• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2026 12:00 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ কণ্ঠ নকল কৰাৰ অভিযোগত অসমত এগৰাকী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত দেবেশ্বৰ বৰাৰ বিৰুদ্ধে চাকৰি দিয়াৰ লগতে চৰকাৰী সুবিধা প্ৰদান কৰাৰ নামত মানুহৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, দেবেশ্বৰ বৰাই মানুহক সহজে বিশ্বাসত লোৱাৰ বাবে এগৰাকী মিমিক্ৰী শিল্পীক ভাড়াত লৈছিল। সেই শিল্পীগৰাকীয়ে ফোনযোগে কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠত, কেতিয়াবা মুখ্য সচিব ৰবি কোটাৰ কণ্ঠত আৰু আন সময়ত অন্য চৰকাৰী বিষয়াৰ পৰিচয় দি লোকসকলৰ সৈতে কথা পাতিছিল।

Apply Now

তদন্তকাৰীসকলৰ মতে, দেবেশ্বৰ বৰাই তেওঁৰ মুখ্যমন্ত্ৰীৰ সৈতে পোনপটীয়া যোগাযোগ আছে বুলি দাবী কৰিছিল। ৰাজ্যৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতেও তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কৈছিল। প্ৰয়োজন হ’লে তেওঁলোকৰ সৈতে ফোনযোগে পোনপটীয়াকৈ কথা পাতিব পাৰিব বুলিও লোকসকলক আশ্বাস দিছিল।

এই বিশ্বাস সৃষ্টি কৰাৰ পাছতেই আৰম্ভ হৈছিল তেওঁৰ প্ৰতাৰণাৰ কৌশল। ভাড়াত লোৱা মিমিক্ৰী শিল্পীগৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰী, মুখ্য সচিব অথবা আন কোনো চৰকাৰী বিষয়াৰ কণ্ঠ নকল কৰি ফোন কৰোৱা হৈছিল। এইদৰে একাংশ লোকৰ বিশ্বাস অৰ্জন কৰি চাকৰি অথবা চৰকাৰী সুবিধা দিয়াৰ নামত মোটা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে।

এগৰাকী চিকিৎসকে দাখিল কৰা অভিযোগৰ ভিত্তিত ভিজিলেন্সে দেবেশ্বৰ বৰাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল। তদন্তৰ সময়ত তেওঁৰ আয়ৰ সৈতে সামঞ্জস্য নথকা সম্পত্তিৰ সন্ধান লাভ কৰা হয়। সেই তদন্ত আগবঢ়াৰ সময়তে তেওঁৰ প্ৰতাৰণাৰ এই অভিনৱ কৌশলৰ কথাও পোহৰলৈ আহে। ইয়াৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

দেবেশ্বৰ বৰা ১৯৯৯ চনৰ অসম অসামৰিক সেৱাৰ বিষয়া। ২০২২ চনৰ পৰা ২০২৫ চনলৈ তেওঁ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়তো তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। শেহতীয়াকৈ তেওঁক ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।

ইফালে, ধেমাজিৰ এগৰাকী নেতাইও দেবেশ্বৰ বৰাৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পূৰ্বে ২০২০ চনত কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তো তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd