• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

জাতীয় নায়কৰ পৰা বৰ্ণবাদৰ চিকাৰলৈ: বিশ্বকাপত পৰাজয়ৰ পাছতে বৰ্ণবাদীৰ ৰোষত ফৰাচী খেলুৱৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2022 6:09 pm
France footballers face racism
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰণি পৰিল কাটাৰ বিশ্বকাপ। দেওবাৰে সমগ্ৰ বিশ্বই উপভোগ কৰিলে আৰ্জেণ্টিনা-ফ্ৰান্সৰ শিহৰণকাৰী যুঁজ। দুবাৰকৈ পিছ পৰাৰ পাছতো দুৰন্ত প্ৰত্যাৱৰ্তনেৰে যুঁজ দি কাটাৰত দেওবাৰে ফ্ৰান্সে বিশ্ব জয়ৰ লক্ষ্যত আৰ্জেণ্টিনাক বান্ধি ৰাখিলে শেষ মুহূৰ্তলৈকে।

অৱশ্যে পেনাল্টি শ্বুট আউটত ফ্ৰান্সৰ দুগৰাকী খেলুৱৈ পেনাল্টি কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱাত একেলেঠাৰিয়ে দুবাৰকৈ বিশ্বকাপ জয়ৰ আশা ভংগ হয় ফ্ৰান্সৰ। এই আশা ভংগৰ পাছত দলৰ পৰাজয় মানি ল’ব নোৱাৰি ফ্ৰান্সৰ সমৰ্থকসকলে সৃষ্টি কৰে হিংসাত্মক পৰিস্থিতিৰো।

Apply Now

কিন্তু এইবাৰ ফ্ৰান্সৰ ফুটবল অনুৰাগীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে জাতীয় দলৰ ফুটবলাৰসকলকে। বীৰৰ দৰে যুঁজ দি শেষ মুহূৰ্তলৈকে বিশ্বজয়ৰ আশা জীয়াই ৰখা দলৰ তিনিগৰাকী ফুটবলাৰক চূড়ান্ত বৰ্ণবাদী মন্তব্যৰে সামাজিক মাধ্যমত আক্ৰমণ কৰিছে ফৰাচী সমৰ্থকসকলে।

বৰ্ণবাদৰ চিকাৰ হোৱা এই তিনিগৰাকী খেলুৱৈ হৈছে ক্ৰমে চুৱামেনী, মুয়ানি আৰু ক’মান। ফাইনেলৰ এক্সট্ৰা টাইমত ৩-৩ গলত ড্ৰ হৈ থকাৰ সময়তে অন্তিম মিনিটত গল স্ক’ৰ কৰাৰ এক সুৱৰ্ণ সুযোগ লাভ কৰিছিল মুৱানিয়ে।

কিন্তু আৰ্জেণ্টাইন গলৰক্ষক মাৰ্টিনেজে এক চমকপ্ৰদ প্ৰতিহতেৰে আন এক ফৰাচী জাগৰণৰ আশাত চেঁচাপানী ঢালে। আনহাতে বৰ্ণবাদৰ চিকাৰ হোৱা আন দুগৰাকী খেলুৱৈ চুৱামেনী আৰু ক’মান ব্যৰ্থ হৈছিল পেনাল্টি কাৰ্যকৰী কৰাত।

পৰাজয়ৰ হতাশাত ফ্ৰান্সৰ সমৰ্থকসকলে এই তিনিওগৰাকী কৃষ্ণাংগ ফুটবলাৰকে ঘৃণনীয় বৰ্ণবাদী আচৰণৰ লক্ষ্য কৰি লয়। খেলপথাৰত বিশ্বজয়ৰ আকাংক্ষা কঢ়িয়াই অনা তিনিওগৰাকী খেলুৱৈ মুহূৰ্ততে এইসকল সমৰ্থকৰ চকুত হৈ পৰে জাতীয় খলনায়ক।

অৱশ্যে এই বৰ্ণবাদী আক্ৰমণৰ বিৰুদ্ধে থিয় দি তীব্ৰ প্ৰতিবাদ কৰে জাৰ্মান ক্লাৱ বায়াৰ্ন মিউনিখে। দলৰ সদস্য ক’মানৰ ফটো পোষ্ট কৰি জাৰ্মান ক্লাবটোৱে কয় যে, “বায়াৰ্ন মিউনিখে ক’মান লক্ষ্য কৰি প্ৰয়োগ কৰা আক্ৰমণাত্মক ভাষাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে।”

“আমাৰ সমাজত বৰ্ণবাদৰ কোনো স্থান নাই। এই কঠিন পৰিস্থিতিত আমি ক’মানৰ কাষত থিয় দিছো।”— বায়াৰ্ন মিউনিখে লগতে কয়।

অৱশ্যে ক’মানে এই সমৰ্থন লাভ কৰিলেও বাকী দুগৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰা ক্লাবৰ পৰা এনে সমৰ্থন দেখা পোৱা নগ’ল। খেলুৱৈ তিনিগৰাকীৰ সমৰ্থনত এই পৰ্যন্ত কোনো ভাষ্য দিয়াৰ পৰা বিৰত আছে ফ্ৰান্সৰ ফুটবল এছ’চিয়েশ্যনো।

ইফালে তিনিও ফুটবলাৰৰ বিৰুদ্ধে কৰা বৰ্ণবাদী মন্তব্যক লৈ আপত্তি প্ৰকাশ কৰিছে মেটাই। ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে জনপ্ৰিয় ছ’চিয়েল মিডিয়াৰ স্বত্বাধিকাৰী কোম্পানীটোৰ মতে ফুটবল খেলুৱৈক হাৰাশাস্তি কৰা যিকোনো পোষ্ট ডিলিট কৰা হ’ব।

ইয়াৰ সমান্তৰালকৈ এনে কোনো পোষ্ট বা মন্তব্যত কিছুমান বিশেষ শব্দ থাকিলে, সেই মন্তব্য বা পোষ্টটো কোনোৱে দেখা নোপোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কোম্পানীটোৱে। লগতে মেটাই ফুটবলাৰ তিনিগৰাকীয়ে স্বাভাৱিকভাৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd