DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
January 14, 2019 2:54 pm
1
1.5k
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই ২ বছৰৰ ৰাজনৈতিক বনবাসৰ পাছত পুনৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰিছে। ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়চোৱাত তেওঁ দলৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ অভিযোগত তেওঁক বহিষ্কাৰ কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

উল্লেখ যোগ্য যে ২০১১ত পৰাস্ত হোৱাৰ পাছত ২০১৬ৰ নিৰ্বাচনত বুঢ়াগোহাঁইক দলীয় টিকট দিয়া হোৱা নাছিল। ২০০৬ৰ পৰা ২০১১ চনলৈকে বুঢ়াগোহাঁই ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল। অৱশ্যে ২০১৯ৰ ২৯ ডিচেম্বৰত গুৱাহাটীৰ ৰাজীৱ ভৱনত তেওঁক পুনৰ কংগ্ৰেছত অন্তৰ্ভুক্ত কৰা হয়। তেওঁক কংগ্ৰেছত পুনৰ অন্তৰ্ভুক্ত কৰাৰ সময়ত এপিচিচিৰ সভাপতি ৰিপুন বৰা, অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা  বিষ্ণু প্ৰসাদ আৰু প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী উপস্থিত আছিল।

দলীয় কৰ্মী আৰু সমৰ্থকসকলে বুঢ়াগোহাঁইক বিপুল হৰ্ষধ্বনিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। যোৱা কালি দেওবাৰে তেওঁক সম্বৰ্ধনা জনোৱাৰ বাবে ৰঙানদী দলঙৰ পৰা উত্তৰ লখিমপুৰৰ ৰাজীৱ ভৱনলৈকে এটা সুদীৰ্ঘ মটৰচাইকেল সমদল বাহিৰ কৰা হয়।

৩ বছৰ নিলম্বিত হৈ থকাৰ পাছত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকীৰ কংগ্ৰেছত পুনৰ যোগদান কৰাক লৈ আনন্দত আত্নহাৰা হৈ পৰিছে তেওঁৰ সমৰ্থকসকল।

তাৰ পূৰ্বে তেওঁ যোৱা ৮ জানুৱাৰিত অসম কংগ্ৰেছৰ দলীয় ভাৰপ্ৰাপ্ত বিষয়া হৰিশ ৰাৱতক সাক্ষাৎ কৰে। বুঢ়াগোহাঁইৰ শ শ সমৰ্থকে বিপুল হৰ্ষধ্বনিৰে ঘন বুঢ়াগোহাঁই, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু এপিচিচিৰ সভাপতি ৰিপুন বৰাৰ সমৰ্থন শ্লোগান দি বুঢ়াগোহাঁইক ৰাজীৱ ভৱনলৈ আগবঢ়াই লৈ যায়। তাৰ পাছত ৰাজীৱ ভৱনত ঘন বুঢ়াগোহাঁয়ে এখন দলীয় সভাত ভাষণ দিয়ে।

এই সভাতেই তেওঁ কৈছিল যে দলৰ বাৰে নহয়, কেইগৰাকীমান দলীয় নেতাৰ ষড়যন্ত্ৰৰ বাবে তেওঁ দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল আৰু নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধ্য হৈছিল। তেওঁ বৰ্তমানৰ লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিজনৰ বিৰুদ্ধে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ সময়ত দলীয় প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত নগদ ধনৰ লেনদেন কৰা বুলি ৰাজহুৱাকৈ অভিযোগ আনে। উল্লেখ্য যে ঘন বুঢ়াগোহাঁয়ে উত্তৰ লখিমপুৰত উপস্থিত হোৱাৰ সময়ত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিজন উপস্থিত নাছিল।

Recent News

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd