• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বন্দে মাতৰমক অপমান কৰিলে এতিয়াৰে পৰা হ’ব জে’ল আৰু জৰিমনা, কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ সিদ্ধান্ত

by
May 21, 2026 10:22 am
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে কেন্দ্ৰীয় কেবিনেটে এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমক অপমান কৰিলে বা গোৱাত বাধা দিলে কঠোৰ শাস্তি বিহা হ‘ব। ইয়াৰ বাবে ১৯৭১ চনৰ ৰাষ্ট্ৰীয় গৌৰৱ অৱমাননা প্ৰতিৰোধ আইনখন সংশোধন কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে বুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

বৰ্তমানৰ নিয়ম অনুসৰি ৰাষ্ট্ৰীয় সংগীত জন গণ মন, ৰাষ্ট্ৰীয় পতাকা আৰু ভাৰতৰ সংবিধানক অপমান কৰিলে সৰ্বাধিক তিনি বছৰলৈকে কাৰাদণ্ড বা জৰিমনা অথবা দুয়োটা দণ্ডৰে দণ্ডিত কৰাৰ ব্যৱস্থা আছে। এই আইনখনৰ ৩ নম্বৰ অনুচ্ছেদত স্পষ্টকৈ উল্লেখ আছে যে কোনো লোকে ইচ্ছাকৃতভাৱে ৰাষ্ট্ৰীয় সংগীত গোৱাত বাধা দিলে বা এনে অনুষ্ঠানত খেলিমেলিৰ সৃষ্টি কৰিলে তেওঁক তিনি বছৰৰ জে‘ল বা জৰিমনা বিহা হ‘ব। আইনখন সংশোধন হোৱাৰ পিছত এতিয়া বন্দে মাতৰমৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ‘ব।

Apply Now

পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল ভোটাধিক্যৰে জয়লাভ কৰাৰ এদিন পিছতেই কেবিনেটে এই ডাঙৰ সিদ্ধান্তটো গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগৰ ২৯৩খন আসনৰ ভিতৰত ২০৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ ওলাইছে। ইয়াৰ পিছতেই কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে।

বন্দে মাতৰম গীতটি বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰিছিল আৰু ১৮৮০ৰ দশকত তেওঁৰ আনন্দমঠ উপন্যাসত ইয়াক প্ৰকাশ কৰা হৈছিল। ১৯৩৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলোকৰ সভাসমূহত এই গীতটোৰ প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্ত লৈছিল। পৰৱৰ্তী সময়ত স্বাধীন ভাৰতৰ সংবিধানে ইয়াক ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা প্ৰদান কৰে। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ কৰিছে যে ব্ৰিটিছৰ শাসনকালত মুছলিম লীগত সন্তুষ্ট কৰিবলৈ কংগ্ৰেছ দলে এই গীতটো আধৰুৱাকৈ গোৱাৰ ব্যৱস্থা কৰিছিল।

যোৱা ৬ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু অন্যান্য চৰকাৰী বিভাগসমূহলৈ এক নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাত কোৱা হৈছিল যে চৰকাৰী অনুষ্ঠানসমূহত বন্দে মাতৰমৰ আটাইকেইটা অৰ্থাৎ ছটা স্তৱক সম্পূৰ্ণকৈ গাব লাগিব। প্ৰায় তিনি মিনিটতকৈ অধিক সময়ৰ এই সম্পূৰ্ণ গীতটোৱে ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ৰাষ্ট্ৰীয় সংগীততকৈয়ো অধিক অগ্ৰাধিকাৰ পাব বুলি মন্ত্ৰালয়ে জনাইছিল। গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনাসমূহ কেৱল পৰামৰ্শমূলক আছিল আৰু ইয়াৰ কোনো আইনী ভিত্তি নাছিল। কিন্তু এতিয়া কেবিনেটে ১৯৭১ চনৰ আইনখন সংশোধন কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে ৰাষ্ট্ৰীয় গীতটোক অপমান কৰাটো এক দণ্ডনীয় আইনী অপৰাধ হিচাপে পৰিগণিত হ‘ব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd