• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ; বয়োবৃদ্ধ মুক্তি যুঁজাৰুসকল নামিব গণ সত্যাগ্ৰহত

ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা মুক্তি যুঁজাৰুৱে প্ৰাপ্যৰ বাবে যুঁজিব লগীয়া হৈছে সোণোৱাল চৰকাৰৰ বিৰুদ্ধে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 26, 2018 1:53 pm
Freedom Fighter

গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল বয়োবৃদ্ধ মুক্তি যুঁজাৰুসকলৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ প্ৰাপ্যৰ দাবীত দিব্যাংগসকলৰ লগতে সমাজৰ বিভিন্ন অংশৰ লোকে ৰাজপথলৈ ওলাব লগা হোৱাৰ সময়তে এইবাৰ বয়োবৃদ্ধ মুক্তি যুঁজাৰুসকলো সোণোৱাল চৰকাৰৰ বিৰুদ্ধে গণ সত্যাগ্ৰহ কাৰ্য্যসূচী ল’বলৈ আগ বাঢ়িছে।

মুক্তি যুঁজাৰুসকলে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল দি সোণোৱাল চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ আনে। চৰকাৰখনে প্ৰতিশ্ৰুতি দিও ৰক্ষা নকৰাৰ অভিযোগ তোলে বয়োবৃদ্ধ মুক্তি যুঁজাৰু সকলে।

Apply Now

সংবাদমেলখনত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰে কয় যে অহা ২১ জানুৱাৰিৰ ভিতৰত চৰকাৰে মুক্তিযুঁজাৰুসকলৰ দাবীসমূহ পূৰণ নকৰিলে তাৰ পাছৰ দিনা অৰ্থাৎ ২২ জানুৱাৰিৰ দিনা অসম সচিবালয়ৰ সন্মুখত ৰূপায়ণ কৰিব গণ সত্যাগ্ৰহ কাৰ্যসূচী।

“পূৰ্বতে ব্ৰিটিছে আমাৰ ওপৰত শোষণ-অত্যাচাৰ চলাইছিল, এতিয়া চৰকাৰে আমাৰ ওপৰত অত্যাচাৰ চলাইছে।” সংবাদমেলত লহকৰে কয়।

উল্লেখযোগ্য যে, যোৱা ১৮ ছেপ্তেম্বৰৰ দিনা মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে ১৬ দফীয়া দাবী চনদ দিছিল যদিও চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে। অথচ প্ৰতিশ্ৰুতি দিছিল ৰূপায়ণ কৰাৰ বাবে।

সংবাদমেলত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে প্ৰকাশ কৰামতে, মুক্তিযুঁজাৰুসকলৰ দাবীসমূহৰ ভিতৰত অন্যতম হ’ল মুক্তিযুঁজাৰুসকলে বৰ্তমান লাভ কৰি থকা ২০ হাজাৰ টকাৰ মাহিলি পেন্সন ৪০ হাজাৰ টকালৈ বৃদ্ধি কৰা। লহকৰে জনোৱামতে, এইক্ষেত্ৰত সোণোৱাল চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দিছিল যদিও যোৱা ১৭ ডিচেম্বৰৰ কেবিনেট বৈঠকত মাত্ৰ ১০০০ টকাকৈহে বৃদ্ধি কৰে।

ইয়াৰোপৰি, মুক্তিযুঁজাৰু পৰিয়ালৰ সতি-সন্ততিৰ চাকৰি আৰু উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মাত্ৰ ২ শতাংশহে আসন আছে। এই হাৰ চাকৰিৰ ক্ষেত্ৰত ১০ শতাংশ আৰু উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে দাবী জনায় অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে।

আনহাতে, পূৰ্বৰ চৰকাৰে দিয়া এটা নিৰ্দেশনা অনুসৰি চৰকাৰী চিকিৎসালয়ত মুক্তিযুঁজাৰু আৰু সতি-সন্ততিৰ চিকিৎসা বিনামূলীয়া হ’ব লাগে। কিন্তু এই নিয়ম আজি পৰ্যন্ত বলৱৎ হোৱা নাই বুলি অভিযোগ তোলে মুক্তিযুঁজাৰু সন্মিলনে।

ইপিনে বৰ্তমানৰ ৰাজ্য চৰকাৰে অসম আন্দোলনপ চহিদৰ পৰিয়াললৈ দিয়াৰ দৰে মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈও ৫ লাখ টকাকৈ দিয়া হ’ব বুলি আশ্বাস দিছিল। কিন্তু সেই আশ্বাস আশ্বাসেই হৈ ৰ’ল।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সন্মিলনৰ সভাপতি লহকৰে কয় “অসমৰ সৰহ সংখ্যক মুক্তিযুঁজাৰুৰ পৰিয়াল দুখীয়া আৰু দুৰ্দশাগ্ৰস্ত। মুক্তি যুঁজাৰু পৰিয়ালৰ নিবনুৱা সতি-সন্ততিক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

উপৰোক্ত দাবীকেইটাৰ লগতে মুঠ ১৫টা দাবী অহা ২১ জানুৱাৰিৰ ভিতৰত পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে। অন্যথা সোণোৱাল সন্মুখীন হ’ব লাগিব বৃয়োবৃদ্ধ মুক্তিযুঁজাৰুসকলৰ গণ সত্যাগ্ৰহৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd