷

উল্লেখ্য যে বঙাইগাঁৱত উদযাপন কৰা এই অনুষ্ঠানত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ নিৰ্মাণ শাখাৰ মহাপ্ৰৱন্ধক সুনীল শৰ্মা, ৰে’লৱেৰ ৰঙিয়া মণ্ডলৰ মাণ্ডলীক প্ৰৱন্ধক বিজয় কুমৰ শ্ৰীবাস্তৱ, উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য প্ৰশাসনিক বিষয়া কিশোৰ কৌশিক, নিউ বঙাইগাঁও কাৰখানাৰ মুখ্য প্ৰৱন্ধক পি বি ৰয় , বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ টি কে বাহাদুৰ আদি উপস্থিত থাকে ৷

এই অনুষ্ঠানতে সুনীল শৰ্মাই ৰাখাল দাসগুপ্ত স্মাৰক সংগ্ৰহালয় আৰু বিজয় কুমাৰ শ্ৰীবাস্তৱে ৰাখাল দাসগুপ্ত স্মাৰক ভৱনটিৰ আধাৰশিলা স্থাপন কৰে ৷মূল সভাখনিত সভাপতিত্ব কৰে ৰাখাল দাসগুপ্ত ফাউণ্ডেচনৰ সচিব ডঃ পি কে ধৰে ৷

সভাত ভাষণ প্ৰদান কৰি মহাপ্ৰৱন্ধক সুনীল শৰ্মাই ৰাখাল দাসগুপ্ত ফাউণ্ডেচনৰ ভৱন আৰু সংগ্ৰহালয় নিৰ্মাণ কৰা কাৰ্যক প্ৰশংসা কৰাৰ লগতে এই কাৰ্য্যত ৰে’ল প্ৰশাসনৰ তৰফৰ পৰা সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

Related News