• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

যদিহে ই নিৰ্বাচনত জয়ী হয় তেন্তে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ জাৰ্মানীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো কট্টৰ সোঁপন্থী দল এককভাৱে ৰাজ্য চৰকাৰৰ ক্ষমতাত বহিব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2026 1:54 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূব জাৰ্মানীৰ চেক্সন-আনহাল্ট ৰাজ্যত আগন্তুক সংসদীয় নিৰ্বাচনে সমগ্ৰ দেশতে চৰম ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে। শেহতীয়া জনমত সমীক্ষাত স্পষ্ট ব্যৱধানত আগবাঢ়ি থকা কট্টৰ সোঁপন্থী অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড (AfD)য়ে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা প্ৰকাশ কৰিছে।

যদিহে ই নিৰ্বাচনত জয়ী হয় তেন্তে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ জাৰ্মানীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো কট্টৰ সোঁপন্থী দল এককভাৱে ৰাজ্য চৰকাৰৰ ক্ষমতাত বহিব।

Apply Now

ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি এফডিৰ ৩৫ বছৰীয়া শীৰ্ষ প্ৰাৰ্থী উলৰিখ চিগমুণ্ডৰ নেতৃত্বত গঠিত দলটোৱে নিজৰ নীতিত আমূল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছে।

প্ৰতিবেদনত কোৱা হৈছে যে দলটোৰ নিৰ্বাচনী ইস্তাহাৰত বিদ্যালয়ত এলজিবিটি পতাকা নিষিদ্ধ কৰা, নাজী অপৰাধৰ পৰিৱৰ্তে জাৰ্মান ইতিহাসৰ ইতিবাচক দিশ শিকোৱা, আৰু অনিয়মিত তথা ভিন্ন সংস্কৃতিৰ অনুপ্ৰৱেশকাৰীক দ্ৰুতগতিত আটক কৰি বিতাড়িত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

ছিগমুণ্ডে স্পষ্ট কৰি দিয়ে যে যদি আন কোনো দলে মিত্ৰজোঁট গঠন নকৰে তেন্তে তেওঁলোকে অকলে চৰকাৰ চলাব আৰু প্ৰয়োজন হ’লে তেওঁলোকৰ ওপৰত দৃষ্টি ৰখা আভ্যন্তৰীণ চোৰাংচোৱা সংস্থা বিলুপ্ত কৰিব।

উচ্চ মুদ্ৰাস্ফীতি, অৰ্থনৈতিক মন্দাৱস্থা আৰু অনিয়ন্ত্ৰিত অনুপ্ৰৱেশক লৈ জনসাধাৰণৰ ক্ষোভে মূলসুঁতিৰ দলসমূহৰ ওপৰত আস্থা হ্ৰাস কৰিছে। ইয়াৰ প্ৰত্যক্ষ নেতিবাচক প্ৰভাৱ পৰিছে জাৰ্মানীৰ চিডিইউৰ ৰক্ষণশীল চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জৰ ওপৰত।

উলৰিচ চিগমুণ্ডেৰ জনপ্ৰিয়তা আকাশলংঘী হোৱাৰ লগে লগে চ্যান্সেলৰ মেৰ্জৰ ওপৰত তীব্ৰ ৰাজনৈতিক চাপ পৰিছে। আন দলসমূহে এ এফ ডিক বাধা দিবলৈ “ফায়াৰৱাল” বা মিত্ৰজোঁট নীতি বজাই ৰাখিলেও এ এফ ডিয়ে একক নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে সেই বাধা ভাঙি পেলোৱাৰ আশা কৰিছে।

এ এফ ডিৰ শীৰ্ষ নেতৃত্বৰ ৰাছিয়া পন্থী স্থিতিয়ে জাৰ্মানীৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিশ্লেষকসকলক উদ্বিগ্ন কৰি তুলিছে। চেক্সন-আনহাল্টত থকা দলটোৰ মুখ্য কাৰ্যালয়ত ৰাছিয়াৰ সামৰিক প্ৰতীক স্থাপনৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ বাৰ্লিন-লাইপজিগ বিমানবন্দৰত ড্ৰ’ন আক্ৰমণলৈকে মস্কোৰ জড়িত থকাৰ অভিযোগৰ পিছতে দেশখনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। জাৰ্মান চোৰাংচোৱা সংস্থাসমূহে সকীয়াই দিছে যে নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ ৰাছিয়াৰ সমৰ্থিত ভুল তথ্য প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে।

যদিও চেক্সন-আনহাল্ট এখন সৰু ৰাজ্য, তথাপিও ৰাজ্য চৰকাৰখনৰ শিক্ষা, আৰক্ষী আৰু আঞ্চলিক আইন প্ৰয়োগৰ ক্ষেত্ৰত বিস্তৃত সাৰ্বভৌম ক্ষমতা আছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ইয়াত এ এফ ডিৰ জয় কেৱল আঞ্চলিক পৰিৱৰ্তনেই নহয়, ই জাৰ্মানী আৰু ইউৰোপীয় ৰাজনীতিৰ সমগ্ৰ ছবিখনেই সলনি কৰি দিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd