• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমাৰ পৰিধি ভাঙি সংগীতৰ যাত্ৰা! বলীউদত বাহৰেইনৰ ৰেপাৰ ‘ফ্লিপৰাচি’ৰ FA9LA-ৰ ধুমুহা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2025 9:25 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাহৰেইনৰ ৰেপাৰ হুছাম অসীম ওৰফে ‘ফ্লিপৰাচি’ৰ দ্বাৰা FA9LAৰ ধুমুহাই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। মুক্তিৰ কেইদিনমানৰ ভিতৰতে অস্বাভাৱিকভাৱে দৰ্শক বৃদ্ধি পাইছে। বাহৰেইনৰ ৰেপাৰ তথা খালিজী হিপ-হপ শিল্পী ফ্লিপাৰেচিয়ে ভাৰতত চৰ্চা লাভ কৰিছে তেওঁৰ ট্ৰেক FA9LA বলীউডৰ স্পাই (চোৰাংচোৱা) থ্ৰিলাৰ ধূৰন্ধৰত।

এইটোৱে এটা কথা নিশ্চিত কৰিছে যে সংগীতৰ কোনো সীমা নাই আৰু সংগীতে কেনেকৈ দেশ আৰু সংস্কৃতিৰ দৰ্শকক সংযোগ কৰিব পাৰে ই তাৰ প্ৰতিফলন।

Apply Now

অক্ষয় খান্নাই অভিনয় কৰা এটা গুৰুত্বপূৰ্ণ দৃশ্যত FA9LA-এৰ সাংগীতিক লহৰে ছবিখনৰ মুহূৰ্তটোক মূৰ্ত কৰি তুলিছে।

বলীউডৰ অভিনেতা ৰণবীৰ সিঙে ইনষ্টাগ্ৰামত এটা ক্লিপ শ্বেয়াৰ কৰি ট্ৰেকটো বেকগ্ৰাউণ্ডত শ্বেয়াৰ কৰি বাহৰেইনৰ ৰেপাৰগৰাকীক তেওঁৰ বৃহৎ অনুৰাগীৰ সৈতে চিনাকি কৰাই দিয়ে।

তেওঁৰ স্বকীয় খালেজী শৈলীৰ বাবে পৰিচিত ফ্লিপেৰাচি (হুছাম আছিম)-য়ে দ্য গেম, শ্বেগি, আৰু শ্বাকিল অ’নিলকে ধৰি আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ সৈতে সহযোগিতা কৰিছে।

২০২৪ চনত বাহৰেইনৰ বৰ্ষশ্ৰেষ্ঠ শিল্পীৰ সন্মান লাভ কৰা তেওঁৰ ই লা, শ্বুফা, আৰু নাইডাৰ দৰে হিট গীতসমূহে বিশ্বজুৰি শ্ৰোতাক আকৰ্ষণ কৰিছে আৰু এইটোৱে তেওঁৰ স্থানীয় তথা বিশ্বব্যাপী প্ৰভাৱকে প্ৰতিফলিত কৰে।

ইতিমধ্যে ইউটিউবত FA9LA য়ে ৭০ লাখতকৈ অধিক ভিউ লাভ কৰিছে আৰু শ্ৰীলংকাত ছ’চিয়েল মিডিয়াত জোৱাৰৰ সৃষ্টি কৰিছে। ই আৰব বিশ্বৰ বাহিৰতো ইয়াৰ প্ৰসাৰতাকে প্ৰদৰ্শন কৰিছে।

ৰণবীৰ সিং, আৰ মাধৱন, অক্ষয় খান্না আৰু সঞ্জয় দত্ত অভিনীত ধুৰন্ধৰে ৫ ডিচেম্বৰত বক্স অফিচত শক্তিশালী সঁহাৰি লাভ কৰি মুকলি হৈছিল আৰু FA9LAকে ধৰি ইয়াৰ সংগীতে ভাৰতীয় চিনেমালৈ বিশ্ব সংগীতৰ ধ্বনি প্ৰবাহিত কৰিছে।

জিঅ’ ষ্টুডিঅ’ আৰু বি৬২ ষ্টুডিঅ’ৰ প্ৰযোজনাত শাশ্বত সচদেৱৰ সংগীতেৰে নিৰ্মিত ছবিখনৰ ছিকুৱেল ২০২৬ চনৰ ১৯ ​​মাৰ্চত ইতিমধ্যে নিশ্চিত কৰা হৈছে।

বাহৰেইনৰ পৰা বলীউডলৈ ফ্লিপাৰচিৰ যাত্ৰাই দেখুৱাইছে যে আজিৰ সংগীতে কেনেকৈ সীমা অতিক্ৰম কৰে।

আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ভাইৰেল হিট গীতৰ জৰিয়তে তেওঁৰ খালিজী হিপ-হপ বিশ্বজুৰি নতুন দৰ্শকৰ মাজলৈ গৈছে।

ইপিনে, মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ‘ধুৰন্ধৰ’। মাত্ৰ তিনিদিনতে ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছে ছবিখনে। কিন্তু বৰ্তমান ছবিখনৰ কাহিনীতকৈ বেছি জনপ্ৰিয় ইয়াৰ সংগীত, বিশেষকৈ অক্ষয় খান্নাৰ বেলুচিস্তান-এণ্ট্ৰি ছিকুৱেন্সত ব্যৱহাৰ কৰা ভাইৰেল ৰেপ FA9LA।

শিশুৰ পৰা বৃদ্ধলৈ সকলো প্ৰজন্ম এই গীতটোত এক প্ৰকাৰ অভিভূত। দিল্লী আৰক্ষীয়ে এতিয়া সেই বিশাল জনপ্ৰিয়তাক সামাজিক সচেতনতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে (এণ্টি ড্ৰাগ কেম্পেইন)।

দিল্লী আৰক্ষীয়ে শেহতীয়াকৈ মুকলি কৰিছে এটা নতুন ড্ৰাগছ বিৰোধী ভিডিঅ’, যিয়ে যথেষ্ট ফিল্মী ইফেক্ট আনিছে। ভিডিঅ’টোত ‘ধুৰন্ধৰ’ৰ অক্ষয় খান্নাৰ দুটা দৃশ্য ব্যৱহাৰ কৰা হৈছে। প্ৰথমটোত বেলুচিস্তানৰ আইকনিক এণ্ট্ৰি ছিকুৱেন্সৰ সময়ত ড্ৰাগছ আসক্তসকলক উদ্দেশ্যি এটা তীৰ্যক প্ৰশ্ন নিক্ষেপ কৰা হয়, “আপুনি নিচাসক্ত হৈ থাকিলে এনেকুৱাই অনুভৱ হয়, নহয়নে?”

পৰৱৰ্তী অংশত অক্ষয়ৰ পুৰণি ছবিখনৰ এটা দৃশ্য সন্নিবিষ্ট কৰা হৈছে, য’ত অভিনেতাজনক ধৰফৰাই মাটিত পৰি থকা দেখা গৈছে। ইয়াৰ সমান্তৰালভাৱে দিল্লী আৰক্ষীৰ বাৰ্তাটো হ’ল, “জীৱনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব নালাগে, কাৰণ ড্ৰাগছে কেৱল এটা ভ্ৰমৰ সৃষ্টি কৰে।”

Drug’s high might feel real, but it’s an illusion.
Don’t trade your truth for a moment’s delusion!#akshayekhanna#Dhurandhar#trendingreels#trend#DPUpdates pic.twitter.com/WhtfwB4WCq

— Delhi Police (@DelhiPolice) December 10, 2025

দিল্লী আৰক্ষীয়ে নিজৰ অফিচিয়েল পেজত ভিডিঅ’টো শ্বেয়াৰ কৰি লগতে লিখিছে, “যেতিয়া আপুনি ড্ৰাগছৰ প্ৰতি আসক্ত হয়, তেতিয়া আপুনি নায়কৰ দৰে অনুভৱ কৰিব পাৰে, কিন্তু আচলতে ই এক ভ্ৰম। আপুনি নিজকে এক মুহূৰ্তৰ বাবেও বিক্ৰী কৰি দিয়া উচিত নহয়।”

এই ভিডিঅ’টো এতিয়া ছচিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈ পৰিছে। কাৰণ দিল্লী আৰক্ষীয়ে এই বাস্তৱতাৰ নিখুঁত ব্যৱহাৰ কৰিছে যে ইণ্টাৰনেট আজি পপ সংস্কৃতিৰ দুৰ্গ। নতুন ট্ৰেণ্ড, ৰিল আৰু মিম অহৰহ বিস্ফোৰণ ঘটি থকা পৃথিৱীখনত FA9LA ৰ ভাইৰেল ছিকুৱেন্স নিঃসন্দেহে অন্যতম জনপ্ৰিয় সংযোজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm
বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

June 25, 2026 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd