• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

থলপতি বিজয়ৰ পৰা মুখ্যমন্ত্ৰী বিজয়লৈ? তামিলনাডুৰ নিৰ্বাচনত টিভিকেৰ বৃহৎ জয়

by
May 21, 2026 10:26 am
176
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন আনি অভিনেতাৰ পৰা ৰাজনেতা হোৱা বিজয়ে তেওঁৰ দল তামিঝাগা ভেট্ৰি কাঝাগম চমুকৈ টিভিকেক ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে। অনুৰাগীৰ দ্বাৰা আৰম্ভ হোৱা এক আন্দোলনে এতিয়া ডিএমকে আৰু এআইএডিএমকেৰ দীৰ্ঘদিনীয়া আধিপত্যক উৎখাত কৰি এক নিৰ্ণায়ক জয়ৰ দিশে আগবাঢ়িছে। যুৱ প্ৰজন্মৰ সমৰ্থন আৰু সুপৰিকল্পিত প্ৰচাৰ অভিযানৰ জৰিয়তে বিজয়ে এনে এক ফলাফল দেখুৱাইছে যিটো বহুতেই কল্পনা কৰা নাছিল।

ভোট গণনা এতিয়াও চলি আছে যদিও প্ৰাৰম্ভিক ধাৰা অনুসৰি বিজয়ৰ দল টিভিকে ১১০খন আসনত আগবাঢ়ি আছে। আনহাতে শাসকীয় দল ডিএমকে মাত্ৰ ৪০খন আসনত আৰু এআইএডিএমকে ৬৪খন আসনত আগবাঢ়ি দ্বিতীয় বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছে। টিভিকে দলে চেন্নাই অঞ্চলৰ ৩৭খন আসনৰ ভিতৰত ৩১খনতেই আগবাঢ়ি আছে আৰু নগৰীয়া অঞ্চলৰ লগতে দক্ষিণ তামিলনাডুতো সৰ্ববৃহৎ শক্তি হিচাপে পৰিগণিত হৈছে।

Apply Now

বৰ্তমানৰ আটাইতকৈ চৰ্চিত ব্যক্তি বিজয়ে পেৰাম্বুৰ আৰু ত্ৰিচি ইষ্ট দুয়োখন আসনতেই আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন কোলাথুৰ সমষ্টিত টিভিকে প্ৰাৰ্থীৰ পিছত আছে। বিজয়ৰ এই নিৰ্বাচনী ধুমুহাই বিজেপি আৰু আন বহুতো দলৰ শীৰ্ষ নেতাকো পিছ পেলাইছে।

পৰাজয় প্ৰায় নিশ্চিত দেখি ডিএমকেৰ কাৰ্যালয়ত এক নিৰাশাজনক পৰিৱেশ বিৰাজ কৰিছে। আনহাতে সমগ্ৰ তামিলনাডুৰ লগতে বিজয়ৰ বাসগৃহতো অনুৰাগী আৰু পৰিয়ালৰ মাজত ব্যাপক উদযাপন চলিছে। এই আনন্দৰ মাজতে অভিনেত্ৰী তৃষায়ো বিজয়ৰ বাসগৃহত উপস্থিত হৈছে। সংবাদ মাধ্যমৰ আগত বিজয়ৰ পিতৃয়ে কয় যে তেওঁ পুত্ৰক ৰাজনীতিলৈ আহিবলৈ উৎসাহিত কৰিছিল আৰু বিগত ত্ৰিশ বছৰ ধৰি বিজয়ে সমাজ আৰু তামিল জনসাধাৰণৰ বাবে কিবা এটা কৰাৰ কথা ভাবি আহিছিল।

টিভিকে দলে কোনো বাহিৰা সমৰ্থন নোহোৱাকৈয়ে চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী। তথাপিও ২৩৪ জনীয়া বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১৮খন আসনৰ মেজিক অংক স্পৰ্শ কৰিবলৈ তেওঁলোকক মিত্ৰদলৰ প্ৰয়োজন হ‘ব পাৰে বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিত ডিএমকেক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ এআইএডিএমকে দলে বিজয়ৰ দলৰ সৈতে মিত্ৰতা কৰাৰ ইংগিত দিছে।

নিৰ্বাচনৰ পূৰ্বে বহুতো সমীক্ষাই বিজয়ৰ দলটোৱে মাত্ৰ কেইখনমান আসন পাব বুলি কৈছিল যদিও একাংশ সমীক্ষাই চমকপ্ৰদ ফলাফলৰ ভৱিষ্যতবাণী কৰিছিল। এই অভূতপূৰ্ব জয়ৰ লগে লগে এম জি ৰামচন্দ্ৰন আৰু জে জয়ললিতাৰ পিছত বিজয় তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱা তৃতীয়গৰাকী অভিনেতা হোৱাৰ দিশে আগবাঢ়িছে। এই ফলাফলে প্ৰমাণ কৰিছে যে তামিলনাডুৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছিল আৰু বিজয়ৰ ওপৰত সকলো শ্ৰেণীৰ লোকে গভীৰ আস্থা স্থাপন কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

August 11, 2026 10:52 am
অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

August 11, 2026 9:57 am
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am
ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

August 11, 2026 10:52 am
অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

August 11, 2026 9:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd