NORTHEAST NOW (Assamese)

মাধৱ কন্দলিৰ দিনৰ পৰাই নগাঁৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে : বিধায়ক ৰূপক শৰ্মা

September 20, 2018 7:06 am · মিণ্টু দাস

নগাঁৱৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান পাইওনিয়ৰ কলা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা বুধবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা।

মহাবিদ্যালয়খনৰ অধ্যক্ষ কামাখ্যা প্ৰসাদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে, ‘মাধৱ কন্দলিৰ দিনৰ পৰাই নগাঁৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বৰ্তমান নগাঁৱত শিক্ষাৰ ক্ষেত্ৰত এক সুস্থ পৰিৱেশ গঢ়ি উঠিছে। নিজকে সমাজত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ হ’লে ছাত্র-ছাত্ৰীসকলে কঠোৰ অধ্যয়নত ব্ৰতী হ’ব লাগিব।’

তাৰোপৰি ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে নগাঁৱত এখন বিশ্ববিদ্যালয় স্থাপনকে ধৰি অন্যান্য উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।

সভাত অংশগ্ৰহণ কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীয়ে সাম্প্ৰতিক সময়ৰ শিক্ষাৰ বিভিন্ন দিশ ব্যাখ্যা কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যাবলৈ আহ্বান জনায়।

সভাত অধ্যাপক নৱ কুমাৰ মহন্ত, ডচন আৰু বহুমুখী হাইস্কুলৰ অধ্যক্ষ তপন বৈদ্য, সমাজসেৱিকা তাচমিনা হক, জ্যেষ্ঠ সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, অধ্যাপক প্ৰশান্ত কুমাৰ বৰা, ৰুবিনা দেৱী কৌৰ, ৰিমামনি ভূঞাকে ধৰি বহু গণ্য-মান্য লোকে উক্ত সভাত অংশগ্ৰহণ কৰে।

সভাত ছাত্র-ছাত্ৰীৰ হৈ নাহিদ ৱাহিদ, দিবা ভট্টাচাৰ্য, সিদ্ধাৰ্থ আদিয়ে ভাষণ প্ৰদান কৰে। ৰে্ক্টৰ তোষেশ্বৰ নাথে উদ্দেশ্য বাখ্যা কৰা সভাতেই মহাবিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।

Related News