DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যত বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে বিনামূলীয়া শিক্ষা : কি ক’লে শিক্ষা মন্ত্ৰীয়ে

চৰকাৰী বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক; সংবাদমেলত কেইটামান অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু ঘোষণা শিক্ষামন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2020 8:38 pm
567efece-52ff-4fea-9f0c-c0441e73427e (1)
3.1k
VIEWS
Share on FacebookShare on Twitter

আজি দিছপুৰ সচিবালয়ত সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্ৰী ডঃ হিমন্ত শৰ্মাই শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

তাৰ ভিতৰত অন্যতম ৰাজ্যৰ প্ৰতিখন চৰকাৰী, বে-চৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাধ্যতামূলক ভাবে অসমীয়া পঢ়াব লাগিব।

এই নিয়ম ৰাজ্যত থকা প্ৰতিখন CBSEৰ অধীনত থকা বিদ্যালয়েও মানিব লাগিব বুলি ঘোষণা শিক্ষা মন্ত্ৰীৰ।

ইতিমধ্যে এই আইনখনত ৰাজ্যপালে অনুমোদন জনাইছে বুলি তেওঁ কয় ।

অৱশ্যে বৰাক উপত্যকা আৰু বড়োলেণ্ড ইয়াৰ আওতালৈ নাহে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

আনহাতে, একেখন সংবাদমেলত প্ৰাদেশীকৃত মহাবিদ্যালয়ত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে।

“আগতে কেৱল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল এই সুবিধা। কিন্তু ক’ৰ’না ভাইৰাছৰ ফলত ৰাইজৰ হোৱা আৰ্থিক ক্ষতিৰ বাবে বিপিএল, এপিএলৰ ছাত্ৰ-ছাত্ৰী সকলোৱে লাভ কৰিব এই সুবিধা।” তেওঁ এইদৰে কয়।

ইয়াৰোপৰি, ৰাজ্যৰ প্ৰতিখন প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে এই সুবিধাই সামৰি ল’ব বুলি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনায়।

তেওঁ আৰু কয় “চিকিত্‍সা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, কৃষি বিশ্ববিদ্যালয় সকলো শিক্ষানুষ্ঠানতে নামভৰ্তি হ’ব সম্পূৰ্ণ বিনামূলীয়া।”

যদিহে মহাবিদ্যালয় অধ্যক্ষ বা কৰ্তৃপক্ষই নামভৰ্তি সময়ত বিভিন্ন অজুহাত দেখুৱাই মাছুল ল’ব বিচাৰে, তেন্তে নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব ৰাজ্য চৰকাৰে বুলিও তেওঁ কয়।

ইপিনে টেট পৰীক্ষা উত্তীৰ্ণ হ’লেই শিক্ষক হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় ‘চৰকাৰে কোনো দিন কোৱা নাই যে, টেট উত্তীৰ্ণ হ’লেই চৰকাৰে চাকৰি প্ৰদান কৰিব। টেট মাত্ৰ এটা অৰ্হতাহে। শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰিছে মাত্ৰ। সকলোৱে যে চাকৰি পাব সেইটো কথাও নহয়। যেতিয়া পদ খালী হ’ব বা বিজ্ঞাপন ওলাব, তেওঁলোকে আবেদন কৰিব লাগিব।”

ইপিনে, চাকৰিত যোগদানৰ পৰা ১০ বছৰলৈ শিক্ষকৰ আন্তঃজিলা বদলিত নিষেধাজ্ঞা জাৰি কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় “বিগত দুবছৰত হোৱা সকলো শিক্ষক বদলি অবৈধ বিবেচিত হ’ব। যিসকলে ২ বছৰৰ ভিতৰত আন্তঃ জিলা বদলি হৈছে তেওঁলোকক ৭২ ঘণ্টাৰ ভিতৰত পূৰ্বৰ বিদ্যালয়লৈ ঘূৰি অহাৰ নিৰ্দেশনা দিয়া হৈছে৷”

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd