বঙাইগাঁও আৰক্ষীয়ে এক অভিযান চলাই বিভিন্ন চুৰি – ডকাইতি আৰু লুট পাতৰ সৈতে জড়িত চাৰিজন ডকাইতক আটক কৰিছে ৷
বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালে বঙাইগাঁও সদৰ থানাত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা আৰু নগৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীৰ সহযোগত আৰক্ষীয়ে এই চাৰিজনীয়া ডকাইতৰ দলটোক কৰায়ত্ব কৰে ৷
আৰক্ষীয়ে কৰায়ত্ব কৰা ডকাইত চাৰিজন হ’ল মোহৰ আলী ( ২২ ) ,আজিদুল মোল্লা ওৰফে লাডেন ( ১৯) ,আমিৰ হামজা মোল্লা ওৰফে আমিৰ আলী (২২ ) আৰু ৰৌশন সিং ওৰফে বাবু (২৬) ৷
আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা এখন নম্বৰ বিহীন মটৰ চাইকেল, দুটা মোবাই হেণ্ডচেট, মটৰ চাইল চুৰি কাৰ্যত ব্যৱহাৰ কৰা মাষ্টাৰ চাবি, প্লাচ, গৃহত ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা কুঠাৰ , চুৰি আদি সামগ্ৰী উদ্ধাৰ কৰে ৷
কৰায়ত্ব কৰা ডকাইত চাৰিজনৰ বিৰুদ্ধে পূৰ্বে বিভিন্ন ডকাইতি আৰু চুৰি কাৰ্যৰ লগত জড়িত থকাৰ তথ্য আছে ৷
একেদৰে পূজাৰ সময়ত এই চাৰিজনে মটৰ চাইকেল চুৰি , ডকাইতি আদি কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷
তাৰোপৰি কিছুদিন পূৰ্বে অভয়াপুৰীত মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়া দুটা ঘটনাৰ সৈতেও জড়িত বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে৷
ধৃত ডকাইত চাৰিজনৰ ঘৰ বঙাইগাঁও চহৰৰ বিভিন্ন স্থানত যদিও বৰপেটা , মেঘালয় ,ধুবুৰী , গোৱালপাৰা আদি জিলাতো থাকে ৷ আৰক্ষীয়ে ধৃত ডকাইত চাৰিজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷