• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিচি নিৰ্বাচনত শেষ হাঁহি নামাৰিলে চিৰদিনৰ বাবে ৰাজনীতিক বিদায় দিব সাংসদ নৱ শৰণীয়াই

গণ সুৰক্ষা পাৰ্টী নাই কোনো মিত্ৰতাত, বিপৰীতে বিটিছিত অধিকাংশ আসন দখল কৰি চৰকাৰ গঠনৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 12, 2020 8:41 pm
IMG_20190820_161139-2
324
VIEWS
Share on FacebookShare on Twitter

সমাগত বিটিচি নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰধানতঃ বিপিএফ, য়ুপিপিএল, আৰু গণ সুৰক্ষা পাৰ্টীৰ মাজত নিৰ্বাচনত জয়ী হোৱাৰ বাবে ইতিমধ্যে আৰম্ভ হৈ গৈছে প্ৰস্ততি।

বিপিএফে কংগ্ৰেছ আৰু এআইয়ুডিএফৰে সৈতে মিত্ৰতা কৰাক কেন্দ্ৰ কৰি এতিয়া সৰৱ হৈ পৰিছে কোকৰাঝাৰৰ অবড়ো সাংসদ নৱ শৰণীয়া।

শৰণীয়াৰ মতে গণ সুৰক্ষা পাৰ্টী কাৰোৰে সৈতে মিত্ৰতাৰ পক্ষত নাই।

শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত শৰণীয়াই কয় ‘গণ সুৰক্ষা পাৰ্টী কোনো মিত্ৰতাৰ পক্ষতে নাই। মিত্ৰতা কৰিলে সমস্যা সমাধান নহয়।’

ইপিনে, উক্ত সংবাদমেলতে বিপিএফ-য়ুপিপিএলে কোনো কাৰণতে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী কৰি শৰণীয়াই কয় ‘য়ুপিপিএলৰ কেইখনমান আসনত প্ৰতিদ্বন্দ্বিতা হ’ব যদিও অধিকাংশ আসনতে তেওঁলোকৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত নাহে। বিপিএফৰ বৰ্তমান স্থিতি আগতকৈ সৱল হৈছে যদিও জয়ী হ’ব পৰাকৈ তেওঁলোক সক্ষম হৈ উঠা নাই।’

আনহাতে, উক্ত সংবাদমেলতে বিটিএডিত থকা মুঠ ৩০৮২ খন গাঁৱৰ এজন লোককো বিগত ১৪ বছৰত বিপিএফে চাকৰি দিয়া নাই বুলি অভিযোগ তোলে শৰণীয়াই।

তেওঁ লগতে কয় ‘২০ হেজাৰ লোকক চাকৰি দিব লাগিছিল। কিন্তু ২৪০০ লোককো চাকৰি দিয়া নাই বিটিচিত। প্ৰধানমন্ত্ৰী মোডীয়ে ২ কোটি চাকৰি দিয়াৰ কথা কৈছিল। কিন্তু ৬ বছৰতো এক কোটি লোককো দিয়া হোৱা নাই চাকৰি।‘

তাৎপৰ্যপূৰ্ণভাৱে, উক্ত সংবাদমেলতে বিটিচিত এইবাৰ গণ সুৰক্ষা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে চিৰদিনৰ বাবে ৰাজনীতিক বিদায় দিবলৈ প্ৰস্তুত বুলি দাবী কৰে শৰণীয়াই।

তেওঁ কয় ‘যদিহে আমাৰ পাৰ্টিয়ে আগন্তুক বিটিচি নিৰ্বাচনত শেষ হাঁহি মাৰিবলৈ সক্ষম নহয় তেতিয়াই মই ৰাজনীতিৰ পৰা বিদায় ল’ম।‘

ইপিনে, সাংসদগৰাকীয়ে চৰকাৰ গঠন কৰাৰ বিষয়ে কোৱাত তেওঁ কিহৰ ভিত্তিত বিটিচিত চৰকাৰ গঠন কৰাৰ দাবী কৰিছে বুলি সাংবাদিকে সোধাত তেওঁ কয়, ‘আজি অবড়ো লোকৰ নামত বিটিচিত ১০ শতাংশ মাটিও নাই। এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিলে আমি আৰু নোৱাৰিম। ৮১ শতাংশ লোকে বিটিএডিত অসমীয়া ভাষা কয়।’

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd