• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যত বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে বিনামূলীয়া শিক্ষা : কি ক’লে শিক্ষা মন্ত্ৰীয়ে

চৰকাৰী বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক; সংবাদমেলত কেইটামান অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু ঘোষণা শিক্ষামন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2020 8:38 pm
567efece-52ff-4fea-9f0c-c0441e73427e (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দিছপুৰ সচিবালয়ত সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্ৰী ডঃ হিমন্ত শৰ্মাই শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

তাৰ ভিতৰত অন্যতম ৰাজ্যৰ প্ৰতিখন চৰকাৰী, বে-চৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাধ্যতামূলক ভাবে অসমীয়া পঢ়াব লাগিব।

Apply Now

এই নিয়ম ৰাজ্যত থকা প্ৰতিখন CBSEৰ অধীনত থকা বিদ্যালয়েও মানিব লাগিব বুলি ঘোষণা শিক্ষা মন্ত্ৰীৰ।

ইতিমধ্যে এই আইনখনত ৰাজ্যপালে অনুমোদন জনাইছে বুলি তেওঁ কয় ।

অৱশ্যে বৰাক উপত্যকা আৰু বড়োলেণ্ড ইয়াৰ আওতালৈ নাহে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

আনহাতে, একেখন সংবাদমেলত প্ৰাদেশীকৃত মহাবিদ্যালয়ত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে।

“আগতে কেৱল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল এই সুবিধা। কিন্তু ক’ৰ’না ভাইৰাছৰ ফলত ৰাইজৰ হোৱা আৰ্থিক ক্ষতিৰ বাবে বিপিএল, এপিএলৰ ছাত্ৰ-ছাত্ৰী সকলোৱে লাভ কৰিব এই সুবিধা।” তেওঁ এইদৰে কয়।

ইয়াৰোপৰি, ৰাজ্যৰ প্ৰতিখন প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে এই সুবিধাই সামৰি ল’ব বুলি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনায়।

তেওঁ আৰু কয় “চিকিত্‍সা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, কৃষি বিশ্ববিদ্যালয় সকলো শিক্ষানুষ্ঠানতে নামভৰ্তি হ’ব সম্পূৰ্ণ বিনামূলীয়া।”

যদিহে মহাবিদ্যালয় অধ্যক্ষ বা কৰ্তৃপক্ষই নামভৰ্তি সময়ত বিভিন্ন অজুহাত দেখুৱাই মাছুল ল’ব বিচাৰে, তেন্তে নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব ৰাজ্য চৰকাৰে বুলিও তেওঁ কয়।

ইপিনে টেট পৰীক্ষা উত্তীৰ্ণ হ’লেই শিক্ষক হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় ‘চৰকাৰে কোনো দিন কোৱা নাই যে, টেট উত্তীৰ্ণ হ’লেই চৰকাৰে চাকৰি প্ৰদান কৰিব। টেট মাত্ৰ এটা অৰ্হতাহে। শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰিছে মাত্ৰ। সকলোৱে যে চাকৰি পাব সেইটো কথাও নহয়। যেতিয়া পদ খালী হ’ব বা বিজ্ঞাপন ওলাব, তেওঁলোকে আবেদন কৰিব লাগিব।”

ইপিনে, চাকৰিত যোগদানৰ পৰা ১০ বছৰলৈ শিক্ষকৰ আন্তঃজিলা বদলিত নিষেধাজ্ঞা জাৰি কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় “বিগত দুবছৰত হোৱা সকলো শিক্ষক বদলি অবৈধ বিবেচিত হ’ব। যিসকলে ২ বছৰৰ ভিতৰত আন্তঃ জিলা বদলি হৈছে তেওঁলোকক ৭২ ঘণ্টাৰ ভিতৰত পূৰ্বৰ বিদ্যালয়লৈ ঘূৰি অহাৰ নিৰ্দেশনা দিয়া হৈছে৷”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd