দেশৰ ৰাজধানী নতুন দিল্লীত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা পূব দিল্লীৰ ভাৰতীয় জনতা পাৰ্টি(বিজেপি)ৰ লোকসভাৰ সাংসদ গৌতম গম্ভীৰ নিৰুদ্দেশ হোৱাৰ পোষ্টাৰ ঠায়ে ঠায়ে লগোৱা দেখা গৈছে।
বেছিসংখ্যক পোষ্টাৰ দিল্লীৰ ITO অঞ্চলৰ গছ-গছনি আৰু দেৱালত লগোৱা হৈছে।
‘‘আপোনালোকে গৌতম গম্ভীৰক কৰোবাত দেখিছে নেকি? শেষবাৰৰ বাবে তেওঁক ইন্দোৰত জিলাপী খাই থকা দেখা পোৱা গৈছিল আৰু তেতিয়াৰে পৰা তেওঁ নিৰুদ্দেশ হৈ আছে। পূব দিল্লী বাসীয়ে তেওঁৰ সন্ধানত আছে।’’
উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত পূব দিল্লীৰ পৰা প্ৰথমবাৰৰ বাবে গম্ভীৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
সাংসদ হিচাপে বিজয়ী হোৱাৰ পাছৰে পৰা গৌতম গম্ভীৰে নিজৰ সমষ্টিৰ জনসাধাৰণক সময় দিব পৰা নাই আনকি তেওঁ পূব দিল্লী সমষ্টিলৈও যথেষ্ট কম সময়ৰ বাবেহে গৈছে।
নিজৰ সাংসদৰ সংসদীয় সমষ্টিত উপস্থিতি দেখা নাপাই ক্ষোভিত জনতাই এনেদৰে নিৰুদ্দেশ হোৱাৰ পোষ্টাৰ লগাবলৈ বাধ্য হয়।
গৌতম গম্ভীৰক নিজৰ সমষ্টিৰ পৰিৱৰ্তে বৰ্তমান সময়ত ক্ৰিকেটৰ ধাৰাভাষ্যকাৰ হিচাপেহে বেছিকৈ দেখা গৈছে।
গৌতম গম্ভীৰে ভাৰতীয় দলক টি-২০ আৰু এদিনীয়া বিশ্বকাপ দখল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল।