NORTHEAST NOW (Assamese)

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

January 26, 2021 7:47 am · এন ই নাও নিউজ
শ্বহীদ কৰ্ণেল সন্তোষ বাবু।

লাডাখ সীমান্তত চীনৰ সেনাৰ অনুপ্ৰৱেশ বীৰদৰ্পে ৰোধ কৰিছিল ভাৰতীয় সেনাই। তুষাৰাবৃত সীমান্তত যোৱা বৰ্ষৰ ১৫ জুনত বাস্তৱিতেই সৃষ্টি হৈছিল এক ইতিহাস। সেইদিনা সীমান্তত ভাৰতে হেৰুৱাইছিল বীৰ সন্তানক।

যোৱা বছৰৰ ১৫ জুনত লাডাখত চীনৰ আগ্ৰাসনক ভেটা দি যিসকল ভাৰতীয় সেনা জোৱানে চীনা সৈন্যক প্ৰত্যুত্তৰ দিছিল তাৰ ভিতৰত অন্যতম আছিল কৰ্ণেল সন্তোষ বাবু।

২০২১ৰ গণতন্ত্ৰ দিৱসত সন্তোষ বুবুক মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব। কেবল শ্বহীদ সন্তোষ বাবুৱে নহয়, আন ৫গৰাকী শ্বহীদ ভাৰতীয় সেনা জোৱানকো চক্ৰ সন্মানেৰে সন্মানিত কৰা হ’ব।

১৬ বিহাৰ ৰেজিমেন্টৰ জোৱান সন্তোষ বাবুৱে যোৱা ১৫ জুনত লাডাখৰ গালোৱানত চীনা সৈন্যৰ সৈতে যুঁজ দি দেশৰ বাবে আত্মবলিদান দিছিল। সেই সংৰ্ঘষত ২০ গৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল।

ভাৰতে সেই ৰক্তাক্ত ইতিহাস পাহৰা নাই। সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণতো স্থান পাইছে সেই ঘটনা।

কোৰুকোন্দা সৈনিক স্কুলৰ পৰা দেৰাদূনৰ মিলিটাৰী একাডেমীত প্ৰশিক্ষণ লৈ সেনাত ভৰ্তি হৈছিল সন্তোষ বাবু।

সন্তোষ বাবুৰ উপৰি গণতন্ত্ৰ দিৱসত মৰণোত্তৰভাৱে চক্ৰ সন্মানেৰে সন্মানিত হৈছে চুবেদাৰ নাদুৰা চোৰেন, হাবিলদাৰ কে পালানি, তেজিন্দৰ সিং, নায়ক দীপক সিং আৰু গুৰুতেজ সিং।

আজি দিল্লীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত তেওঁলোকৰ পৰিয়ালৰ হাতত এই সন্মান তুলি দিয়া হ’ব।

Related News