• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উৎকোচৰ অভিযোগঃ আমেৰিকাৰ এক্সচেঞ্জ কমিছনক ৬০ লাখ ডলাৰৰ জৰিমনা দিব লাগিব গৌতম আদানীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2026 12:32 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বিখ্যাত উদ্যোগপতি গৌতম আদানীয়ে আমেৰিকাত সন্মুখীন হোৱা আইনী সমস্যা অতি সোনকালেই শেষ হোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন চমুকৈ এছ ই চিৰ লগত তেওঁৰ এটা দেৱানী গোচৰ নিষ্পত্তি হোৱাৰ কথা প্ৰকাশ পাইছে। গৌতম আদানী আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় বিষয়াক উৎকোচ দিয়া আৰু আমেৰিকাৰ বিনিয়োগকাৰীসকলক মিছা কথা কোৱাৰ অভিযোগ উঠিছিল। এতিয়া এই গোচৰটো আদালতৰ অনুমোদন সাপেক্ষে নিষ্পত্তি কৰা হ‘ব বুলি বৃহস্পতিবাৰে প্ৰকাশিত আদালতৰ নথিত উল্লেখ কৰা হৈছে। লগতে আমেৰিকাৰ ন্যায় বিভাগেও তেওঁৰ বিৰুদ্ধে থকা আন আন অপৰাধমূলক অভিযোগসমূহ বাতিল কৰাৰ কথা বিবেচনা কৰিছে।

এই গোচৰ নিষ্পত্তি কৰিবলৈ গৌতম আদানীয়ে প্ৰায় ৬০ লাখ ডলাৰ বা ৫২ লাখ ইউৰোৰ দেৱানী জৰিমনা দিবলৈ সন্মত হৈছে। আনহাতে, তেওঁৰ ভতিজা আৰু আদানি গ্ৰীণ এনাৰ্জীৰ আন এজন প্ৰধান বিষয়া সাগৰ আদানীয়ে ১ কোটি ২০ লাখ ডলাৰ দিবলৈ মান্তি হৈছে। মন কৰিবলগীয়া কথা যে এই প্ৰস্তাৱিত নিষ্পত্তিত তেওঁলোকে নিজৰ অপৰাধ স্বীকাৰ কৰাৰ কোনো কথা উল্লেখ নাই। অৰ্থাৎ জৰিমনা ভৰিলেও তেওঁলোকে নিজকে দোষী বুলি মানি লোৱা নাই।

Apply Now

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ চৰকাৰৰ দিনত ২০২৪ চনত আদানীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগসমূহ উত্থাপন হৈছিল। অভিযোগ উঠাৰ পিছতে আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য প্ৰায় ২৩ শতাংশলৈকে হ্ৰাস পাইছিল আৰু কোম্পানীটোৱে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। ভাৰতত সৌৰ শক্তিৰ লাভজনক ঠিকা পাবলৈ ভাৰতীয় চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উঠিলেও, ভাৰতত কিন্তু তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ আনুষ্ঠানিক তদন্ত হোৱা নাছিল।

আদানীৰ বিৰুদ্ধে এই অভিযোগসমূহ কিয় বাতিল কৰা হ‘ব ধৰিছে, তাৰো কিছুমান কাৰণ পোহৰলৈ আহিছে। আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পৰ ব্যক্তিগত অধিবক্তা ৰবাৰ্ট জিউফ্ৰাক আদানীয়ে নিজৰ অধিবক্তা হিচাপে নিযুক্তি দিয়াৰ পিছতে পৰিস্থিতি সলনি হ‘বলৈ ধৰে। যোৱা এপ্ৰিল মাহত হোৱা এখন বৈঠকত জিউফ্ৰাই প্ৰমাণ কৰি দেখুৱাইছিল যে আদানীৰ বিৰুদ্ধে থকা অভিযোগসমূহৰ কোনো সঠিক প্ৰমাণ নাই। লগতে, আদানীয়ে আমেৰিকাত ১০ বিলিয়ন ডলাৰ বিনিয়োগ কৰি ১৫ হাজাৰ নতুন চাকৰি সৃষ্টি কৰাৰ এক প্ৰস্তাৱ দিছিল। ট্ৰাম্পে নিৰ্বাচনত জয়লাভ কৰাৰ পিছতো আদানীয়ে ছ‘চিয়েল মিডিয়াৰ জৰিয়তে আমেৰিকাৰ শক্তি খণ্ডত এই বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দোহাৰিছিল। অৱশ্যে আমেৰিকাৰ অধিবক্তাসকলে কৈছে যে এই বিনিয়োগৰ প্ৰস্তাৱে গোচৰ নিষ্পত্তিত কোনো প্ৰভাৱ পেলোৱা নাই।

ইয়াৰ উপৰিও আদানী গ্ৰুপৰ বিৰুদ্ধে আন এটা অভিযোগো উত্থাপন হৈছে। আমেৰিকাৰ নিয়ম ভংগ কৰি ইৰাণৰ গেছ সৰবৰাহ কৰাৰ অভিযোগত আমেৰিকাৰ কোষাগাৰ বিভাগে আদানী কোম্পানীসমূহৰ ওপৰত এক সুকীয়া তদন্ত চলাই আছে। এই তদন্তৰ ফলস্বৰূপে ভৱিষ্যতে কোম্পানীটোক পুনৰ আৰ্থিক জৰিমনা বিহাৰ সম্ভাৱনা আছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd