• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“সৰু সৰু ভূমিকম্প সঘনাই অহাটো আমাৰ বাবে মংগলজনক” : বিশিষ্ট ভূতত্ববিদ ড° মানিক কৰ

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
April 30, 2021 6:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৮ এপ্ৰিল তাৰিখে এক দীঘলীয়া বিৰতিৰ পাছত হঠাৎ পুৱা ৭-৫২ মিনিটত ৬.৭ প্ৰাবল্যৰ এক ভয়াৱহ ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ অসমৰ লগতে অসমৰ লগতে সীমামূৰীয়া ৰাজ্যকেইখনক।

তেজপুৰৰ ঢেকীয়াজুলিত অভিকেন্দ্ৰ হিচাপে চিহ্নিত হোৱা এই ভূমিকম্পই যথেষ্ট ক্ষতি কৰিছিল তেজপুৰ, নগাঁও, গুৱাহাটীকে আদি কৰি কেইবাখনো জিলাক।

Apply Now

২৮ এপ্ৰিলৰ এই ভূমিকম্পৰ পৰৱৰ্তী সময়খিনিত ধাৰাবাহিকভাবে ৪৮ ঘন্টালৈকে প্ৰায় ১৫ টাৰো সৰু সৰু ভূমিকম্প আহি আছিল।

যাৰ বাবে পুনৰ এক ভয়াবহ ভূমিকম্প অহাৰ আশংকাত উজাগৰী নিশা পাৰ কৰিছিল অসমৰ ৰাইজে।

হৈ যোৱা এই ভূমিকম্পৰ সম্পৰ্কে তথা পৰৱৰ্তী সময়ত অহা সৰু সৰু ভূমিকম্পসমূহৰ ফলাফল আৰু ভূমিকম্পৰ ফলত পানী ওলাই অহাৰ সম্পৰ্কে কিছু কথা জানিবলৈ লগ ধৰিছিলো বিশিষ্ট ভূতত্ববিদ তথা গৱেষক ড° মানিক কৰক।

বিশিষ্ট ভূতত্ববিদ তথা গৱেষকগৰাকীয়ে এই সম্পৰ্কে তেখেতৰ বাখ্যা দাঙি ধৰে এইদৰে- ”যোৱা ২৮ এপ্ৰিল পুৱা ৭-৫২ মিনিটত যিটো ভূমিকম্প হল তাৰ অভিকেন্দ্ৰ আছিল আমাৰ তেজপুৰ অঞ্চল। এই ভূমিকম্প তেজপুৰৰ ২৬ ডিগ্ৰী, ২৬.৪ডিগ্ৰী, ৯২.৭ডিগ্ৰীৰ ভিতৰত আছিল আৰু এই নিদিষ্ট বৃহৎ অঞ্চলটো যেতিয়া অধ্যয়ন কৰা হয় তেতিয়া দেখা যাব যে এই সমূহত অতীতত যঠেষ্ট পৰিমাণে ভূমিকম্প হৈছিল আৰু আমি জানি থোৱাটো ভাল যে এই অঞ্চলটোত যিধৰণে লিমিয়ামেন্ট আছে আৰু জিঅ’-মছলজিকেলী এই অঞ্চলসমূহ সাংঘাতিক ধৰণে ভূকম্পনপ্ৰবল আৰু ইয়াত ভূমিকম্প হৈয়ে থাকে।”

তেখেতে লগতে কয়- ”যোৱা ২৮ এপ্ৰিলৰ ভূমিকম্পত মানুহ যথেষ্ট আতংকিত আৰু ভীতিগ্ৰস্ত হৈছে, এই প্ৰসংগত মই প্ৰথমেই কব বিচাৰো তেনেকৈ আতংকিত হব লগা বিশেষ একো নাই । আমাৰ ইয়াত সংঘটিত হোৱা অতীতৰ ভূমিকম্পসমূহ অধ্যয়ন কৰিলে আমি বুজিব পাৰিম যে পাঁচ প্ৰাবল্যৰ ওপৰৰ আৰু সাত প্ৰাবল্যৰ তলৰ অজস্ৰ ভূমিকম্প ইয়াত হৈয়ে আছে। গতিকে আমাৰ ইয়াত সংঘটিত হোৱা ২৮ এপ্ৰিলৰ দৰে ভূমিকম্প প্ৰথমেই যে হৈছে তেনেকুৱা নহয়। মাটি ফাটি পানী ওলোৱা বা অট্টালিকাসমূহৰ ফাট মেলাৰ সম্পৰ্কে তেখেতে কয় এয়া তেনেই এক স্বাভাৱিক প্ৰক্ৰিয়া। বিশিষ্ট ভূ তত্ববিদ ভূমিকম্প বিশেষজ্ঞ অল্ড ধামে ১৯৮৭ চনৰ ভূমিকম্পৰ সম্পৰ্কত কৈছিল যে অসম অত্যাধিক ভূমিকম্পপ্ৰৱণ অঞ্চল আৰু ইয়াত ঘৰ সজোৱাৰ নস্কা অসম আৰ্হিৰ হব লাগে। মই যদি সহজ ভাষাৰে কব বিচাৰো সেয়া হৈছে আমাৰ ইয়াতে উপলদ্ধ কাঠ বাঁহেৰে কম ওজনৰ ঘৰ সাজিব লাগে । ইয়াত বেছি হেভী অট্টালিকা সদায়ে বিপদজনক । কাৰণ অত্যন্ত কম্পমান ঠাই এইখন , তাতে আকৌ ভূ গৰ্ভৰ অতি কম দূৰত্বত ইয়াত পানী আছে আৰু বেছিভাগ অঞ্চলৰে মাতি বালি চহীয়া । তাৰ বাবেই আজি নিশ্চিত ভাৱে আমি ক্ষয়-ক্ষতিৰ পৰিমাণটো বেছিকৈ দেখিছো।”

২৮ এপ্ৰিলৰ ভূমিকম্পৰ পাছত সঘনে ধাৰাবাহিক ভাবে বহু কেইটা ভূমিকম্প অহাৰ প্ৰসংগত তেখেতৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেখেতে কয়- ”ইয়াক বিজ্ঞানৰ ভাষাত ‘আফটাৰ এফেক্ট’ বুলি কোৱা হয় । এটা ভূমিকম্প হোৱা মানে সেই নিদিষ্ট অঞ্চলৰ ভূ গৰ্ভত পূৰ্বৰে পৰা জমা হৈ থকা যথেষ্ট এনাৰ্জি বা শক্তি ৰিলিজ হৈ যায়। পৰৱৰ্তী সময়ত সেই শক্তিখিনি ওলাই যোৱাৰ পাছত সেই ঠাইৰ মাতি ক্ৰমান্বয়ে বহিবলৈ আৰম্ভ কৰে। এই বহিবলৈ আৰম্ভ কৰা প্ৰক্ৰিয়াটোৰ বাবে যি হেঁচা বা চাপৰ সৃষ্টি হয় তাৰ ফলতেই পানী ওলাই আহে আৰু অতি ঘনাই চেটিং,  ৰি-চেটিং আৰু এডজাষ্টমেন্ট হোৱাৰ বাবেই সৰু সৰু কিছু কম্পন সৃষ্টি হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি ক’ব পাৰি । তেতিয়া ভয় খাব নেলাগে।”

তেখেতে লগতে কয়- ”এই প্ৰসংগত মই যদি ১৮৯৭ চনৰ ভূমিকম্পৰ কথা কওঁ, সেই ভূমিকম্পটো অতি ভয়ংকৰ ভূমিকম্প আছিল। তাৰ সবিশেষ তথ্য মোৰ হাতত আছে। ৮.৭ প্ৰাবল্যৰ আছিল সেই ভূমিকম্প। অল্ড ধামে সেই ভূমিকম্প সম্পৰ্কে অধ্যয়ন কৰিবলৈ আহিছিল আমাৰ ইয়ালৈ। এটা কথা নিশ্চিত ভাবে ক’ব পাৰি যে তেওঁ দিয়া পৰামৰ্শ নমনাৰ বাবেই এতিয়া বেছি ক্ষতিগ্ৰস্ত হৈছে মানুহ। চহৰটো বাদেই এতিয়া গ্ৰাম্যাঞ্চলতো অ প্ৰয়োজনীয় ভাবে বৃদ্ধি পাবলৈ ধৰিছে অট্টালিকা।”

বিশিষ্ট গৱেষক গৰাকীয়ে আৰু কয়- ”আমাৰ এই অঞ্চলটো গণ্ডৱানা-২ ইউৰেছীয়াৰ লগত সঘনে কলিচন কৰি আছে, ইফালে পশ্চিমত পাকিস্তান, পূবত ম্যানমাৰ উত্তৰে হিমালয়ান বৰ্ডাৰ ,তিবেত, নেপাল, চীন আদি ৰাষ্ট্ৰসমূহৰ ওপৰত থকা আমাৰ সীমাৰেখাসমূহত যথেষ্ট পৰিমাণে লিমিয়ামেন্ট আছে আনকি ব্ৰহ্মপুত্ৰ উপত্যকাতেই ফল্ট লাইন আছে যথেষ্ট। সেয়ে এই অঞ্চলসমূহত অবিৰতভাবে মাতিৰ এডজাষ্টমেন্ট হৈ থকাৰ বাবে প্ৰায়ে ভূমিকম্পৰ সৃষ্টি হয়। এয়া সম্পূৰ্ণ প্ৰাকৃতিক পৰিঘটনা। ইয়াক মানুহে নোহোৱা কৰিব নোৱাৰে।”

গৱেষকগৰাকীয়ে জনোৱা মতে আমাৰ ইয়াত প্ৰতি দিনেই ২০ ৰ পৰা ২৬ টা ২.৫ প্ৰাবল্যৰ তলৰ ভূমিকম্প হৈয়ে থাকে । কিন্ত হিউমেন নাৰ্ভে সেই ভূমিকম্প সমূহক অনুভৱ কৰিব নোৱাৰে । অল্ড ধামে নিজেই কৈছিল ভূমিকম্পত মানুহ নমৰে । মানুহ বা অনান্য জীৱ জন্তুৰ মৃত্যু হয় মানুহে নিজেই কৰা বহু ভূল নিৰ্মাণ শৈলীৰ বাবেহে ।

এই সাক্ষাৎকাৰত ভূতত্ববিদ গৰাকীয়ে ইয়াকো কৈছিল কেনেকৈ এটা ভয়াবহ আহিব পাৰে ।

তেওঁ কোৱা মতে ৪ বা ৫ প্ৰাবল্যৰ এটা ভূমিকম্পৰ পাছত যদি দ্বিতীয়টোত তাৰ শক্তি কিছু বৃদ্ধি পাই গৈ থাকে তেতিয়া সকলো সাৱধান হোৱাটো অতি জৰুৰী । কিন্ত প্ৰথমৰ ভূমিকম্পটোতকৈ পাছৰ ভূমিকম্পসমূহৰ প্ৰাবল্য কমি গৈ ঘনাই আহি থাকিলে বৃহৎ ভূমিকম্প এটাৰ আশংকা বহু খিনি কমি যায় ।

সেয়ে সৰু সৰু ভূমিকম্পসমূহ আহি থকাটো মানুহ তথা জীৱকুলৰ বাবে মংগলজনক বুলিহে ব্যক্ত কৰে বিশিষ্ট গৱেষক গৰাকীয়ে।

তেওঁ কয় যে মানুহে নিজৰ প্ৰকৃত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰখি পৰিবেশ পৰিস্থিতিৰ অনুকূলে নিৰ্মাণ কাৰ্য কৰিব লাগে বুলি মন্তব্য কৰে ।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd