নিশা ডিভাইডাৰত শুই থকা শ্ৰমিকক মহতিয়ালে ট্ৰাকে; ৪ জন নিহত

ফটো: সংগৃহিত।

Four killed as truck runs over laborers দেশৰ ৰাজধানীত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। ট্ৰাকে শুই থকা শ্ৰমিকসকলক মহতিয়াই নিয়ে। ফলত ঘটনাস্থলীতে চাৰিজন শ্ৰমিকৰ মৃত্যু হয়।

মঙলবাৰে শেষ নিশা প্ৰায় ২ বজাত নতুন দিল্লীৰ সীমাপুৰী অঞ্চলত ঘটনাটো সংঘটিত হয়। জানিব পৰা গৈছে যে কেইজনমান প্ৰব্ৰজনকাৰী শ্ৰমিক ৰাস্তাৰ ডিভাইডাৰত শুই আছিল। হঠাতে এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকক মহতিয়াই পেলায়।

লগতে পঢ়ক: ইউনিফৰ্মৰ নিৰ্দেশনা ধৰ্মনিৰপেক্ষ; উচ্চতম ন্যায়ালয়ত হিজাব নিষিদ্ধ সম্পৰ্কত যুক্তি কৰ্ণাটক চৰকাৰৰ

দুৰ্ঘটনাটোৰ পিছতে ট্ৰাকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে ট্ৰাক আৰু চালকজনৰ সন্ধানত এক অভিযান আৰম্ভ কৰিছে।

নিহতসকলক ৫২ বছৰীয়া কৰিম, ২৫ বছৰীয়া ছোটে খান, ৩৮ বছৰীয়া শ্বাহ আলম আৰু ৪৫ বছৰীয়া ৰাহু বুলি চিনাক্ত কৰা হৈছে। ১৬ বছৰীয়া মনীষ আৰু ৩০ বছৰীয়া প্ৰদীপক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মঙলবাৰে শেষ নিশা প্ৰায় ২ বজাত দিল্লীৰ সীমাপুৰীৰ ডিটিচি ডিপোৰ ছিগনেলৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। কিছুমান মানুহ সেই ছিগনেলৰ ওচৰৰ ৰাস্তাৰ ডিভাইডাৰত শুই আছিল। সেই সময়তে এখন ট্ৰাক তীব্ৰ গতিত আহি তেওঁলোকক মহতিয়াই পেলায়।

লগতে পঢ়ক: Chhello Show: অস্কাৰৰ দৌৰত গুজৰাটী চলচ্চিত্ৰ ‘চেল্লো শ্বো’; আঁতৰিল ‘কাশ্মীৰ ফাইলছ’, ‘আৰআৰআৰ’

আৰক্ষীয়ে ঘটনাস্থলীৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে। ট্ৰাক আৰু চালকৰ সন্ধানত আৰক্ষী একাধিক দলত ভাগ হৈ অভিযান চলাইছে।