• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
January 14, 2019 2:54 pm
1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই ২ বছৰৰ ৰাজনৈতিক বনবাসৰ পাছত পুনৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰিছে। ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়চোৱাত তেওঁ দলৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ অভিযোগত তেওঁক বহিষ্কাৰ কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

উল্লেখ যোগ্য যে ২০১১ত পৰাস্ত হোৱাৰ পাছত ২০১৬ৰ নিৰ্বাচনত বুঢ়াগোহাঁইক দলীয় টিকট দিয়া হোৱা নাছিল। ২০০৬ৰ পৰা ২০১১ চনলৈকে বুঢ়াগোহাঁই ১১১ নং লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল। অৱশ্যে ২০১৯ৰ ২৯ ডিচেম্বৰত গুৱাহাটীৰ ৰাজীৱ ভৱনত তেওঁক পুনৰ কংগ্ৰেছত অন্তৰ্ভুক্ত কৰা হয়। তেওঁক কংগ্ৰেছত পুনৰ অন্তৰ্ভুক্ত কৰাৰ সময়ত এপিচিচিৰ সভাপতি ৰিপুন বৰা, অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা  বিষ্ণু প্ৰসাদ আৰু প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী উপস্থিত আছিল।

Apply Now

দলীয় কৰ্মী আৰু সমৰ্থকসকলে বুঢ়াগোহাঁইক বিপুল হৰ্ষধ্বনিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। যোৱা কালি দেওবাৰে তেওঁক সম্বৰ্ধনা জনোৱাৰ বাবে ৰঙানদী দলঙৰ পৰা উত্তৰ লখিমপুৰৰ ৰাজীৱ ভৱনলৈকে এটা সুদীৰ্ঘ মটৰচাইকেল সমদল বাহিৰ কৰা হয়।

৩ বছৰ নিলম্বিত হৈ থকাৰ পাছত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকীৰ কংগ্ৰেছত পুনৰ যোগদান কৰাক লৈ আনন্দত আত্নহাৰা হৈ পৰিছে তেওঁৰ সমৰ্থকসকল।

তাৰ পূৰ্বে তেওঁ যোৱা ৮ জানুৱাৰিত অসম কংগ্ৰেছৰ দলীয় ভাৰপ্ৰাপ্ত বিষয়া হৰিশ ৰাৱতক সাক্ষাৎ কৰে। বুঢ়াগোহাঁইৰ শ শ সমৰ্থকে বিপুল হৰ্ষধ্বনিৰে ঘন বুঢ়াগোহাঁই, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু এপিচিচিৰ সভাপতি ৰিপুন বৰাৰ সমৰ্থন শ্লোগান দি বুঢ়াগোহাঁইক ৰাজীৱ ভৱনলৈ আগবঢ়াই লৈ যায়। তাৰ পাছত ৰাজীৱ ভৱনত ঘন বুঢ়াগোহাঁয়ে এখন দলীয় সভাত ভাষণ দিয়ে।

এই সভাতেই তেওঁ কৈছিল যে দলৰ বাৰে নহয়, কেইগৰাকীমান দলীয় নেতাৰ ষড়যন্ত্ৰৰ বাবে তেওঁ দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল আৰু নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধ্য হৈছিল। তেওঁ বৰ্তমানৰ লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিজনৰ বিৰুদ্ধে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ সময়ত দলীয় প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত নগদ ধনৰ লেনদেন কৰা বুলি ৰাজহুৱাকৈ অভিযোগ আনে। উল্লেখ্য যে ঘন বুঢ়াগোহাঁয়ে উত্তৰ লখিমপুৰত উপস্থিত হোৱাৰ সময়ত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিজন উপস্থিত নাছিল।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd