• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৬ৰ নিৰ্বাচনৰ পিছত অসম এৰিব লাগিব জনজাতি বিৰোধী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইঃ গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2025 9:30 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ভয় আৰু শংকামুক্ত এখন অসম গঢ়াৰ সংকল্প লৈ ৰাজ্যজুৰি জনজাগৰণ অভিযান আৰম্ভ কৰিছে। এই উপলক্ষে কাৰ্বি আংলঙৰ হামৰেণত আয়োজিত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীব্ৰ আক্রমণ কৰি কয় বিজেপিৰ ভয়-ভাবুকি ৰ বিৰুদ্ধে ৰাজ্যবাসী এতিয়া জাগ্ৰত হৈছে।

গগৈয়ে অভিযোগ তোলে যে মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙক নিজৰ ৰাজত্ব স্থাপন কৰিবলৈ দিছে আৰু ফলত সাধাৰণ ৰাইজৰ উন্নয়নৰ পথ প্ৰায় বন্ধ হৈ পৰিছে। “তুলিৰাম ৰংহাঙৰ সম্পৰ্কীয়সকল ধনী হ’ল, কিন্তু সাধাৰণ লোক পিছ পৰিছে,” বুলিও মন্তব্য কৰে গগৈয়ে।

Apply Now

চাহ উদ্যোগৰ ধ্বংস, ক্ষুদ্ৰ চাহ খেতিয়কৰ কঁকাল ভঙা অৱস্থা আৰু বাঁহ খেতিৰ ক্ষেত্ৰত চৰকাৰৰ অনীহাৰ সমালোচনা কৰি গগৈয়ে কয়, “বিগত ১০ বছৰত বিজেপি চৰকাৰে উদ্যোগ মানে টাটা, আদানি আৰু আম্বানীকহে বুজিছে।” ইয়াৰ উপৰিও তেওঁ সৰ্থেবাৰীৰ কাঁহ উদ্যোগ বন্ধ হৈ যোৱাটো গভীৰ উদ্বেগৰ কাৰণ বুলি উল্লেখ কৰে।

তেওঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক “জনজাতি-বিৰোধী” বুলি আখ্যা দি কয় যে “হিমন্ত বিশ্ব শৰ্মাই তুলিৰাম ৰংহাঙক ছিংগাপুৰত ছ্যুটকেছ দাঙিবলৈ লৈ গৈছিল, তাত কি আছিল মই নাজানো।” তিৱা নেতা ৰমাকান্ত দেউৰীক মুখ্যমন্ত্ৰীয়ে “পুতলাৰ দৰে ব্যৱহাৰ” কৰা বুলি গুৰুতৰ অভিযোগ তোলে গগৈয়ে। তদুপৰি, প্ৰমোদ বড়োৰ ৰাজনৈতিক জীৱনো মুখ্যমন্ত্ৰীয়ে ধ্বংস কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

গগৈৰ মতে, মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ স্বায়ত্বশাসিত পৰিষদসমূহত নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছে, কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙ আৰু ডিমা হাছাওত দেৱলাল গাৰ্লোছা তাৰ উজ্বল নিদৰ্শন দাঙি ধৰিছে। তেওঁ আৰু কয় যে “জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়েও সত্য গোপন কৰিছে। হত্যাকাণ্ড বুলি কৈছে, কিন্তু কেনেকৈ আৰু কিয় হ’ল, সেইটো ৰাইজক জনোৱা নাই।”

২০২৬ চনৰ নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে “আপুনি কৈছিল ১০ ছেপ্টেম্বৰৰ ভিতৰত মোৰ পাকিস্তান সংযোগৰ তথ্য প্ৰকাশ কৰিব। এতিয়ালৈকে সেই তথ্য জনসাধাৰণৰ হাতত কিয় নাই? যদি অভিযোগ সঁচা,প্ৰমাণ কৰক, আৰু মোক গ্ৰেপ্তাৰ কৰক।” আৰু কয় যে বিজেপিৰ ভয় আৰু ভ্ৰমৰ ৰাজনীতি অসমবাসীয়ে নস্যাৎ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd