ৰাজ্যত পুনৰ ঘটিছে এনকাউণ্টাৰৰ ঘটনা।
কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন গাঞ্জা সৰবৰাহকাৰীৰ ভিতৰৰে এজন আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত হৈছে।
কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ কাৰীগাওঁৰ পৰা তিনি গাঞ্জা সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ গাঞ্জাৰ সৈতে আটক কৰিবলৈ সক্ষম হৈছিল ৷
আটকাধীন লোককেইজন হৈছে ক্ৰমে- মুকেশ কুমাৰ( বিহাৰ)মিঠুন মিঞা (মানকাচৰ),হাছানুৰ ৰহমান( মানকাচৰ) ৷
তেওঁলোকৰ পৰা আৰক্ষীয়ে ৪১ টা পেকেটত ৯৩ কেজি গাঞ্জা জব্দ কৰিছে ৷
এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে কাৰীগাঁৱত তালাচী চলাই বিআৰ ১১ভি ৭৫৫১ নম্বৰৰ স্কৰপিঅ’ বাহন খনৰ পৰা গাঞ্জাখিনি জব্দ কৰিছিল ৷
গাঞ্জাখিনি আগৰতলাৰ পৰা বিহাৰলৈ নি থকাৰ অৱস্থাতে জব্দ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
অভিযুক্ত তিনিজনক লগত লৈ আৰক্ষীয়ে তদন্তৰ বাবে যোৱাৰ সময়তে মুকেশ কুমাৰে হঠাতে এজন কনিষ্টবলৰ অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা চলায়।
আৰক্ষীয়ে মুকেশ কুমাৰক ৰখাবলৈ শূন্যতে এটা ৰাউণ্ড গুলীচালনা কৰে ।কিন্তু অভিযুক্ত জনে ৰৈ নোযোৱাত আৰক্ষীয়ে তেওঁৰ ভৰিলৈ লক্ষ্য কৰি এটা ৰাউণ্ড গুলীচালনা কৰে।
ফলত মুকেশ কুমাৰ আহত হয়। আহত অৱস্থাত লোক জনক তৎক্ষণাৎ চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়।