কাইলৈ অৰ্থাৎ ২১ ছেপ্টেম্বৰত সমগ্ৰ দেশজুৰি মুক্তি পাব উত্তৰ-পূবৰ জ্বলন্ত সমস্যাক লৈ নিৰ্মিত ব্যয়বহুল অসমীয়া ছবি ‘থ্ৰী স্ম’কিং বেৰেলছ’।
অমিত মালপানীয়ে প্ৰযোজনা কৰা আৰু গোলাঘাট জিলাৰ সঞ্জীৱ দেই পৰিচালনা কৰা এই ছবিখনত উত্তৰ-পূব ভাৰতত অনন্য জ্বলন্ত সমস্যা ৰূপে দেখা দিয়া কিশোৰ-কিশোৰী সকলৰ অপৰাধ প্ৰৱণতা, শিশু সৰবৰাহকাৰী, নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ অপকাৰিতা, অনৈতিক কাৰ্যকলাপত নিয়োগ আদি বিষয় সমূহৰ ওপৰত নিৰ্মাণ কৰা হৈছে।
ইতিমধ্যে ছবিখনৰ ডিজিটেল ট্ৰেইলৰ মুকলি কৰা হৈছে আৰু বৰ্তমানলৈকে এক মিলিয়নতকৈ অধিক লোকে ট্ৰেইলৰ চোৱা বুলি জানিব পৰা গৈছে।
নিৰ্দেশক সঞ্জয় দে’য়ে তিনিখন দেশৰ সীমান্তত দৃশ্যগ্ৰহণ কৰা ছবিখনত এজন অপৰাধীৰ জীৱনশৈলীৰ ভিত্তিত নিৰ্মাণ কৰি সকলোবোৰ সমস্যা দাঙি ধৰাৰ চেষ্টা কৰা হৈছে বুলি প্ৰকাশ কৰে।
আনহাতে ছবিখনত সংগীত পৰিচালনা কৰিছে অসমৰ প্ৰতিভাৱান সংগীত পৰিচালক অনুৰাগ শইকীয়াই আৰু ছবিখনৰ সৰহ সংখ্যক গানত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই।