• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্ণ পাঠ।। নিৰ্বাচন সন্দৰ্ভত অসমৰ ৰাইজক সদৌ অসম ছাত্ৰ সন্থাৰ মুকলি আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2019 9:15 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সমস্যাৱলীৰ এটা মূল্যায়ন দাঙি ধৰি সমস্যাৱলীৰ সমাধানৰ বাবে আৰু অসমত খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণ, প্ৰভুত্ব ৰক্ষাৰ্থে কঠোৰ, নিৰ্ণায়ক আৰু সঠিক সিদ্ধান্ত ল’বলৈ অসমবাসীক বিনম্ৰ আহ্বান জনাইছে। ৫ এপ্ৰিল তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সভা আৰু জিলা, মহ্কুমা ছাত্ৰ সন্থা, বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি, সাধাৰণ সম্পাদকৰ উপস্থিতিত অনুষ্ঠিত সন্থাৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত ছাত্ৰ সন্থাই এই আহ্বান জনাইছে।

ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই সিদ্ধান্ত প্ৰকাশ কৰাৰ লগতে সমস্যাৱলীৰ মূল্যায়ন দাঙি ধৰি কয়—

Apply Now

বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব (সংশোধনী) বিধেয়কখনে ঐতিহাসিক অসম চুক্তিক উলংঘা কৰিছে। ধৰ্মৰ ভিত্তিত ১৯৭১ চনৰ পিছৰ অবৈধ বাংলাদেশীক চিনাক্ত কৰিবলৈ বিধেয়কখন অনা হৈছিল। ছাত্ৰ সন্থা, ৩০টা জনগোষ্ঠীয় সংগঠন আৰু নেছ’ই উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক দল, মেঘালয়, মিজোৰামৰ মুখ্য মন্ত্ৰীদ্বয় তথা দুয়োখন ৰাজ্য চৰকাৰ, বিহাৰৰ মুখ্য মন্ত্ৰী, জে দি (ইউ), শিৱসেনা, আকালি দলকে ধৰি এন দি এৰ সহযোগী দল, কংগ্ৰেছ (ই) দল, অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰীকে ধৰি সকলো বিৰোধী ৰাজনৈতিক দলৰ সহযোগত ছাত্ৰ সন্থা, নেছ’ই বিধেয়কখন ৰাজ্যসভাত উত্থাপনত বাধা দিব পাৰিছিল।

কিন্তু বিপদৰ ডাৱৰ এতিয়াও আঁতৰা নাই। শাসনাধিষ্ঠ বিজেপি দলে বিধেয়ক আকৌ অনাৰ হুংকাৰ দিছে। অসমৰ সমাজখনক ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰিব বিচৰা হৈছে। ছাত্ৰ সন্থাই কোনো ৰাজনৈতিক দলৰে হুংকাৰত সেও নামানে। বিধেয়কখনৰ বিৰুদ্ধে অসমৰ জনগণৰ সহযোগত আন্দোলন চলিছিল আৰু আন্দোলন চলিব। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলজুৰি এই আন্দোলন চলিবই।

ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত সম্পাদিত অসম চুক্তি ৰূপায়ণেৰে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে কোনো পদক্ষেপ লোৱা নহ’ল। প্ৰধান মন্ত্ৰীয়ে ৫ বছৰত অসম চুক্তি সম্পৰ্কত এখনো ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ সময় নাপালে। অসম চুক্তিৰ ৫নং দফা নস্যাৎ কৰি চুক্তিৰ ৬নং দফাৰ আধাৰত সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ এক ভুল ব্যাখ্যাৰে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ অপচেষ্টা কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু তদাৰকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। কোনো ৰাজনৈতিক দলৰ অনুগ্ৰহত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম হৈ থকা নাই। কংগ্ৰেছ দলৰ চৰকাৰে ২০১৪ চনলৈ অহা সকলো বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ত শপতনামা দিছিল। ন্যায়ালয়ে সেই শপতনামা প্ৰত্যাখ্যান কৰিছিল। একমাত্ৰ অসম চুক্তিৰ আধাৰত আৰু নাগৰিকত্ব আইন অনুসৰি নাগৰিকপঞ্জী প্ৰস্তুতিৰ কাম চলি আছে। উচ্চতম ন্যায়ালয়ে প্ৰস্তুতিৰ আৰম্ভণিৰে পৰা বিজেপিৰ কেন্দ্ৰীয়, ৰাজ্য চৰকাৰে বিধি-পথালি দিয়া বুলি স্পষ্ট মতামত প্ৰকাশ কৰিছে। নাগৰিকপঞ্জীৰ সকলো কৃতিত্ব উচ্চতম ন্যায়ালয়ৰ। বিজেপি চৰকাৰে বিধেয়কখনৰ জৰিয়তে নাগৰিকপঞ্জী নস্যাৎ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

শাসকীয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে অসম-বাংলাদেশ সীমান্ত ছীল কৰাৰ প্ৰতিশ্ৰুতি দিছিল। পূৰ্বৰ প্ৰতিশ্ৰুতি ভংগ কৰি অসমৰ মাটি বাংলাদেশক দিছিল। তাৰ পিছতো অসম-বাংলাদেশ সীমান্ত সুৰক্ষিত নহ’ল। অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে স্মাৰ্ট ফেন্সিং উদ্বোধন কৰিলে। নদীত স্থায়ী পহৰা চকী, ওপঙা চকী, দ্বিতীয় শাৰীৰ নিৰাপত্তা, সীমান্তত দেখিলেই গুলীওৱাৰ নিৰ্দেশ নোহোৱাকৈ এনে ব্যৱস্থাৰ পৰা সুফল পোৱা নাযায়। সীমান্তৰ স্থল আৰু জল এলেকাৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। সীমান্তত মুঠতে ভাৰত-বাংলাদেশ সীমান্ত ছীল নহ’ল। উল্লেখযোগ্য যে সীমান্ত সুৰক্ষা আঁচনিও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতে আগবাঢ়িছে।

যোৱা সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বৰমূৰীয়াসকলে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল। দিল্লীত শাসনভাৰ লোৱাৰ পিছত বৰমূৰীয়াসকলে অসমৰ বিশেষজ্ঞ সমিতি, বিশেষজ্ঞক আওকাণ কৰি সোৱণশিৰিৰ বৃহৎ নদীবান্ধ সম্পূৰ্ণ কৰিবলৈ উঠি-পৰি লাগিছিল। সেউজ ন্যায়াধিকৰণৰ মঞ্চত ছাত্ৰ সন্থাৰ স্থিতিক চৰকাৰে বাৰেপতি বিৰোধিতা কৰিছে। সোৱণশিৰি বান্ধ ভাঙিলে নামনিৰ লাখ লাখ লোক নিমিষতে নিঃশ্চিহ্ন হৈ যাব। বিশেষজ্ঞই আঙুলিয়াই দিয়াৰ পিছতো বিজেপি চৰকাৰে বিষয়বোৰ অৱজ্ঞা কৰিছে। আন আন প্ৰস্তাৱিত বৃহৎ নদীবান্ধ সম্পৰ্কতো কেন্দ্ৰীয় চৰকাৰে অনুৰূপ দৃষ্টিভংগি লৈছে। চৰকাৰে গংগা নদীৰ ওপৰত নদীবান্ধ নাসাজিবলৈ সিদ্ধান্ত লৈছে। উচ্চতম ন্যায়ালয়ক জনাইছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বিপৰীত ব্যৱস্থা লৈছে। ছাত্ৰ সন্থাই চৰকাৰৰ এনে দৃষ্টিভংগি সকলো প্ৰকাৰে বিৰোধিতা কৰি যাব।

শিক্ষা ক্ষেত্ৰত শাসকীয় দলৰ অসম চৰকাৰৰ কাম-কাজ হতাশাজনক। ইখনৰ পিছত সিখন বাজেট উত্থাপন হয়। কিন্তু প্ৰাক-প্ৰাথমিক শিক্ষাক গুৰুত্ব দিয়া নহয়। বিদ্যালয় পৰ্য্যায়ত শিক্ষা সংস্কাৰত গুৰুত্ব দিয়া নহ’ল। কলেজবোৰত নতুন নতুন বিষয় প্ৰৱৰ্তন নহ’ল। হাজাৰ হাজাৰ হিচাবত শিক্ষকৰ পদ খালী আছে। নতুন নতুন বিষয়, পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা নহ’ল। অসমতে থাকি আধুনিক সা-সুবিধাৰে নতুন নতুন বিষয়ত উচ্চ শিক্ষা গ্ৰহণত ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈছে। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰাজপথলৈ ওলাই আহিব লগা হৈছে। ইউনিফৰ্ম, দুপৰীয়াৰ আহাৰ আৰু দক্ষতা বিকাশৰ ঠিকাও বাহিৰৰ ব্যৱসায়ীৰ হাতত তুলি দিয়া হৈছে। লাখ লাখ খিলঞ্জীয়া নিবনুৱা হৈ গ’ল। অথচ সেইবোৰ কৰিব পৰা কাম অসমৰ মাটিতে আছে।

বিদেশী নাগৰিকৰ পিছতে অসমৰ এটা মূল সমস্যা হ’ল বানপানী আৰু গৰাখহনীয়া। পূৰ্বৰ চৰকাৰসমূহৰ দৰে যোৱা পাঁচ বছৰে বিজেপিৰ কেন্দ্ৰীয় চৰকাৰেও অসম বানপানী আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাবে সমাধানৰ বাবে একো নকৰিলে। ৰাজ্য চৰকাৰৰ বাজেটতো সমস্যাটোৱে অকণো গুৰুত্ব নাপালে। বানপানীত পীড়িত মানুহক সাহায্য দিয়াটো সমস্যাটোৰ সমাধান নহয়। অসমৰ নিবনুৱা যুৱতীক সংস্থাপনৰ বাবে চৰকাৰে কোনো পদক্ষেপ নল’লে। কেন্দ্ৰীয়, অৰ্ধকেন্দ্ৰীয় চাকৰিত যোগ্য নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰা হ’ল। অসম, উত্তৰ-পূৰ্বাঞ্চললৈ সুকীয়া নিয়োগ মণ্ডল সৃষ্টি কৰা নহ’ল।

অসমৰ জনজাতীয় আৰু জনগোষ্ঠীয় সমস্যাৰ স্থায়ী সমাধান নহ’ল। সমস্যা সমাধানৰ ক্ষেত্ৰত সময়ে সময়ে প্ৰদান কৰা আশ্বাস প্ৰতিশ্ৰুতিবোৰ অসাৰ হৈ পৰিল। অসমৰ জনজাতীয় জনসাধাৰণৰ সমস্যা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, সকলো জনগোষ্ঠীৰ জনসাধাৰণৰ সমস্যাৱলী সমস্যা হৈয়ে ৰ’ল।

অসমৰ অশোক কাগজ কল, নগাওঁ আৰু কাছাৰ কাগজ কল বন্ধ হৈয়েই থাকিলে। নামৰূপ সাৰ কাৰখানাৰ নতুন গোট খোলাৰ ব্যৱস্থা নহ’ল। অসমৰ স্বাৰ্থক জলাঞ্জলি দি লাভজনক তৈল ক্ষেত্ৰসমূহক ব্যক্তিগতকৰণ কৰিবলৈ ব্যৱস্থা লোৱা হ’ল। কয়লাৰ মুক্ত খননে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে বিদেশী বুলি চিহ্নিত কৰা ৭০হাজাৰ বিদেশী নাগৰিক কেনেকৈ নোহোৱা হ’ল ৰাজ্য চৰকাৰৰ পৰা জানিব বিচাৰিছে। ন্যায়ালয়ে কঠোৰভাৱে সকীয়নি দিছে। বহিষ্কাৰৰ সলনি কেনেকৈ ভাৰতীয়ৰ লগত মিহলি হৈ যায় সেয়া প্ৰশ্ন তুলিছে। জাতিটোৰ ভয়াৱহ বিপদৰ সংকেতবোৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াৰপৰাই ঘোষিত হৈছে।

সদৌ অসম ছাত্ৰ সন্থাই অসমৰ জনসাধাৰণৰ বাবে অসমৰ একাংশ সমস্যাৱলীহে দাঙি ধৰিছে। সমস্যাৱলীৰ নিৰ্মোহ বিচাৰ-বিবেচনা নকৰিলে অসমৰে ক্ষতি হ’ব। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত সকলোৱে অসম তথা অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থক পিঠি দিয়া দেখা গৈছে। ফলত অসমৰ জনসাধাৰণ বিপাঙত পৰিছে। জনসাধাৰণে ৰাজনৈতিক বিকল্পহীন পৰিস্থিতিৰ সন্মুখীন হৈছে। কিন্তু এনে পৰিস্থিতিতো অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিব। সিদ্ধান্তমুখী সমাধানৰ বাবে জনসাধাৰণে কঠোৰ সিদ্ধান্ত ল’ব লাগিব। গণতন্ত্ৰত ৰাইজেই ৰজা। সমস্যাৱলীৰ সমাধানৰ বাবে আৰু বিভিন্ন জাতি-জনজাতি-জনগোষ্ঠী-ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমত নিয়ন্ত্ৰণ, প্ৰভুত্ব অক্ষুণ্ণ ৰাখিবলৈ আৰু অসমত খিলঞ্জীয়া জনসাধাৰণে সদায়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণৰ নিশ্চিত অধিকাৰ পাব পৰাকৈ কঠোৰ, নিৰ্ণায়ক আৰু সঠিক সিদ্ধান্ত ল’বলৈ জনসাধাৰণক ছাত্ৰ সন্থাই বিনম্ৰ আহ্বান জনাইছে। সদৌ অসম ছাত্ৰ সন্থাই যিকোনো পৰিস্থিতিতেই পূৰ্বৰ দৰেই নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব।

ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই কয়— অসমৰ সমস্যাৱলীৰ স্থায়ী সমাধানৰ লক্ষ্যৰে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ অসমৰ জনসাধাৰণক নিৰ্ণায়ক আৰু সঠিক সিদ্ধান্ত ল’বলৈ বিনম্ৰ আহ্বান জনাইছে।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd