• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

বিশ্ববিদ্যালয়ৰ সাহায্যকাৰী দলটোৱে বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ হাতত সাহায্য ‎সামগ্ৰী প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 7:14 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (জিচিইউ)-এ অসম আৰু ‎নাগালেণ্ডৰ বান তথা ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে চাৰিদিনীয়া ব্যাপক বান সাহায্য অভিযান ‎ৰূপায়ণ কৰে। ৩১ জুলাইৰ পৰা ৩ আগষ্টলৈ চলা এই অভিযান বিশ্ববিদ্যালয়খনৰ এনএছএছ (ৰাষ্ট্ৰীয় সেৱা আঁচনি) ‎কোষৰ উদ্যোগত অনুষ্ঠিত হয়।

বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, এনএছএছ স্বেচ্ছাসেৱক আৰু শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ ‎সদস্যসকলে অভিযানত অংশগ্ৰহণ কৰি বানপীড়িতসকলৰ বাবে খাদ্য সামগ্ৰী, কাপোৰ, পৰিচ্ছন্নতা সামগ্ৰী আৰু ‎অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ আৰু বিতৰণ কৰে।

Apply Now

বিশ্ববিদ্যালয়ৰ সাহায্যকাৰী দলটোৱে হাঁহচৰা চেতিয়া গাঁও, লেবাং চাউল কোৰা গাঁও, বৰহটিং চাপৰি, বেতবাৰী ‎নিমাইজান, চাংমাই আৰু নিমাইজান আদি বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ হাতত সাহায্য ‎সামগ্ৰী প্ৰদান কৰে। ইয়াৰ উপৰি স্থানীয় বাসিন্দাসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ জৰুৰী ‎প্ৰয়োজনীয়তাৰ বিষয়েও বুজ লয়।

ইয়াৰ পিছত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দলটোৱে শিৱসাগৰ জিলা প্ৰশাসনে স্থাপন কৰা সাহায্য শিবিৰত সাহায্য সামগ্ৰী ‎আগবঢ়ায়। এই সময়ত বানপীড়িতসকলৰ উদ্ধাৰ আৰু সাহায্য কাৰ্য সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে জিলা ‎প্ৰশাসনৰ ভূমিকাৰ শলাগ লোৱাৰ লগতে সহযোগিতাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৃতজ্ঞতা প্ৰকাশ কৰে।

অভিযানৰ অংশ হিচাপে বিশ্ববিদ্যালয়ৰ দলটোৱে নাগালেণ্ডৰ নাগিনীমৰালৈ গৈ বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত ‎পৰিয়ালসমূহৰ মাজতো অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যসূচীত নাগিনীমৰা ষ্টুডেণ্টছ ইউনিয়ন, ‎নাগিনীমৰা গোৰ্খা ইউনিয়ন আৰু স্থানীয় বিভিন্ন সামাজিক সংগঠনে সহযোগিতা আগবঢ়ায়।

পাছত দলটোৱে মন জিলাৰ ভূমিস্খলনগ্ৰস্ত এলেকা আৰু এপেক্স কোনিয়াক ইউনিয়নৰ কাৰ্যালয়ত স্থাপন কৰা ‎সাহায্য শিবিৰ ভ্ৰমণ কৰি স্থানচ্যুত পৰিয়ালসমূহৰ হাতত অতিৰিক্ত সাহায্য সামগ্ৰী প্ৰদান কৰে। অভিযান সফলভাৱে ‎সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱা নাগিনীমৰা আৰু মন জিলাৰ স্থানীয় প্ৰশাসন, সমাজৰ নেতা, স্বেচ্ছাসেৱক, ‎সামাজিক সংগঠন আৰু স্থানীয় বাসিন্দাসকললৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ধন্যবাদ জ্ঞাপন কৰে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে সমাজৰ প্ৰতি দায়বদ্ধতা আৰু মানৱীয় সেৱা জিচিইউৰ অন্যতম মূল লক্ষ্য। শিক্ষক, ‎কৰ্মচাৰী, শিক্ষাৰ্থী, স্বেচ্ছাসেৱক, প্ৰাক্তন শিক্ষাৰ্থী আৰু শুভাকাংক্ষীসকলৰ একত্ৰিত প্ৰচেষ্টাত এই বান সাহায্য ‎অভিযান সফলভাৱে সম্পন্ন হোৱা বুলি উল্লেখ কৰি, আগন্তুক দিনতো যিকোনো দুৰ্যোগৰ সময়ত সমাজৰ কাষত ‎থকাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd