আইপিএলৰ এটা দলৰ মালিকী স্বত্ত্ব কিনিবলৈ আগবাঢ়িছে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমান সাংসদ গৌতম গম্ভীৰে।
গম্ভীৰৰ ঘনিষ্ঠ সূত্ৰৰ পৰা সদৰী কৰা মতে অচিৰেই তেওঁ দিল্লী দলৰ অন্যতম মালিক হ’বলৈ আগবাঢ়িছে প্ৰাক্তন আক্ৰমণাত্মক বাওহতীয়া অপেনিং বেটছমেনগৰাকী।
দিল্লী দলটোৰ সৈতে গম্ভীৰৰ সুদীৰ্ঘ দিনৰ সম্পৰ্ক আছে। কেইবছৰ খেলাৰ পাছত গৌতম কলকাতা নাইট ৰাইডাৰ্ছ দলত যোগ দিয়ে।
গৌতম গম্ভীৰৰ নেতৃত্বতে কলকাতাই দুবাৰকৈ আই পি এলত চেম্পিয়ন হৈছে। অৱশ্যে, দিল্লীৰ সৈতে খেলুৱৈগৰাকীৰ সম্পৰ্কত কোনোধৰণৰ যতি পৰা নাই।
কলকাতাৰ পাছত গৌতম পুনৰ দিল্লী দলত যোগদান কৰিছিল যদিও তাত বৰ বেছি সুবিধা কৰিব পৰা নাছিল। কিন্তু এইবাৰ দিল্লী কেপিটেলছৰ মালিকী স্বত্ত্ব ক্ৰয় কৰিবলৈ আগবাঢ়িছে।
বৰ্তমান দিল্লী দলটোৰ দুজন মালিক আছে। এটা জেএছডব্লিউ স্প’ৰ্টছ আৰু আনটো হৈছে জি এম আৰ গ্ৰুপ। দুয়োটাৰে ৫০ শতাংশকৈ মালিকী স্বত্ত্ব আছে দলটোত।
জানিব পৰা মতে গম্ভীৰে জিএমআৰ গ্ৰুপৰ ৫০ শতাংশ মালিকী স্বত্ত্ব ক্ৰয় কৰিবলৈ সাজু হৈছে। এই সন্দৰ্ভত আলোচনা চূড়ান্ত হৈছে আৰু মাত্ৰ আই পি এলৰ গৱৰ্ণিং কাউন্সিলৰ অনুমতিহে বাকী আছে।
প্ৰকৃততে গম্ভীৰৰ মালিকী স্বত্ত্বৰ বিষয়টো বিচিচিআইৰ ওপৰতে নিৰ্ভৰ কৰিছে। সৌৰভ গাংগুলীৰ নেতৃত্বৰ সংস্থাটোৱে অনুমতি দিলেই আইপিএলৰ দল ক্ৰয় কৰিব পাৰিব গম্ভীৰে। কিয়নো আই পি এলৰ গৱৰ্ণিং কাউন্সিল বোৰ্ডৰ অধীন।
যোৱা বছৰ জেএছডব্লিউ স্প’ৰ্টছে ৫০ শতাংশ মালিকী স্বত্ত্ব ৫৫০ কোটি টকাত ক্ৰয় কৰিছিল। ইয়াৰ পাছতে দিল্লীৰ দলটোৰ নামৰো পৰিৱৰ্তন ঘটে। আইপিএলত পূৰ্বে ডেয়াৰডেভিলছ নামত খেলা দলটোৰ নাম বৰ্তমান হৈছে দিল্লী কেপিটেলছ।
গৌতম গম্ভীৰৰ আগমনে দিল্লী দলটো উজ্জীৱিত কৰি তোলাৰ সম্ভাৱনা আছে। দিল্লীৰ আইপিএল দলটোৰ বৰ্তমান অধিনায়ক হৈছে শ্ৰেয়স আয়াৰ।