‘ফেনছ প্লেয়াৰ অব দ্যা ইয়েৰ এৱাৰ্ড’ৰ দৌৰত অসমৰ ফুটবলাৰ গৌৰৱ বৰা

Gaurav Bora joins Delhi Dynamos FC.photo

গৌৰৱ বৰা । ফটো: ই এছ পি এন ডট ইনৰ সৌজন্যত

প্ৰত্যেক বছৰৰ দৰে এইবছৰো ফুটবল প্লেয়াৰ্ছ এছ’চিয়েশ্যন অব ইণ্ডিয়া (এফ পি এ আই)ই ‘ফেনছ প্লেয়াৰ অব দ্যা ইয়েৰ এৱাৰ্ড’ৰ বাবে বাছনি কৰি উলিয়াইছে ১০ জন ফুটবলাৰ। এই ১০ জনৰ ভিতৰত আছে অসমৰ গৌৰৱ বৰা।

উল্লেখ্য যে বছৰে এফ পি এ আইয়ে প্ৰদান কৰি অহা এই এৱাৰ্ড ভোটিং পদ্ধতিৰে নিৰ্ণয় কৰা হয়। ১০জন ফুটবলাৰৰ ভিতৰত সমৰ্থক সকলে নিজ নিজ পচন্দৰ এজন ফুটবলাৰক ভোটদান কৰি ফেনছ প্লেয়াৰ অব দা এৱাৰ্ডৰ অধিকাৰী কৰিব পাৰে।

ইতিমধ্যে ৬ জুলাইৰ পৰা আৰম্ভ হৈছে ভোটিং ব্যৱস্থা। ফুটবলপ্ৰেমী সকলে www.thefpai.net ৰ জৰিয়তে পচন্দৰ ফুটবলগৰাকীক ভোট দিব পাৰিব।

উল্লেখ্য যে আই-লীগত চেন্নাই চিটি এফ চিৰ হৈ বিগত বৰ্ষত গৌৰৱ বৰাই মুঠ ২০ খন খেল খেলিছিল আৰু চূড়ান্ত খেলখনত তামিলনাডুৰ বিৰুদ্ধে দুটাকৈ গ’ল দি খিতাপ অৰ্জনত মূখ্য ভূমিকা লৈছিল।

আই লীগৰ ২০১৮-১৯ বৰ্ষৰ উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰা গৌৰৱ বৰাই বিগত বৰ্ষত ফুটবল জগতত বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

গৌৰৱে ইয়াৰ পূৰ্বে ২০২০ এ এফ চি ২৩ অনুৰ্দ্ধ প্ৰতিযোগিতাৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী খেলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল।

অসমত জন্মগ্ৰহণ কৰা গৌৰৱ বৰাই যুৱ অৱস্থাত তেওঁৰ পৰিয়ালৰ সৈতে দিল্লীত থাকিবলৈ লয়। স্কুল দলৰ হৈ খেলাৰ পাছত গৌৰৱে বাইচুং ভূটীয়াৰ ফুটবল স্কুলত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল।

ইয়াৰ উপৰি ২০ বছৰীয়া ডিফেণ্ডাৰগৰাকীক ২০১৯-২০ বৰ্ষৰ বাবে আই এছ এলৰ দল দিল্লী ডায়নামোছে চুক্তিবদ্ধ কৰিছে।

অসমৰ প্ৰতিভাৱান গৌৰৱ বৰাৰ উপৰি ‘ফেনছ প্লেয়াৰ অব দ্যা ইয়েৰ এৱাৰ্ড’ৰ বাবে নিৰ্বাচিত হোৱা আন ৯গৰাকী ফুটবলাৰ হৈছে- আদিল খান (এফ চি পুনে চিটি), জবি জাষ্টিন (ইষ্ট বেংগল এফ চি), মাইকেল ছুছাইৰাজ (জামছেদপুৰ এফ চি), মহম্মদ নাৱাজ (এফ চি গোৱা), অমৰজিৎ সিং কিয়াম (ইণ্ডিয়ান এৰ’জ), চাহাল আব্দুল চামাদ (কেৰালা ব্লাষ্টাৰ্ছ), ৰাহুল ভেকে (বেংগালুৰু এফ চি), ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ (এফ চি গোৱা) আৰু ৰেইনিয়াৰ ফাৰ্ণাণ্ডেজ (মুম্বাই চিটি এফ চি)।